তিন কন্যা ( Teen Kanya) ১৯৬১ চনত মুক্তি পোৱা সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় বাংলা চলচ্চিত্ৰ। ছবিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত নিৰ্মিত। শিৰোনামটোৰ অৰ্থ হৈছে "তিনিজনী ছোৱালী" আৰু ছবিখনৰ মূল ভাৰতত মুক্তি পোৱা সংস্কৰণত তিনিটা কাহিনী আছিল।১ কিন্তু আন্তঃৰাষ্ট্ৰীয় মুক্তিৰ সময়ত ছবিখনৰ মাত্ৰ দুটা কাহিনী ৰখা হয়; দ্বিতীয়টো কাহিনী "মনিহাৰা: দ্য লষ্ট জুৱেলছ" আঁতৰাই দিয়া হয়। এই সংস্কৰণটো ১৯৯৭ চনত ভিএইচএছত “টু ডটাৰ্ছ” নামেৰে মুকলি কৰা হয়।২ একাডেমী ফিল্ম আৰ্কাইভে ১৯৯৬ চনত তিন কন্যাৰ আন্তঃৰাষ্ট্ৰীয় সংস্কৰণ সংৰক্ষণ কৰে।৩
বঁটা
৯ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬১)
- শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
১৩তম বাৰ্লিন আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ
- শ্ৰেষ্ঠ ছবিৰ Selznick Golden Laurel
২৫তম বেংগল ফিল্ম জাৰ্ণেলিষ্টচ এছোচিয়েচন এৱাৰ্ড
- শ্ৰেষ্ঠ পৰিচালক আৰু বছৰটোৰ শ্ৰেষ্ঠ ভাৰতীয় ছবি
কাল্ট ক্ৰিটিক মুভী এৱাৰ্ড (২০১৯)৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Pune International Film Festival. www.piffindia.com
- ↑ Teen Kanya (Two Daughters) followed by Monihara (The Lost Jewels). Academy Museum of Motion Pictures - Timeline
- ↑ Preserved Projects. Academy Film Archive
- ↑ Bengali film wins Cult Critic Movie Award - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিন কন্যা” প্ৰবন্ধৰ সংশোধন ৫৭৪৩১৩ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।