বঙালী চলচ্চিত্ৰ
৯৬ প্ৰবন্ধ
-
চোখেৰ বালি (২০০৩ চলচ্চিত্ৰ)
চোখৰ বালি (Chokher Bali) হৈছে ২০০৩ চনত মুক্তি পোৱা এখন বঙালী ভাষাৰ এখন ড্ৰামা বা নাট্যধৰ্মী ছবি। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৯০৩ চনৰ চোখেৰ বালি উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। পৰিচালক আছিল ঋতুপৰ্ণ ঘোষ। ইয়াত ঐশ্বৰ্য ৰায়ে বিনোদিনীৰ চৰিত্ৰত আৰু ৰাইমা সেনে আশালতাৰ চৰিত্ৰত অভিনয় কৰিছে।
-
চৰাচৰ
চৰাচৰ ( Shelter of the Wings) ১৯৯৩ চনত বুদ্ধদেৱ দাসগুপ্তৰ পৰিচালনা আৰু প্ৰফুল্ল ৰায়ৰ উপন্যাসৰ আধাৰত নিৰ্মিত এখন বঙালী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ।
-
জাগতে ৰহো
জাগতে ৰহো (Jagte Raho) ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত, অমিত মৈত্ৰ আৰু শম্ভু মিত্ৰ পৰিচালিত, খাজা আহমেদ আব্বাছ ৰচিত, ৰাজ কাপুৰ প্ৰযোজিত আৰু অভিনীত এখন হিন্দী/বঙালী ছবি। ছবিখন এজন দুখীয়া গাওঁলীয়া মানুহৰ সম্পৰীক্ষাক লৈ কেন্দ্ৰীভূত, যিজনে এটা উন্নত জীৱনৰ সন্ধানত চহৰলৈ আহিছে।
-
দখল
দখল (Dakhal) ১৯৮১ চনত মুক্তি পোৱা, গৌতম ঘোষে পৰিচালনা কৰা ভাৰতীয় বঙালী চলচ্চিত্ৰ; য'ত মমতা শংকৰ, ৰবিন সেন গুপ্ত, সুনীল মুখাৰ্জী আৰু সুজল ৰায়চৌধুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। সুশীল জানাৰ চুটিগল্প আম্মাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। এইখন গৌতম ঘোষে পৰিচালনা কৰা প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ বঙালী ছবি।
-
দাদা ঠাকুৰ
দাদা ঠাকুৰ ( Dada Thakur ) ১৯৬২ চনৰ এখন জীৱনীভিত্তিক বঙালী ভাষাৰ চলচ্চিত্ৰ। পৰিচালক সুধীৰ মুখাৰ্জী। এই ছবিখন জনপ্ৰিয়ভাবে দাদা ঠাকুৰ নামেৰে জনাজাত প্ৰকাশক, সম্পাদক আৰু ব্যংগ লেখক শৰৎ চন্দ্ৰ পণ্ডিতৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে। পণ্ডিতৰ জীৱিত অৱস্থাতে ছবিখন নিৰ্মিত হৈছিল আৰু মুক্তি পাইছিল।
-
দেৱদাস (১৯২৮ চনৰ চলচ্চিত্ৰ)
দেৱদাস ১৯২৮ চনত মুক্তি পোৱা এখন বাংলা নিৰ্বাক চলচ্চিত্ৰ। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত নিৰ্মিত আৰু নৰেশ মিত্ৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখন দেৱদাস উপন্যাসৰ প্ৰথমখন চলচ্চিত্ৰ অভিযোজন। পৰিচালক নৰেশ মিত্ৰয়ো এই ছবিখনত অভিনয় কৰিছিল। ইয়াৰ চিত্ৰগ্ৰহণকাৰী আছিল নীতিন বোস।
-
দেৱদাস (২০১৩ চনৰ চলচ্চিত্ৰ)
দেৱদাস হৈছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায় উপন্যাস দেৱদাসৰ আধাৰত নিৰ্মিত বাংলাদেশী ৰোমান্টিক পিৰিয়ডৰ নাটক ছবি। ১৯১৭ চনত শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা দেৱদাস নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত হৈছে এইখন চলচ্চিত্ৰ।
-
দ্য জাপানীজ ৱাইফ
দ্যা জাপানীজ ৱাইফ (The Japanese Wife) হৈছে বঙালী চিত্ৰনিৰ্মাতা অপৰ্ণা সেনৰ দ্বাৰা পৰিচালিত ২০১০ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয়-জাপানী ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। এই ছবিখনত ৰাহুল বসু, ৰাইমা সেন আৰু মৌচুমী চেটাৰ্জী, আৰু জাপানী অভিনেত্ৰী চিগুছা তাকাকুয়ে মূল চৰিত্ৰসমূহত অভিনয় কৰিছিল।
