অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পাৰব না আমি ছাড়তে তোকে

পাৰব না আমি ছাড়তে তোকে (অনু. মই তোক এৰিব নোৱাৰো) হৈছে ৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত, ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমাণ্টিক কমেডী চলচ্চিত্ৰ। ছবিখন প্ৰযোজনা কৰিছে শ্ৰী ভেংকটেশ ফিল্মছ আৰু সুৰিন্দৰ ফিল্মছে। এই ছবিখন ২০১৩ চনৰ তেলেগু ছবি উয়্যালা জাম্পালাৰ পুনৰ্নিৰ্মাণ।

হালনাগাদ: ৩১ মে’ ২০২৫ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পাৰব না আমি ছাড়তে তোকে (অনু. মই তোক এৰিব নোৱাৰো) হৈছে ৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত, ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমাণ্টিক কমেডী চলচ্চিত্ৰ। ছবিখন প্ৰযোজনা কৰিছে শ্ৰী ভেংকটেশ ফিল্মছ আৰু সুৰিন্দৰ ফিল্মছে। এই ছবিখন ২০১৩ চনৰ তেলেগু ছবি উয়্যালা জাম্পালাৰ পুনৰ্নিৰ্মাণ।১ ছবিখনত প্ৰেম কাহিনী আৰু পাৰিবাৰিক নাটকৰ চিত্ৰণ কৰা হৈছে – য’ত বনি সেনগুপ্ত আৰু নৱাগতা অভিনেত্ৰী কৌশানী মুখোপাধ্যায়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ সংগীত ৰচনা কৰিছে ইন্দ্ৰদীপ দাসগুপ্তই।২৩

কাহিনীভাগ

গোটেই ছবিখনৰ বৰ্ণনা কৰা হৈছে শিবুৰ দ্বাৰা যিয়ে অপুৰ আগত নিজৰ প্ৰেম স্বীকাৰ কৰিবলৈ উভতিছে। শিবু আৰু অপুৰ শৈশৱৰ পৰাই কাজিয়া আৰম্ভ হয়। অপু শিবুৰ দেউতাকৰ বন্ধুৰ কন্যা। অপুৰ পৰিয়াল আৰু তেওঁৰ পিতৃ-মাতৃয়ে এখন অট্টালিকাত থাকে আনহাতে শিবু আৰু তেওঁৰ বিধৱা মাতৃয়ে অট্টালিকাটোৰ ঠিক কাষতে থকা এখন আধুনিক অথচ স্বাভাৱিক দৃশ্যমান গাঁৱৰ সৰু ঘৰ এটাত থাকে।

কলা-কুশলী

  • বনি সেনগুপ্ত - শিবনাথ ওৰফে শিবু
  • কৌশানী মুখোপাধ্যায় - অপৰ্ণা ৰায় ওৰফে অপু
  • স্বস্তিকা দত্ত - অপুৰ বন্ধু
  • খৰাজ মুখোপাধ্যায় - অপুৰ পিতৃ
  • মৈনাক বন্দোপাধ্যায় - অপুৰ ভুৱা প্ৰেমিক
  • তুলিকা বসু - শিবুৰ মাক
  • দেবময় মুখোপাধ্যায় - শিবুৰ বন্ধু
  • মৌচুমী সাহা - অপুৰ মাক
  • পিংকি মল্লিক - অপুৰ গৃহকৰ্মী
  • ছন্দা কাৰঞ্জী - অপুৰ আইতা
  • সৌৰভ চট্টোপাধ্যায় - অপুৰ দৰা

সংগীত

সকলোবোৰ গীতৰ কথা লিখিছে প্ৰসেনে (প্ৰসেনজিৎ মুখোপাধ্যায়) আৰু সকলো সংগীত ৰচনা কৰিছে ইন্দ্ৰদীপ দাসগুপ্তই।

তথ্যসূত্ৰ

  1. ↑ Mazumdar, Shreyanka; Ganguly, Ruman. (16 May 2017). Here are the remake Rajas of Tollywood. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Ganguly, Ruman. (26 July 2015). Selfie promotion for Parbona Ami Charte Toke!. The Times of India
  3. ↑ Parbona Ami Chartey Tokey Bengali Movie All Songs Lyrics

সম্পৰ্কিত শ্ৰেণী

২০১৫ বৰ্ষৰ চলচ্চিত্ৰবঙালী চলচ্চিত্ৰভাৰতৰ চলচ্চিত্ৰবাংলা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰব না আমি ছাড়তে তোকে” প্ৰবন্ধৰ সংশোধন ৫১৩৯৫৬ (৩১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।