অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কেলোৰ কীৰ্তি

কেলোৰ কীৰ্তি হৈছে ৰাজা চন্দৰ দ্বাৰা পৰিচালিত ২০১৬ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন হাস্যৰসাত্মক নাট্য চলচ্চিত্ৰ৷ শ্ৰী ভেংকটেশ ফিল্মছ্ আৰু সুৰিন্দৰ ফিল্মছৰ বেনাৰত শ্ৰীকান্ত মহতা আৰু নিস্পাল সিঙে ছবিখনৰ প্ৰযোজনা কৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কেলোৰ কীৰ্তি হৈছে ৰাজা চন্দৰ দ্বাৰা পৰিচালিত ২০১৬ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন হাস্যৰসাত্মক নাট্য চলচ্চিত্ৰ৷ শ্ৰী ভেংকটেশ ফিল্মছ্ আৰু সুৰিন্দৰ ফিল্মছৰ বেনাৰত শ্ৰীকান্ত মহতা আৰু নিস্পাল সিঙে ছবিখনৰ প্ৰযোজনা কৰে।১ ছবিখনত অভিনয় কৰিছে দেব, সায়ন্তিকা বন্দ্যোপাধ্যায়, যীশু সেনগুপ্ত, অংকুশ হাজৰা, মিমি চক্ৰৱৰ্তী, নুছৰত জাহান আৰু কৌশানী মুখোপাধ্যায়ে। এই ছবিখন ২০০২ চনৰ তামিল ছবি চাৰ্লি চেপলিনৰ পুনৰ্নিৰ্মাণ। ২০১৬ চনৰ ৬ জুলাইত, ঈদ আৰু ৰথ যাত্ৰা উপলক্ষে ছবিখন মুক্তি লাভ কৰিছিল। সমালোচকৰ পৰা ছবিখনে বেছিভাগেই বেয়া সমালোচনা লাভ কৰিছিল। দ্য টাইম্‌ছ অৱ ইণ্ডিয়াই ইয়াক ৫ৰ পৰা ১.৫ ষ্টাৰ দিছিল।২ ছবিখন বক্স অফিচত সফল নহ’ল।৩

কলা-কুশলী

  • দেব - গুৰু
  • যীশু সেনগুপ্ত - "যুগেৰ বাৰ্তা"ৰ সম্পাদক
  • অংকুশ হাজৰা - জয়ৰ জুনিয়ৰ
  • মিমি চক্ৰৱৰ্তী - ৰীমা (জয়ৰ পত্নী)
  • কৌশানী মুখোপাধ্যায় - অনুষ্কা (অপূৰ্বৰ পত্নী)
  • নুছৰত জাহান - উৰ্বশী
  • সায়ন্তিকা বন্দ্যোপাধ্যায় - প্ৰিয়া (গুৰুৰ পত্নী)
  • খৰাজ মুখোপাধ্যায় - গদাধৰ/ধনুধৰ
  • ৰুদ্ৰনীল ঘোষ - উৰ্বশীৰ বন্ধু
  • কাঞ্চন মল্লিক - পঁচা শাস্ত্ৰী
  • বিশ্বজিৎ চক্ৰৱৰ্তী - গৃহমন্ত্ৰী হৰনাথ মিত্তিৰ
  • মানসী সিনহা - মন্ত্ৰীৰ পত্নী (কেমিঅ')
  • ৰোহিত মুখোপাধ্যায় - অনুষ্কাৰ পিতৃ
  • দেবময় মুখোপাধ্যায় - অপূৰ্বৰ বন্ধু
  • ৰুম্পা দাস - বিজলী, জয়ৰ ঘৰৰ দাসী
  • টৰি-লাও-লী - "লাভ মি" গীতত বিশেষ উপস্থিতি

সংক্ষিপ্ত বিৱৰণ

এগৰাকী মোহনীয় মহিলাই এহাল দম্পতীৰ জীৱনত প্ৰৱেশ কৰি বেমেজালি লগায়। সকলোৱে ভুল বুজাবুজি আৰু হাস্যৰসময়ী পৰিস্থিতিত আবদ্ধ হৈ পৰে আৰু শেষত বিশৃংখলতাত এইবোৰৰ অন্ত পৰে।৪

সংগীত

দেৱ সেন আৰু ইন্দ্ৰাদীপ দাসগুপ্তই এই চাউণ্ডট্ৰেকটো ৰচনা কৰিছিল। ২০১৬ চনৰ ১ জুলাইত ই মুক্তি লাভ কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ Dev, Jisshu to star in Raja Chanda's next film. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Kelor Kirti Movie Review {1.5/5}: Critic Review of Kelor Kirti by Times of India. The Times of India
  3. ↑ Mazumdar, Shreyanka; Ganguly, Ruman. (16 May 2017). Here are the remake Rajas of Tollywood. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Check Out The First Look Of Multistarrer Comedy 'Kelor Kirti'. Cine Kolkata
  5. ↑ Kelor Kirti. iTunes

সম্পৰ্কিত শ্ৰেণী

২০১৬ বৰ্ষৰ চলচ্চিত্ৰবঙালী চলচ্চিত্ৰভাৰতৰ চলচ্চিত্ৰবাংলা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলোৰ কীৰ্তি” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৪৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।