অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পৰাণ যায় জ্বলিয়া ৰে

পৰাণ যায় জ্বলিয়া ৰে হৈছে ৰবি কিনাগীৰ দ্বাৰা পৰিচালিত ২০০৮ চনৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমাণ্টিক চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেৱ আৰু শুভশ্ৰী গাংগুলীয়ে। এই ছবিখন ২০০৭ চনৰ হিন্দী ছবি নমস্তে লণ্ডনৰ পুনৰ্নিৰ্মাণ।

হালনাগাদ: ১০ অক্টোবৰ ২০২৪ ৪৩৬ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

পৰাণ যায় জ্বলিয়া ৰে হৈছে ৰবি কিনাগীৰ দ্বাৰা পৰিচালিত ২০০৮ চনৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমাণ্টিক চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেৱ আৰু শুভশ্ৰী গাংগুলীয়ে।১ এই ছবিখন ২০০৭ চনৰ হিন্দী ছবি নমস্তে লণ্ডনৰ পুনৰ্নিৰ্মাণ। মূল চিনেমাখনৰ পৰিচালক বিপুল শ্বাহে পৰাণ যায় জ্বলিয়া ৰেৰ প্ৰযোজকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ৭৫ লাখ টকাৰ জৰিমনা লাভ কৰে।২ ২০০৯ চনৰ চেলেঞ্জ নামৰ ছবিখনৰ পিছত, ই দ্বিতীয়খন ছবি আছিল য'ত দেৱ আৰু শুভশ্ৰীয়ে একেলগে অভিনয় কৰিছিল।

কাহিনীভাগ

আন্না লণ্ডনত বাস কৰা এগৰাকী প্ৰবাসী ভাৰতীয় ছোৱালী। তাইৰ পিতৃয়ে বিচাৰে যে তাই ভাৰতীয় ল’ৰা এজনলৈ বিয়া হওক। কিন্তু আন্নাই হেৰীক ভালপায় আৰু তাৰ লগতেই বিয়া হ'বলৈ বিচাৰে। আন্নাৰ ককায়েক ছিডো এগৰাকী বৃটিছ ছোৱালীৰ সৈতে সম্পৰ্কত আছে আৰু তেওঁ তাইক বিয়া কৰাব বিচাৰে। কিন্তু, আন্নাৰ দেউতাকে এই কথা মানি নলয় যাৰ বাবে ছিডে ঘৰ এৰি যোৱাৰ সিদ্ধান্ত লয়। ইফালে আন্নাৰ পিতৃয়ে পত্নী আৰু কন্যাকলৈ ভাৰতলৈ আহে। ইয়ালৈ আহি তেওঁ কন্যাৰ বাবে এগৰাকী উপযুক্ত দৰা বিচাৰি পায়। তেওঁলোকে ৰাজ নামৰ ল'ৰা জনক লগ পায়। ইতিমধ্যে ৰাজ আন্নাৰ প্ৰেমত পৰে আৰু ৰাজৰ দেউতাক আন্নাৰ দেউতাকৰ পুৰণি বন্ধু হোৱাৰ বাবে তেওঁলোকৰ বিয়াখন চূড়ান্ত হয়। কিন্তু আন্নাই ৰাজক ভাল পালেও ককায়েকৰ সহযোগত ৰাজক লণ্ডনলৈ নি বিয়াখন বাতিল কৰাৰ পৰিকল্পনা ৰচনা কৰে। এতিয়া বিদেশত ৰাজে আন্নাক পাবলৈ তথা বিয়া কৰাবলৈ আপ্ৰাণ চেষ্টা কৰে। এনে পৰিস্থিতিৰ মাজেৰেই এদিন হেৰীৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পায়, যেতিয়া হেৰীয়ে আন্নাৰ লগত বেয়া আচৰণ কৰিছিল আৰু ৰাজে তাৰ প্ৰত্যুত্তৰ দিছিল। অৱশেষত, ৰাজ আৰু আন্নাৰ বিয়া হয় আৰু তেওঁলোকে সুখেৰে জীৱন নিৰ্বাহ কৰে।

