বঙালী চলচ্চিত্ৰ
৯৬ প্ৰবন্ধ
-
সাত ভাই চম্পা
সাত ভাই চম্পা বাংলা ভাষাৰ এটা জনপ্ৰিয় সাধুকথা। ১৯০৭ চনত দক্ষিণৰঞ্জন মিত্ৰ মজুমদাৰৰ ঠাকুৰমাৰ ঝুলী নামৰ সাধুকথা পুথিখনত এই গল্পটো আনুষ্ঠানিকভাৱে প্ৰথম প্ৰকাশ পায়। সাহিত্যৰ নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে এই গ্ৰন্থখনৰ প্ৰস্তাৱনা লিখিছিল।
-
সুজাতা (১৯৫৯ চলচ্চিত্ৰ)
সুজাতা Sujata ) ১৯৫৯ চনৰ বিমল ৰায় পৰিচালিত এখন হিন্দী ভাষাৰ ছবি। ইয়াত নূতন আৰু সুনীল দত্তই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত আছে- শশীকলা, ললিতা পাৱাৰ, সুলোচনা লটকাৰ আৰু তৰুণ বসু। লেখক সুবোধ ঘোষৰ একে নামৰ বাংলা চুটিগল্পৰ আধাৰত নিৰ্মিত এই ছবিখনত ভাৰতৰ জাতিগত পৰিস্থিতি বিষয়ে বিবৃত হৈছে।
-
৩ কন্যা
৩ কন্যা ( 3 Kanya ) ২০১২ চনৰ অগ্নিদেৱ চেটাৰ্জীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন বাংলা মনস্তাত্বিক একচন থ্ৰিলাৰ ছবি। ছবিখনত তিনিগৰাকী মহিলাৰ জীৱনৰ কাহিনী বৰ্ণনা কৰা হৈছে। এই তিনিটা চৰিত্ৰত অভিনয় কৰিছে ঋতুপৰ্ণা সেনগুপ্ত, অনন্যা চেটাৰ্জী আৰু উন্নতি দাভাৰাই।[1][2]
-
৩৬ চৌৰিংগী লেন
৩৬ চৌৰিংগী লেন (36 Chowringhee Lane) ১৯৮১ চনৰ অপৰ্ণা সেনৰ ৰচনা, পৰিচালনা আৰু শশী কাপুৰৰ প্ৰযোজনাৰে নিৰ্মিত এখন বাংলা ছবি। ইয়াৰ জৰিয়তে তেতিয়ালৈকে বাংলা চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিচিত সেনে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। মুক্তিৰ লগে লগে ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছিল।
-
ৰাইকমল
ৰাইকমল ( Raikamal ) সুবোধ মিত্ৰ পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। অভিনয় কৰিছে উত্তম কুমাৰ, সাবিত্ৰী চেটাৰ্জী, কাবেৰী বসু, চন্দ্ৰাৱতী দেৱী আদিয়ে। সংগীত ৰচনা পংকজ কুমাৰ মল্লিকৰ। গীতৰ কথা অতুলপ্ৰসাদ সেন, তাৰাশংকৰ বন্দোপাধ্যায়, শৈলেন ৰায়ে লিখিছে। ছবিখন ১৯৫৫ চনৰ ৮ মাৰ্চত মুক্তি পাইছিল।
-
ৰাজকুমাৰী (চলচ্চিত্ৰ)
ৰাজকুমাৰী (বাংলা: ব়াজকুমাব়ী) হ’ল সলিল সেনৰদ্বাৰা ৰচিত আৰু পৰিচালিত ১৯৭০ চনৰ এখন ভাৰতীয় বাংলা ভাষাৰ মচলা ছবি। লোকনাথ চিত্ৰমন্দিৰৰ বেনাৰত দেবেশ ঘোষ আৰু ৰঞ্জনা ঘোষৰদ্বাৰা প্ৰযোজিত এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে উত্তম কুমাৰ আৰু তনুজাই।