লক্ষ্মী সেহগল বা লক্ষ্মী ছেহগল (Lakshmi Sahgal,) (জন্মতে লক্ষ্মী স্বামীনাথন, ২৪ অক্টোবৰ ১৯১৪-২৩ জুলাই ২০১২) আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বিপ্লৱী, ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ বিষয়া আৰু আজাদ হিন্দ চৰকাৰৰ নাৰী পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী। লক্ষ্মী সেহগলক সাধাৰণতে কেপ্টেইন লক্ষ্মী বুলি কোৱা হয়, কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেখেতেক সেইটো পদবীতে এগৰাকী বন্দী হিচাপে বাৰ্মালৈ লৈ যোৱা হৈছিল।
প্ৰাৰম্ভিক জীৱন
লক্ষ্মী সেহগলৰ জন্ম হৈছিল চেন্নাইত, ১৯১৪ চনৰ ২৪ অক্টোবৰ তাৰিখে। জন্মতে তেখেতৰ নাম আছিল লক্ষ্মী স্বামীনাথন।১ তেখেতৰ পিতৃৰ নাম আছিল এছ. স্বামীনাথন। তেখেত আছিল এগৰাকী অধিবক্তা। মাদ্ৰাছ উচ্চ ন্যায়ালয়ত তেখেতে অপৰাধ আইনৰ অনুশীলন কৰিছিল। আনহাতে মাতৃ আছিল এ.ভি. আম্মুকুট্টি। যি অম্মু স্বামীনাথন হিচাপে পৰিচিত। অম্মু স্বামীনাথন আছিল সম্ভ্ৰান্ত নায়াৰ পৰিয়ালৰ (যি ভাড়াকাথ হিচাপে জনাজাত) এগৰাকী সমাজকৰ্মী। তেওঁলোকৰ পৰিয়ালটো ব্ৰিটিছ ভাৰত মালাবাৰ জিলাৰ পন্নানি টালুকৰ অন্তৰ্গত।১ লক্ষ্মী সেহগলৰ জ্যেষ্ঠ ভগ্নী হৈছে মৃণালিনী সাৰাভাই।২৩
লক্ষ্মী সেহগলে চেন্নাই কুইনছ মেৰি কলেজত প্ৰথমে পঢ়া-শুনা কৰে।১৪পৰৱৰ্তী সময়ত তেখেতে চিকিৎসাশাস্ত্ৰক নিজৰ অধ্যয়ন হিচাপে বাছনি কৰে আৰু মাদ্ৰাছ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ১৯৩৮ চনত এমবিবিএছ ডিগ্ৰী অৰ্জন কৰে। এবছৰৰ পাছত, তেখেতে স্ত্ৰীৰোগবিদ্যা আৰু প্ৰসূতিবিদ্যাত ডিপ্ল'মা লাভ কৰে।৫ চেন্নাইস্থিত ট্ৰিপলিকেটত থকা কস্তুৰবা গান্ধী চৰকাৰী চিকিৎসালয়ত তেখেত এগৰাকী চিকিৎসক হিচাপে কৰ্মত নিয়োজিত হয়।১
জীৱনসংগী পায়লট পি.কে.এন. ৰাওৰ লগত আৰম্ভ কৰা বৈবাহিক জীৱন ব্যৰ্থ প্ৰতিপন্ন হোৱাত ১৯৪০ চনত লক্ষ্মী সেহগল ছিংগাপুৰ অভিমুখে গমন কৰে।১ছিংগাপুৰত থকা কালছোৱাত তেখেতে সুভাষ চন্দ্ৰ বসুৰ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ একাংশ সদস্যক লগ পায়।১
আজাদ হিন্দ ফৌজ
১৯৪২ চনত ব্ৰিটিছে ছিংগাপুৰক জাপানৰ ওচৰত সমৰ্পণ কৰে। লক্ষ্মীয়ে সেইসময়ত আঘাতপ্ৰাপ্ত বন্দীসকলৰ চিকিৎসা কৰে। সেইসকলৰ মাজৰে একাংশই স্বাধীন ভাৰতীয় সেনা গঠনৰ পোষকতা কৰে। সেইছোৱা সময়ত ছিংগাপুৰত কেইবাগৰাকীও ৰাষ্ট্ৰীয়তাবাদী ভাৰতীয় আছিল। তাৰে ভিতৰত কে.পি. কেশৱ মেনন, এচ.চি. গুহ., আৰু এন. ৰাঘৱনে এখন কাৰ্যকৰী পৰিষদ গঠন কৰিলে। তেওঁলোকৰ ভাৰতীয় ৰাষ্ট্ৰীয় সেনা অথবা "আজাদ হিন্দ ফৌজ"-এ অৱশ্যে যুদ্ধত অংশগ্ৰহণ কৰা-নকৰাৰ বিষয়ক লৈ জাপানী সৈন্যৰ পৰা কোনোধৰণৰ শক্তিশালী সংকেত লাভ নকৰিলে।৬