অভিনয় শিল্পী

  • দেৱ - ৰাজ
  • শুভশ্ৰী গাংগুলী - অনামিকা "আন্না" বেনাৰ্জী
  • ৰাহুল বেনাৰ্জী - বিবেক (অতিথি ৰূপত)
  • টোটা ৰায় চৌধুৰী - সিদ্ধাৰ্থ "ছিড" বেনাৰ্জী
  • মৰিয়ম - লিজা, সিদ্ধাৰ্থৰ পত্নী
  • বিশ্বজিৎ চক্ৰৱৰ্তী - ৰঞ্জিত বেনাৰ্জী, আন্নাৰ পিতৃ
  • লাবণী সৰকাৰ - মায়া বেনাৰ্জী, আন্নাৰ মাতৃ
  • অৰিত্ৰ দত্ত বণিক - ৰাজৰ মোমায়েকৰ ল'ৰা
  • বোধিসত্ত্ব মজুমদাৰ - বিজয়, ৰাজৰ পিতৃ
  • মৌচুমী সাহা - ৰাজৰ মাক
  • লকেট চেটাৰ্জী - সীমা
  • ৰজত গাংগুলী - ৰঞ্জিতৰ বন্ধু
  • মিতা চেটাৰ্জী - ৰাজৰ আইতা
  • শান - হেৰী

সংগীত

জুবিন গাৰ্গে কণ্ঠ দিয়া "চোখেৰ জলে" গীতটি আটাইতকৈ ডাঙৰ হিট আছিল।৩

ছবিখনৰ সকলো গীতৰ কথা লিখিছিল গৌতম সুষ্মিত, প্ৰিয় চট্টোপাধ্যায়ে আৰু সংগীত পৰিচালনা কৰিছিল জিৎ গাংগুলীয়ে।

বিতৰ্ক

ছবিখন মুক্তি পোৱাৰ পিছতে নমস্তে লণ্ডনৰ প্ৰযোজক বিপুল শ্বাহে ছবিখনৰ প্ৰযোজকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ছবিখনৰ কাহিনীভাগ তেওঁৰ ছবিৰ পৰা, তেওঁৰ অনুমতি অবিহনেই লোৱা হৈছে বুলি তেওঁ অভিযোগ কৰিছিল। ছবিখনৰ প্ৰদৰ্শনত দুবাৰকৈ নিষেধাজ্ঞা আৰোপ কৰিছিল। এবাৰ নিম্ন আদালতে আৰু পিছত কলিকতা উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছতে শ্ৰী ভেংকটেশ ফিল্মছে পঁয়সত্তৰ লাখ (৭৫ লাখ) টকা জৰিমনা ভৰিবলৈ সন্মত হয়। ইয়াৰ পিছত গোচৰটোৰ নিষ্পত্তি হয়। আদালতৰ বাহিৰৰ এই নিষ্পত্তিটোক ডাঙৰ বুলি ধৰিব পাৰি যিহেতু ছবিখনৰ নিৰ্মাণত প্ৰায় ২ কোটি টকা ব্যয় হৈছিল। তদুপৰি এই নিষ্পত্তিৰ বাবে ছবিখনত ‘বিপুল অমৃতলাল শ্বাহৰ ছবি নমস্তে লণ্ডনৰ ওপৰত ভিত্তি কৰি’ লিখা শিৰোনাম প্ৰদৰ্শন কৰিব লগা হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ (27 June 2009). Poran Jay Joliya Re (2009) Bengali Movie. calcutatube.com
  2. ↑ (5 September 2009). Copycat pays Rs 75 lakh to play Poran Jai plays on – Poran Jai Joliya Re strikes out-of-court deal with Namastey London. The Telegraph
  3. ↑ Chokher Jole - song by Zubeen Garg, Jeet Gannguli. Spotify

সম্পৰ্কিত শ্ৰেণী

২০০৯ বৰ্ষৰ চলচ্চিত্ৰবঙালী চলচ্চিত্ৰভাৰতৰ চলচ্চিত্ৰবাংলা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰাণ যায় জ্বলিয়া ৰে” প্ৰবন্ধৰ সংশোধন ৪৩৬৫৬৫ (১০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।