অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জলসাঘৰ

জলসাঘৰ (The Music Room) বঙালী লেখক তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ জনপ্ৰিয় চুটিগল্পৰ আধাৰত সত্যজিৎ ৰায়ৰ পৰিচালনাত ১৯৫৮ চনত নিৰ্মিত এখন ভাৰতীয় বঙালী নাট্যধৰ্মী ছবি; য’ত ছবি বিশ্বাসে মূল চৰিত্ৰত অভিনয় কৰিছিল। এইখন সত্যজিৎ ৰায়ৰ চতুৰ্থ পূৰ্ণদৈৰ্ঘ্য ছবি।

হালনাগাদ: ১৮ জুলাই ২০২৬ ৪১৯ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

জলসাঘৰ১ (The Music Room) বঙালী লেখক তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ জনপ্ৰিয় চুটিগল্পৰ আধাৰত সত্যজিৎ ৰায়ৰ পৰিচালনাত ১৯৫৮ চনত নিৰ্মিত এখন ভাৰতীয় বঙালী নাট্যধৰ্মী ছবি; য’ত ছবি বিশ্বাসে মূল চৰিত্ৰত অভিনয় কৰিছিল। এইখন সত্যজিৎ ৰায়ৰ চতুৰ্থ পূৰ্ণদৈৰ্ঘ্য ছবি। মুৰ্চিদাবাদ জিলাৰ নিমতিতাৰ ৰাজবাৰীত ছবিখনৰ চিত্ৰগ্ৰহণ হৈছিল।

ভাৰতত প্ৰথম অৱস্থাত সমালোচকৰ বিশেষ সমাদৰ নোপোৱাৰ পিছতো ছবিখনে নতুন দিল্লীত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰে,২ আৰু এই ছবিখনে পৰিচালক হিচাপে সত্যজিৎ ৰায়ক আন্তঃৰাষ্ট্ৰীয় খ্যাতি প্ৰতিষ্ঠা কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে। তাৰ পিছত ই প্ৰায় বিশ্বব্যাপি সমালোচকৰ প্ৰশংসা পাবলৈ সক্ষম হয়৩ আৰু চলচ্চিত্ৰীয় সমাজে ইয়াক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে গণ্য কৰিবলৈ লয়।৪৫৬

অভিনয় শিল্পী

  • ছবি বিশ্বাস (বিশ্বম্ভৰ ৰায়, জমিদাৰ)
  • গংগাপদ বসু (মহিম গাংগুলী, বিশ্বম্ভৰৰ প্ৰতিবেশী)
  • কালী সৰকাৰ (অনন্ত, বিশ্বম্ভৰৰ চাকৰ)
  • পদ্মা দেৱী (মহামায়া, বিশ্বম্ভৰৰ পত্নী)
  • তুলসী লাহিড়ী (বিশ্বম্ভৰৰ তত্বাৱধায়ক)
  • পিনাকী সেনগুপ্ত (বীৰেশ্বৰ, বিশ্বম্ভৰৰ পুত্ৰ)
  • বেগম আখটাৰ (দুৰ্গাবাই, কথক নৃত্যাংগনা)
  • ৰোশন কুমাৰী (কৃষ্ণাবাই, কথক নৃত্যাংগনা)
  • ৱাহিদ খান (সুৰবাহাৰ বাদক)
  • ছলমত খান (খয়াল গায়ক)
  • বিছমিল্লাহ খান (চেহনাই বাদক)

নিৰ্মাণ

বঙালী সাহিত্যিক তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়ৰ জনপ্ৰিয় চুটিগল্পৰ আধাৰত জলসাঘৰ নিৰ্মাণ কৰা হৈছিল। বক্স অফিচত অপৰাজিত (১৯৫৬) ছবিখনৰ বিফলতাৰ পিছত ৰায়ক এখন হিট ছবিৰ অতি প্ৰয়োজন হৈছিল আৰু তেওঁ এনে এখন ছবি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয় যিখন জনপ্ৰিয় সাহিত্যৰ অংশ হয় আৰু য’ত ভাৰতীয় সংগীত সন্নিবিষ্ট হ’ব। ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্যক ব্যাপকভাৱে সন্নিৱিষ্ট কৰা এইখনেই তেওঁৰ প্ৰথম ছবি। ১৯৫৭ চনৰ মে' মাহৰ পৰা ছবিখনৰ নিৰ্মাণ আৰম্ভ হয়।৭

