অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আপনজন

আপনজন বা সৰল ৰূপত আপোনজন (Apanjan) ১৯৬৮ চনৰ তপন সিনহা পৰিচালিত ভাৰতীয় বঙালী ভাষাৰ এখন আৰ্থ-ৰাজনৈতিক নাট্যধৰ্মী ছবি। কে.এল কাপুৰ প্ৰডাকচনৰ বেনাৰত আৰ.কে কাপুৰে প্ৰযোজনা কৰা ছবিখন ইন্দ্ৰ মিত্ৰ ৰচিত পশ্চিম বংগত সংঘটিত ৰাজনৈতিক হিংসাৰ দ্বাৰা অনুপ্ৰাণিত এটা চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে।

হালনাগাদ: ১৩ মে’ ২০২৫ ৫৮০ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আপনজন বা সৰল ৰূপত আপোনজন (Apanjan) ১৯৬৮ চনৰ তপন সিনহা পৰিচালিত ভাৰতীয় বঙালী ভাষাৰ এখন আৰ্থ-ৰাজনৈতিক নাট্যধৰ্মী ছবি। কে.এল কাপুৰ প্ৰডাকচনৰ বেনাৰত আৰ.কে কাপুৰে প্ৰযোজনা কৰা ছবিখন ইন্দ্ৰ মিত্ৰ ৰচিত পশ্চিম বংগত সংঘটিত ৰাজনৈতিক হিংসাৰ দ্বাৰা অনুপ্ৰাণিত এটা চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ইয়াত ছায়া দেৱী, স্বৰূপ দত্ত, সমিত ভঞ্জ, মৃণাল মুখাৰ্জী, পাৰ্থ মুখাৰ্জী, কল্যাণ চেটাৰ্জী আৰু শ্যামল বেনাৰ্জীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অন্যান্য চৰিত্ৰত ভানু বন্দোপাধ্যায়, ৰবি ঘোষ, চিন্ময় ৰায় আৰু আৰু এটা কেমিঅ’ চৰিত্ৰত দিলীপ ৰায়ে অভিনয় কৰিছে। ছবিখনৰ সংগীত ৰচনা তপন সিনহাই নিজে কৰিছে। ১৯৬০ দশকৰ শেষৰ ফালে ভাৰত আৰু বিশেষকৈ পশ্চিম বংগক জোকাৰি যোৱা ৰাজনৈতিক হিংসাৰ পটভূমিত ৰচিত ছবিখনত এখন গাঁৱৰ এগৰাকী বৃদ্ধ বিধৱাৰ কাহিনী কোৱা হৈছে। তেওঁ আত্মীয়ৰ লগত থাকিবলৈ কলিকতালৈ যায়। কিন্তু আত্মীয়সকলৰ দ্বাৰা কেৱল শোষণৰ সন্মুখীন হৈ তেওঁ বস্তিত আশ্ৰয় লয় আৰু প্ৰচলিত হিংসাৰ মাজত অনিবাৰ্যভাৱে আবদ্ধ হৈ পৰা শিক্ষিত, নিবনুৱা যুৱকৰ এটা গেঙত "আপোন মানুহ"ক বিচাৰি পায়।

বক্স অফিচত ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হোৱা আপনজন ছবিগৃহত ৪৫ সপ্তাহ সফলতাৰে চলিছিল। মুক্তিৰ পিছত পশ্চিম বংগ চৰকাৰে ছবিখনক কৰমুক্ত বুলি ঘোষণা কৰে আৰু অৱশেষত বঙালী চলচ্চিত্ৰৰ ইতিহাসত ছবিখনে কাল্টৰ (cult) মৰ্যাদা পায়। ক্ৰমে স্বৰূপ দত্ত আৰু সমিত ভঞ্জই অভিনয় কৰা ছবিখনৰ দুটা কেন্দ্ৰীয় চৰিত্ৰ ৰবি আৰু ছেনোৰ হাব-ভাব জনসাধাৰণৰ মাজত স্মৰণীয় হৈ পৰিল। আপনজনে বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ১২ লগতে কেইবাটাও শিতানত বিএফজেএ বঁটা লাভ কৰে।৩ ছবিখনৰ মূল প্ৰিণ্ট ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ দ্বাৰা পুনৰুদ্ধাৰ আৰু ডিজিটেলাইজ কৰা হৈছে।৪

ছবিখন ১৯৭১ চনত গুলজাৰৰ দ্বাৰা হিন্দীত মেৰে অপনে আৰু ১৯৮৪ চনত কানাড়া ভাষাত বেংকী বিৰুগলী নামেৰে পুনৰ নিৰ্মিত হয়।৫

কাহিনীৰ সাৰাংশ

আনন্দময়ী এগৰাকী নিঃসন্তান বিধৱা। তেওঁ বংগৰ এখন গাঁৱত বাস কৰে। এদিন এজন মানুহ আহি নিজকে তেওঁৰ ভতিজাক বুলি দাবী কৰে আৰু কলিকতাত তেওঁৰ পৰিয়ালৰ লগত থাকিবলৈ আনন্দময়ীক লৈ যায়। আনন্দময়ী চহৰীয়া সংস্কৃতিৰ মুখামুখী হৈ আশ্চৰ্য অনুভৱ কৰে। ৰাজপথত ভিক্ষা কৰা শিশু আৰু চহৰখনত দৈনন্দিন ঘটি থকা হিংসাই তেওঁক হতচকিত কৰে। অফিচৰ চাকৰিত মহিলাসকলে কাম কৰাৰ ধাৰণাটো তেওঁৰ বাবে অতি আচহুৱা; আনকি জোতা বা চেণ্ডেল পিন্ধাটোও তেওঁৰ বাবে নতুন।

