চন্দ্ৰমুখী বসু (১৮৬০-১৯৪৪) এগৰাকী ভাৰতীয় শিক্ষাবিদ। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা মহিলা। ১৮৬০ চনত ইউনাইটেড প্ৰভিনছ অফ আগ্ৰা এণ্ড অৱধৰ এক বঙালী-খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰা চন্দ্ৰমুখী বসু ১৮৮২ চনত কাদম্বিনী গাংগুলীৰ সৈতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা উত্তীৰ্ণ হয়। তেওঁলোকৰ ডিগ্ৰী ১৮৮৩ চনৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত প্ৰদান কৰা হৈছিল। তাৰপিছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰায়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু বেথুন কলেজৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়। তেওঁ ব্ৰিটিছ সম্ৰাজ্যেৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰথম গৰাকী মহিলা আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰথম মহিলা অধ্যক্ষ।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৮৬০ চনত ব্ৰিটিছ ভাৰতৰ ইউনাইটেড প্ৰভিনছ অফ আগ্ৰা এণ্ড অৱধৰ এক বঙালী-খ্ৰীষ্টান পৰিয়ালত চন্দ্ৰমুখী বসুয়ে জন্মগ্ৰহণ। তেওঁৰ পিতৃ আছিল ভুৱন মোহন বসু। ১৮৮০ চনত তেওঁ ডেহৰাডুনৰ এক স্থানীয় খ্ৰীষ্টান বিদ্যালয়ৰ পৰা ফাৰ্ষ্ট আৰ্টছ পৰীক্ষা উত্তীৰ্ণ হয়।১ সেই সময়ত একমাত্ৰ মহিলাৰ বাবে উচ্চশিক্ষাৰ প্ৰতিষ্ঠান আছিল কলিকতাৰ বেথুন কলেজ। তেওঁ তাত নামভৰ্তি কৰিবলৈ বিচাৰিছিল যদিও বেথুন কলেজত অহিন্দু সম্প্ৰদায়ৰ ছোৱালীৰ নামভৰ্তি নিষেধ আছিল। সেয়ে তেওঁ ডাফ কলেজত নামভৰ্তি কৰে।২ ১৮৭৬ চনত বিষয়া সকলৰ লিংগ বৈষম্যৰ বাবে তেওঁক এফ.এ. পৰীক্ষা দিবলৈ বিশেষ অনুমতি লবলগীয়া হৈছিল। সেই বছৰত অকল তেওঁ এই পৰীক্ষাত বহা একমাত্ৰ মহিলা আছিল আৰু তেওঁ এই পৰীক্ষাত প্ৰথম স্থান লাভ কৰে। কিন্তু বিশ্ববিদ্যালয়ে তেওঁৰ ফলাফল প্ৰকাশ কৰিবলৈ কেইবাটাও সভাত বহিবলগীয়া হৈছিল। কাদম্বিনী গাংগুলীৰ আগতেই ১৮৭৬ চনত এণ্ট্ৰেন্স পৰীক্ষা উত্তীৰ্ণ হৈছিল যদিও বিশ্ববিদ্যালয়ে তেওঁক সফল পৰীক্ষাৰ্থী হিচাপে স্বীকৃতি দিবলৈ অমান্তি হৈছিল। ১৮৭৮ চনত বিশ্ববিদ্যালয়ে নিজৰ নীতিৰ সংশোধন কৰে আৰু তেওঁক উচ্চশিক্ষাৰ অনুমতি প্ৰদান কৰে।৩৪ এফ. এ. পাছ কৰাৰ পিছত তেওঁ আৰু কাদম্বিনী গাংগুলী, দুয়ো বেথুন কলেজৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে।১ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৮৮৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ব্ৰিটিছ সম্ৰাজ্য আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ লাভ কৰা প্ৰথম মহিলা।১
কৰ্মজীৱন
চন্দ্ৰমুখী বসুয়ে ১৮৮৬ চনত বেথুন কলেজত প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। সেই সময়ত ই বেথুন স্কুল অংশ আছিল। ১৮৮৮ চনত বেথুন কলেজ আৰু স্কুলৰ পৃথকীকৰণ হয়।১ তাৰ পিছত তেওঁ বেথুন কলেজৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয়। ইয়াৰ লগতে তেওঁ দক্ষিণ এছিয়াৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানৰ প্ৰথম মহিলা অধ্যক্ষ হৈ পৰিল।
১৮৯১ চনত তেওঁ স্বাস্থ্যজনিত কাৰণত বেথুন কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাৰপিছত তেওঁ ডেহৰাডুনত থাকিবলৈ লয়।১
ব্যক্তিগত জীৱন
তেওঁৰ দুগৰাকী ভগ্নী বিধুমুখী আৰু বিন্দুবাসিনী দুয়োগৰাকী বিখ্যাত। বিধুমুখী বসু আৰু ভিৰ্জিনিয়া মেৰী মিত্ৰ ১৮৯০ চনত কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ লগতে দ্বিতীয় ভগ্নী বিন্দুবাসিনীয়ে ১৮৯০ চনত কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৫ তেওঁ পণ্ডিত কেশৰানন্দ মামগেইনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। ১৯৪৪ চনত তেওঁৰ ডেহৰাডুনত মৃত্যু হৈছিল।
বাহ্যিক সংযোগ
- চক্ৰৱৰ্তী, ৰচনা. (২০১২). বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ. এছিয়াটিক ছোচাইটি অফ বাংলাদেশ
- স্কটিছ চাৰ্চ কলেজৰ ইতিহাস
তথ্যসূত্ৰ
- ↑ Sengupta, Subodh Chandra and Bose, Anjali (editors), 1976/1998, Sansad Bangali Charitabhidhan (Biographical dictionary) Vol I, p152
- ↑ Glimpses of college history. www.scottishchurch.ac.in
- ↑ Manna, Mausumi, (2008) Women's Education through Co-Education: the Pioneering College in 175th Year Commemoration Volume. Scottish Church College, page 108
- ↑ Teaching girls to take on an unequal society. The Telegraph, Calcutta. The Telegraph, 2 April 2013
- ↑ Bose, Anjali (editor), Sansad Bangali Charitabhidhan (Biographical dictionary) Vol II, 1996/2004, p215, 219
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰমুখী বসু” প্ৰবন্ধৰ সংশোধন ৫৬০৪৩৮ (৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।