প্ৰি-প্ৰডাকচনৰ সময়ত ৰায় আৰু তেওঁৰ দলটোৱে বিশ্বম্ভৰ ৰায়ৰ প্ৰাসাদৰ বাবে উপযুক্ত স্থান বিচাৰি উলিয়াবলৈ অসুবিধা পাইছিল। কাকতালীয়ভাবে তেওঁলোকে এনে এজন মানুহ লগ পালে, নিমতিতাৰ চৌধুৰীসকলৰ প্ৰাসাদটোৰ বিষয়ে নামেৰে জনাজাত নিমতিতাৰ চৌধুৰীসকলৰ প্ৰাসাদটোৰ বিষয়ে পৰামৰ্শ দিয়ে। ৰায়ে প্ৰাসাদটো চাবলৈ মন কৰিলে আৰু তেওঁ আচৰিত হ’ল যে প্ৰাসাদটো ছবিখনৰ বাবে অতি উপযুক্ত। পিছলৈ তেওঁ গম পালে যে বন্দোপাধ্যায়ৰ চুটিগল্পটোৰ মূল চৰিত্ৰটো প্ৰাসাদটোৰ বৰ্তমানৰ গৰাকীৰ ককাক উপেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ দ্বাৰা অনুপ্ৰাণিত।৮

ৰায়ৰ মতে, "সংগীত কক্ষটোৰ বাদে নিমতিতা প্ৰাসাদটো নিখুঁত আছিল। সংগীত কক্ষ এটা আছিলেই, কাৰণ গণেন্দ্ৰ নাৰায়ণৰ ককাক উপেন্দ্ৰ নাৰায়ণ চৌধুৰী আমাৰ কাহিনীৰ সম্ভ্ৰান্ত ব্যক্তিজনৰ দৰেই সংগীতৰ পৃষ্ঠপোষক আছিল; কিন্তু মই পৰিকল্পনা কৰা আড়ম্বৰপূৰ্ণ সন্ধিয়াটোৰ বাবে চেটিঙৰ কাম কৰিব পৰাকৈ প্ৰভাৱশালী নাছিল।"৯ সেয়েহে কলকাতাৰ মানিকতলাৰ আৰোৰা ফিল্ম কৰ্পোৰেচন ষ্টুডিঅ’ত এটা অধিক আড়ম্বৰপূৰ্ণ সংগীত কক্ষ নিৰ্মাণ কৰা হৈছিল। ষ্টুডিঅ’টো এতিয়া ভাঙি পেলোৱা হৈছে।

ৰায়ে ছবিখনৰ বাবে সুৰকাৰ ওস্তাদ বিলায়ৎ খানৰ সৈতে মিলি কাম কৰিছিল যদিও তেওঁ প্ৰথমতে সুৰকাৰজনৰ সংগীতৰ পছন্দৰ বিষয়ে অনিশ্চিত আছিল আৰু তেওঁ খানক ছবিখনৰ বাবে অধিক গম্ভীৰ সংগীতৰ খণ্ড ৰচনা কৰিবলৈ পতিয়ন নিয়াবলগীয়া হৈছিল।১০

বঁটা

ষষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৮)

  • সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট।
  • বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট।১১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Singh, S. K. Jalsaghar (The Music Room): A film by Satyajit Ray:: SatyajitRay.org. www.satyajitray.org
  2. ↑ Acquarello. (December 22, 2017). Jalsaghar, 1958. Strictly Film School
  3. ↑ Ray, Satyajit. "Winding Route to a Music Room," in Our Films, Their Films. New York: Hyperion, 1994, p. 46
  4. ↑ Jalshaghar (The Music Room). satyajitray.org
  5. ↑ Ebert, Roger. The Music Room. RogetEbert.com
  6. ↑ Jalshaghar (The Music Room). satyajitray.org
  7. ↑ Guthmann, Edward. Film Review – Aristocrat's Pride Is His Downfall In Feudal Bengal. SFGate
  8. ↑ Werner Herzog. Red Bull Music Academy
  9. ↑ Jalsaghar (The Music Room). Rotten Tomatoes
  10. ↑ 1st Moscow International Film Festival (1959). MIFF
  11. ↑ (২৮-৪-১৯৫৯). ৬ষ্ট ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

সম্পৰ্কিত শ্ৰেণী

১৯৫৮ বৰ্ষৰ চলচ্চিত্ৰবঙালী চলচ্চিত্ৰগণিকা বিষয়ক ভাৰতীয় চলচ্চিত্ৰসত্যজিৎ ৰায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জলসাঘৰ” প্ৰবন্ধৰ সংশোধন ৬১৮০৪১ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।