যিহাল দম্পতীৰ লগত তেওঁ আছিল, তেওঁ দম্পতীহালৰ সন্তানক চোৱাচিতা কৰাটো বিচাৰে আৰু তেওঁ তাক আনন্দ মনেৰে কৰে, যিহেতু পৰিয়ালটো তেওঁৰ "আপোন মানুহ"। অৱশ্যে অৱশেষত তেওঁ উপলব্ধি কৰে যে তেওঁক বিনা পাৰিশ্ৰমিকেৰে ধাত্ৰী হিচাপে শোষণ কৰি থকা হৈছে।

তেওঁ চহৰৰ এটা পিছপৰা অঞ্চললৈ দুটা ৰাস্তাত ঘূৰি ফুৰা শিশুক চোৱাচিতা কৰিবলৈ ওলাই যায়। সিহঁত দুটা “ৰবি”ৰ পৰিালৰ সদস্য, যিজন ৰাজপথত সংঘটিত হিংসাত সক্ৰিয় হৈ থকা এটা গেঙৰ সদস্য। এই বাহিৰৰ লোকসকলৰ লগত থাকি আনন্দময়ীয়ে নিজকে এটা পৰিয়ালৰ সদস্য অনুভৱ কৰে। যেন মহানগৰীক আগুৰি থকা ৰাজপথৰ হিংসাৰ সক্ৰিয় অংশগ্ৰহণকাৰী শিক্ষিত যুৱকৰ দল এটাৰ নেতা ৰবীৰ ‘পৰিয়ালৰ’ অংশ। এই বাহিৰৰ মানুহবোৰৰ লগত আনন্দময়ীয়ে এক প্ৰকাৰৰ আত্মীয়তা অনুভৱ কৰে, যি অনুভৱ আনকি তেওঁৰ অভিনেতাৰ স্বামীৰ সৈতে বাস কৰিও হোৱা নাছিল। ৰবিৰ গেংটোৰ প্ৰতিদ্বন্দিতা এনে এটা গেঙৰ সৈতে, যাৰ নেতৃত্বত ছেনো নামৰ যুৱক এজন আছিল। দুয়োটা গেং প্ৰতি মুহূৰ্তত যুদ্ধংদেহী ভাবত থাকে। দুয়োটা গেঙৰ নিজৰ উদ্দেশ্য পূৰণ কৰিবলৈ কিছুমান ৰাজনৈতিক দলে পৃষ্ঠপোষকতা কৰি থাকে। দুয়োটা গেঙৰ কাজিয়া চলি থাকে আৰু এক কৰুণ পৰিসমাপ্তিৰে ছবিখনৰ কাহিনী এক নাটকীয় চৰমোৎকৰ্ষত উপনীত হয়।

অভিনয় শিল্পী

  • ছায়া দেৱী (আনন্দময়ী)
  • স্বৰূপ দত্ত (ৰবি)
  • সমিত ভঞ্জ (ছেনো)
  • ৰবি ঘোষ
  • সুমিতা সান্যাল
  • চিন্ময় ৰায় (আনন্দময়ীৰ স্বামী)
  • ভানু বন্দোপাধ্যায়
  • জুইঁ বেনাৰ্জী
  • কল্যাণ চেটাৰ্জী

পুনৰনিৰ্মাণ

১৯৭১ চনত গুলজাৰে মেৰে অপনে ছবিৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে, যিখন আপনজনৰ প্ৰায় হুবহু পুনৰ্নিৰ্মাণ আছিল। বক্স অফিচ সফল ছবিখনত মীনা কুমাৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৬

বঁটা

ষষ্ঠদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৮)১

  • বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।

বি.জে.এ.এফ. বঁটা (১৯৬৯)৩

  • শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ (যুটীয়া ভাবে আন ৯খনৰ সৈতে)
  • শ্ৰেষ্ঠ পৰিচালক- তপন সিনহা
  • শ্ৰেষ্ঠ চিত্ৰনাট্য- তপন সিনহা
  • শ্ৰেষ্ঠ সহযোগী অভিনেতা- সমিত ভঞ্জ
  • শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ (ক’লা-বগা)- বিমল মুখাৰ্জী
  • শ্ৰেষ্ঠ সম্পাদনা- সুবোধ ৰায়
  • শ্ৰেষ্ঠ শব্দগ্ৰহণ- অনিল তালুকদাৰ আৰু অতুল চেটাৰ্জী

তথ্যসূত্ৰ

  1. ↑ 16th National Film Awards. Directorate of Film Festivals. পৃ. 2
  2. ↑ Times of India, Entertainment. National Awards Winners 1968: Complete list of winners of National Awards 1968. timesofindia.indiatimes.com
  3. ↑ BFJA Awards (1969)
  4. ↑ Digitized and Restored Films List. nfai.nfdcindia.com. National Film Archives of India
  5. ↑ Remakes of Bengali films: What's new in this trend?
  6. ↑ Jha, Subhash K. (2005). The Essential Guide to Bollywood. Lustre Press. পৃ. 175. ISBN 8174363785

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰতপন সিনহা পৰিচালিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আপনজন” প্ৰবন্ধৰ সংশোধন ৫০৮২৬৬ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।