অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অন্তহীন

অন্তহীন (Antaheen) অনিৰুদ্ধ ৰায়চৌধুৰী পৰিচালিত ২০০৯ চনৰ এখন বঙালী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে ৰাধিকা আপ্টে, ৰাহুল বসু, মিতা বশিষ্ঠ, অপৰ্ণা সেন, কল্যাণ ৰায় আৰু শৰ্মিলা ঠাকুৰে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৪ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অন্তহীন (Antaheen) অনিৰুদ্ধ ৰায়চৌধুৰী পৰিচালিত ২০০৯ চনৰ এখন বঙালী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে ৰাধিকা আপ্টে, ৰাহুল বসু, মিতা বশিষ্ঠ, অপৰ্ণা সেন, কল্যাণ ৰায় আৰু শৰ্মিলা ঠাকুৰে।১

কাহিনীৰ সাৰাংশ

অভিক চৌধুৰী এজন সৎ আৰু সহজ-সৰল আই.পি়.এচ. বিষয়া। নিজৰ জীৱনৰ বাস্তৱিক সম্পৰ্কত নিৰাশ হৈ অনলাইনত বৃন্দা নামৰ মহিলা এগৰাকীৰ সৈতে বন্ধুত্ব কৰে। বৃন্দা এগৰাকী সতেজ আৰু তৰুণী টিভি সাংবাদিক। কিন্তু অভিক আৰু বৃন্দাই দুয়ো দুয়োৰো প্ৰকৃত নাম নাজানে। তেওঁলোক দুয়োৰো প্ৰথম দেখাদেখি এজন প্ৰ’পাৰ্টি ডিলাৰ বি.কে. মেহৰাৰ এক বিবদমান পৰিযোজনাৰ উন্মোচনৰ সময়ত হয় আৰু সংযোগবশতঃ দুয়োৰো মাজত কাজিয়াও লাগে। ৰঞ্জন আৰু পাৰমিতা দুয়ো পতি-পত্নী; কিন্তু পৃথকে পৃথকে বাস কৰে। এই দম্পতিহাল অভিক আৰু বৃন্দাক লগ লগাবলৈ আগবাঢ়ি আহে। ৰঞ্জন অভিকৰ সম্বন্ধীয় ভাতৃ আৰু পাৰমিতা বৃন্দাৰ সহকৰ্মী। এই প্ৰক্ৰিয়াত আটাইকেইজনে এজনে আনজনৰ ওচৰ চাপে আৰু উপলব্ধি কৰে যে ভালেহে প্ৰেম অতিকৈ সংবেদনশীল বিষয়, তথাপি ইযে অন্তহীন়৷২

অভিনয়শিল্পী

  • ৰাধিকা আপ্টে (বৃন্দা)
  • ৰাহুল বোস (অভিক)
  • বিশ্বজিৎ চক্ৰৱৰ্তী (মিঃ সাহা)
  • বৰুণ চন্দ (দিবাকৰ)
  • কৌশিক গাংগুলি (মৃণ্ময়)
  • ৰুদ্ৰনীল ঘোষ (তন্ময়)
  • শৌভিক কুন্দগ্ৰামী (মিঃ মেহৰা)
  • কুনাল পাণ্ডে (মিঃ মুখাৰ্জী)
  • কল্যাণ ৰায় (ৰঞ্জন)
  • শাস্বতি গুহঠাকুৰতা (বৃন্দাৰ মাক)
  • অপৰ্ণা সেন (পাৰো)
  • অৰিন্দম শীল
  • শৰ্মিলা ঠাকুৰ
  • মিতা বশিষ্ঠ (মিঃ মেহৰা)
  • সঞ্জয় ভট্টাচাৰ্য
  • সুগতা ঘোষ
  • একাৱলী খান্না
  • জয় ৰঞ্জন ৰাম ২

বঁটা

৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০৮)৩৪

  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (স্বৰ্ণকমল)
  • শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰ (অভিক মুখোপাধ্যায়)
  • শ্ৰেষ্ঠ গীতিকাৰ - অনিন্দ চেতাৰ্জী আৰু চন্দ্ৰিল ভট্টাচাৰ্য
  • শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী - শ্ৰেয়া ঘোষাল ("ফেৰাৰি মন..."ৰ বাবে)

তথ্যসূত্ৰ

  1. ↑ (18 January 2009). A Second Take. The Telegraph
  2. ↑ 56th National Film Award Catalogue. Directorate of Films Festival, Govt. of India. পৃ. 20, 155
  3. ↑ (23 January 2010). National Film Awards: Priyanka gets best actress, 'Antaheen' awarded best film. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (23 January 2010). Bollywood wins big at National Film Awards. Reuters India

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী২০০৯ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্তহীন” প্ৰবন্ধৰ সংশোধন ৪৩১৯৪৩ (১৪ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।