কালপুৰুষ (Kaalpurush; ইংৰাজী নাম:Memories in the Mist) বুদ্ধদেৱ দাসগুপ্ত পৰিচালিত আৰু ৰচিত আৰু ২০০৫ চনত নিৰ্মিত বঙালী ভাষাৰ চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মিথুন চক্ৰৱৰ্তী আৰু ৰাহুল বসুৱে।
টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ ১২০ মিনিটৰ সংস্কৰণটো প্ৰদৰ্শিত হৈছিল। যদিও ছবিখন ২০০৫ চনতে সম্পূৰ্ণ হয়, ভাৰতত মুক্তি পায় ২০০৮ চনতহে।২০০৬ চনত এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু মিথুনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰ বাবে মনোনীত হয়।১২
কাহিনীৰ সাৰাংশ
অজানাক জানিবৰ বাবে অশ্বিনীৰ অনন্ত হেঁপাহ। তেওঁ বিচাৰে খোলা আকাশত উৰিবলৈ। কিন্তু পত্নী পুতুল আৰু পুত্ৰ সুমন্তৰ প্ৰতি থকা প্ৰেমে তেওঁক বান্ধি ৰাখে। দ্বিতীয়বাৰৰ বাবে আভা তেওঁৰ জীৱনলৈ অহাৰ পিছত চৌপাশৰ দেৱাল ভেদি বাহিৰলৈ ওলাই যোৱাৰ তাড়না বাঢ়ি যায়। সম্পৰ্কৰ প্ৰতি থকা তেওঁৰ সততা আৰু তেওঁৰ নিজস্ব বিশ্বাসেও জীৱনৰ ক্ৰৰতাৰ পৰা তেওঁক বচাব নোৱাৰিলে। জীৱনৰ চূডা়ন্ত পাকঘূৰণিত তেওঁ নিজকে অকলশৰীয়া ৰূপত আৱিষ্কাৰ কৰে।
এক অনৈতিক বুজাপৰাত সন্মতি নজনোৱা বাবে সুমন্তই তেওঁৰ কাৰ্যালয়ত পদোন্নতি নাপায়। বাহিৰা মানুহৰ দৃষ্টিত তেওঁ এজন অসফল ব্যক্তি ৰূপে পৰিগণিত হয়। তেওঁ কাৰোবাৰ আগত, কোনোবা এজনৰ আগত, বিশেষকৈ দেউতাকৰ আগত নিজৰ ভাৱনাখিনি ব্যক্ত কৰিব বিচাৰে।২
অভিনয়শিল্পী
- মিথুন চক্ৰৱৰ্তী (পিতৃ)
- ৰাহুল বসু (পুত্ৰ)
- সমীৰা ৰেড্ডী (সুপ্ৰিয়া)
- সুদীপ্ত চক্ৰৱৰ্তী
- লাৱণী সৰকাৰ
- মীনাক্ষী গোস্বামী
- শৰমন মুখাৰ্জী (ৰাহুল বসুৰ সৰুকালৰ ভুমিকাত)
বঁটা
- ২০০৬-৫৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ স্বৰ্ণকমল।২
তথ্যসূত্ৰ
- ↑ 53rd National Film Awards দ্য টাইম্ছ অৱ ইণ্ডিয়া, 7 August 2007
- ↑ 53rd National Film Awards. Directorate of Film Festivals. পৃ. 10–11
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালপুৰুষ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৭৯৯২৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।