১৯৪৩ চনৰ ২ জুলাই তাৰিখে সুভাস চন্দ্ৰ বসু ছিংগাপুৰত উপস্থিত হয়। সুভাস চন্দ্ৰ বসুৱে নিজৰ সংগঠনটোত নাৰী সমাজৰ অন্তৰ্ভুক্তি কামনা কৰাৰ খবৰটো লক্ষ্মীয়ে জানিব পাৰি তেখেতে বসুৰ লগত এখন আলোচনাত মিলিত হয়। আৰু এইটো আলোচনাৰ পৰাই "ঝান্সী ৰাণী ৰেজিমেণ্ট"-এ জন্মলাভ কৰে। নাৰীসমাজে এই বিভাগটোত বৰ উৎসাহেৰে যোগদান কৰিলে আৰু লক্ষ্মী সেহগলে কেপ্টেইন লক্ষ্মী হিচাপে পৰিচিত হ'ল। সেইটো নামেৰেই তেখেত আজীৱন জনাজাত হৈ থাকিল৬
১৯৪৪ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাই জাপানী সৈন্যৰ লগত বাৰ্মা অভিমুখে সমদল কৰে। কিন্তু ১৯৪৫ চনৰ মাৰ্চ মাহ পৰ্যন্ত যুদ্ধৰ পটভূমি প্ৰতিকূলে যোৱাত ভাৰতীয় সেনাৰ নেতৃবৰ্গই ইম্ফলত প্ৰৱেশ কৰাৰ আগতে এটা পশ্চাদপসৰণ পৰাস্ত কৰাৰ সিদ্ধান্ত লয়। ১৯৪৫ চনৰ মে' মাহত ব্ৰিটিছ সৈন্যৰ দ্বাৰা কেপ্টেইন লক্ষ্মীক গ্ৰেপ্তাৰ কৰা হয়। ১৯৪৬ চনৰ মাৰ্চ মাহ পৰ্যন্ত তেখেত বাৰ্মাতে থাকে। তাৰপাছত তেখেতক ভাৰতলৈ প্ৰেৰণ কৰা হয়। তেতিয়া দিল্লীত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাই ঔপনিৱেশিক শাসন-ব্যৱস্থা অন্ত পেলাবলৈ জোৰদাৰ তৎপৰতা প্ৰদৰ্শন কৰি আছিল।৬
পৰৱৰ্তী জীৱন
১৯৭১ চনত লক্ষ্মী সেহগলে ভাৰতীয় কমিউনিষ্ট পাৰ্টীত যোগদান কৰে আৰু ৰাজ্যসভাত দলক প্ৰতিনিধিত্ব কৰে। বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত তেখেতে সাহায্য শিবিৰ কিছুমান গঠন কৰে আৰু বাংলাদেশৰ পৰা ভাৰতলৈ অহা শৰণাৰ্থীসকলক চিকিৎসাসেৱা প্ৰদান কৰে। ১৯৮১ চনত প্ৰতিষ্ঠিত হোৱা সৰ্বভাৰতীয় মহিলা গণতান্ত্ৰিক সংঘৰ তেখেত এগৰাকী প্ৰতিষ্ঠাপক সদস্যা আছিল। তেখেতে একাধিক অভিযান আৰু কাৰ্যাৱলীৰ গুৰি ধৰিছিল।৭ ১৯৮৪ চনৰ ভূপাল গেছ ট্ৰেজেদীৰ সময়ত তেখেতে ভূপাললৈ এটা চিকিৎসকৰ দল লৈ গৈছিল। ১৯৮৪ চনতে কাণপুৰত হোৱা শিখবিৰোধী সংঘৰ্ষৰ পাছত শান্তিৰ পুনৰ্প্ৰতিষ্ঠাত তেখেতে আগভাগ লয়। বিশ্বসুন্দৰী প্ৰতিযোগিতাৰ বিৰোধসূচক এক আন্দোলনত অংশগ্ৰহণ কৰি ১৯৯৬ চনত বাংগালোৰত তেখেত গ্ৰেপ্তাৰ হয়।৬ বিৰানবৈ বছৰ বয়সতো (২০০৬ চনত) লক্ষ্মী সেহগলে কাণপুৰৰ ক্লিনিকত চিকিৎসাসেৱা অব্যাহত ৰাখিছিল।৬
২০০২ চনত ভাৰতৰ চাৰিটা বাঁওপন্থী দল যথাক্ৰমে চিপিআই, চিপিআই (এম), বিপ্লৱী সমাজবাদী দল(ভাৰত), আৰু সৰ্বভাৰতীয় অগ্ৰগামী গোটে লক্ষ্মী ছেহগেলক ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনীত কৰে। তেখেতৰ প্ৰতিদ্বন্দ্বী আছিল এ পি জে আব্দুল কালাম। নিৰ্বাচনটোত আব্দুল কালামে জয় সাব্যস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।৮
ব্যক্তিগত জীৱন
১৯৪৭ চনৰ মাৰ্চ মাহত, লাহোৰত প্ৰেম ছেহগলৰ লগত লক্ষ্মী স্বামীনাথন দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ পাছত তেওঁলোকে কাণপুৰত থিতাপি লয়। কাণপুৰত লক্ষ্মী সেহগলে নিজৰ চিকিৎসাবৃত্তি জাৰী ৰাখে আৰু ভাৰতীয় বিভাজনৰ সময়ত বহু শৰণাৰ্থীৰ পৰিচৰ্যা কৰে। দম্পতীটোৰ সুভাষিনী আলী আৰু এনিশা পুৰী নামৰ দুগৰাকী কন্যা সন্তান আছে।
সুভাষিনী আলী এগৰাকী স্বনামধন্য কমিউনিষ্ট ৰাজনীতিবিদ আৰু সক্ৰিয় শ্ৰম-কৰ্মী। আলীৰ মতে, লক্ষ্মী এগৰাকী নাস্তিক। চলচ্চিত্ৰ নিৰ্মাতা শ্বাদ আলী হৈছে লক্ষ্মী সেহগলৰ নাতি।৯
পুৰস্কাৰ
- ১৯৯৮ চনত ছেহগলক ভাৰতৰ ৰাষ্ট্ৰপতি কে.আৰ. নাৰায়ণনে পদ্মবিভূষণৰে সন্মানীত কৰে।১০
- ২০১০ চনত লক্ষ্মী সেহগলক কলিকতা বিশ্ববিদ্যালয়ে সন্মানীয় ডক্তৰেট ডিগ্ৰী প্ৰদান কৰে।১১
মৃত্যু
২০১২ চনৰ ১৯ জুলাই তাৰিখে, কাণপুৰত দিনৰ ১১ বাজি ২০ মিনিটত হৃদৰোগৰ ক্ৰিয়া বন্ধ হৈ লক্ষ্মী সেহগলৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৭ বছৰ।১২১৩ তেখেতৰ শৰীৰটো চিকিৎসা-সম্বন্ধীয় গৱেষণাৰ বাবে গণেশ শংকৰ বিদ্যাৰ্থী স্মাৰক চিকিৎসা মহাবিদ্যালয়লৈ দান কৰা হয়।১৪
বাহ্যিক সংযোগ
- Lakshmi Sehgal: A life of struggle and sacrifice - by Sambhavika Sharma
- Rediff interview 2002
- The Pioneers: The Pioneers: Dr. Lakshmi Sehgal
- Indian Express Interview: Despite differences, India is one: Captain Laxmi Sehgal
- Freedom fighter Captain Lakshmi Sahgal dies, NDTV
- Captain Lakshmi, The Economist, 4 August 2012
তথ্যসূত্ৰ
- ↑ Kolappan, B. (24 July 2012). A fulfilling journey that began in Madras. দ্য হিন্দু
- ↑ (11 May 2018). The legacy of Mrinalini Sarabhai’s family. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Menon, Parvathi. (23 July 2012). Captain Lakshmi Sahgal (1914 - 2012) - A life of struggle. The Hindu
- ↑ Asha Krishnakumar. (2003). The end of a women's college?. Frontline
- ↑ (23 July 2012). Capt Lakshmi Sehgal, chief of INA women’s regiment, passes away at 97. The Telegraph
- ↑ Menon, Parvathi. (23 July 2012). Captain Lakshmi Sahgal (1914 - 2012) - A life of struggle. The Hindu
- ↑ (24 January 2013). Lakshmi Sehgal. Tamilnadu.com
- ↑ (23 July 2012). Freedom fighter Captain Lakshmi Sehgal dead. Deccan Chronicle
- ↑ Freedom fighter Captain Lakshmi Sehgal passes away. The Times Of India
- ↑ (23 July 2012). Lakshmi Sahgal (1914-2012). The Hindu
- ↑ (2010-12-02). Mammootty Conferred D.Litt by Calicut University. Outlook India
- ↑ (23 July 2012). Captain Lakshmi Sahgal passes away. The Times Of India
- ↑ PTI. (23 July 2012). Exemplary life: Capt Lakshmi Sehgal met patients till the end. The Hindu
- ↑ TAPAS CHAKRABORTY. (24 July 2012). Lakshmi Sehgal no more. Telegraphindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মী সেহগল” প্ৰবন্ধৰ সংশোধন ৬৪০১৯৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।