-
ন ডৰাই
ন ডৰাই (No Dorai) তনীম ৰহমান অংশুৰ পৰিচালনাত নিৰ্মিত ২০১৯ চনৰ এখন বাংলাদেশী নাট্যধৰ্মী ছবি। কক্স বজাৰৰ পটভূমিত ৰচিত ন ডৰাইৰ কাহিনীটো এগৰাকী বাংলাদেশী কণমানি ছোৱালীৰ জীৱনৰ ওপৰত আধাৰিত, যিয়ে সমাজৰ নীতি-নিয়মক অৱজ্ঞা কৰি চাৰ্ফাৰ হোৱাৰ সপোন অনুসৰণ কৰে। এইখন প্ৰথম বাংলাদেশী চাৰ্ফিং ছবি।
-
নবাব এলএলবি
নবাব এল এল বি (ইংৰাজী শিৰোনাম: নবাব এল এল বি: বেক ফৰ জাষ্টিচ) এখন বাংলাদেশী আইনী নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য অনন্য মামুনে ৰচনা কৰিছে আৰু আজমত হোছেইনে চেলিব্ৰেটি প্ৰডাকচনৰ ব্যানাৰত প্ৰযোজনা কৰিছে।
-
নায়ক (১৯৬৬ চলচ্চিত্ৰ)
নায়ক (Nayak) ১৯৬৬ চনৰ এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ ৰচনা, পৰিচালনা আৰু সংগীত সত্যজিৎ ৰায়ৰ আছিল। কাঞ্চনজংঘাৰ (১৯৬২)ৰ পিছত এইখন সত্যজিৎ ৰায়ৰ দ্বিতীয়খন সম্পূৰ্ণ মৌলিক চিত্ৰনাট্য আছিল।
-
পদ্মা নদীৰ মাঝি
পদ্মা নদীৰ মাঝি ( Padma Nadir Majhi) মানিক বন্দোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত আৰু গৌতম ঘোষ পৰিচালিত ভাৰত-বাংলাদেশৰ যৌথ প্ৰযোজনাৰ এখন পূৰ্ণদৈৰ্ঘ্য নাট্যধৰ্মী ছবি, য’ত পদ্মা নদীৰ মাছমৰীয়াসকলৰ জীৱনক চিত্ৰিত কৰা হৈছে। ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণৰূপে বাংলাদেশত কৰা হৈছিল।
-
ফাগুন হাৱাই
ফাগুন হাৱাই (Fagun Haway/In Spring breeze) ২০১৯ চনত মুক্তিপ্ৰাপ্ত, তৌকীৰ আহমেদ পৰিচালিত এখন ইতিহাসধৰ্মী বাংলাদেশী চলচ্চিত্ৰ। ছবিখন টিটো ৰহমানে ৰচনা কৰা বঙালী ভাষা আন্দোলনৰ পটভূমিত লিখা বৌ কথা কও নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত।
-
বাড়ীৱালী
বাড়ীৱালী ( Land Lady ) ঋতুপৰ্ণ ঘোষৰ পৰিচালনাত ২০০০ চনত মুক্তি পোৱা পশ্চিম বংগৰ পৰা নিৰ্মিত এখন বাংলা ছবি। ছবিখনত অভিনয় কৰিছে কিৰন খেৰ, ৰূপা গাংগুলী, আৰু চিৰঞ্জীত চক্ৰৱৰ্তীয়ে।
-
বৰবাদ (২০১৪ চলচ্চিত্ৰ)
বৰবাদ (Borbaad; ) হৈছে ২০১৪ চনত মুক্তিপ্ৰাপ্ত, ৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত ভাৰতীয় বঙালী ভাষাৰ একচন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। ই পৰিচালক অনুপ সেনগুপ্ত আৰু অভিনেত্ৰী পিয়া সেনগুপ্তৰ পুত্ৰ তথা ইন্দ্ৰনীল সেনগুপ্তৰ ভতিজা বনি সেনগুপ্ত আৰু অভিনেত্ৰী ঋত্বিকা সেনে মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰথমখন ছবি।
-
মন্দ মেয়েৰ উপাখ্যান
মন্দ মেয়েৰ উপাখ্যান (Mondo Meyer Upakhyan; অনুবাদ: নষ্ট ছোৱালীৰ উপাখ্যান) বুদ্ধদেৱ দাসগুপ্ত পৰিচালিত ২০০২ বৰ্ষৰ এখন বঙালী ভাষাৰ চলচ্চিত্ৰ। মূল ভূমিকাত অভিনয় কৰিছে সমতা দাসে। অন্যান্য গুৰুত্বপূৰ্ণ ভূমিকাত আছে তাপস পাল, ঋতুপৰ্ণ সেনগুপ্ত, শ্ৰীলেখা মিত্ৰ, সুদীপ্ত চক্ৰৱৰ্তী আৰু জুন মালিয়া।
-
যদু ভট্ট (চলচ্চিত্ৰ)
যদু ভট্ট (Jadu Bhatta) ১৯৫৪ চনত নিৰ্মিত আৰু নীৰেন লাহিৰীৰ দ্বাৰা পৰিচালিত এখন বঙালী ভাষাৰ ভাৰতীয় সংগীতধৰ্মী চলচ্চিত্ৰ। ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য নিতাই ভট্টাচাৰ্যই লিখিছে। ইয়াত বসন্ত চৌধুৰীয়ে নাম ভূমিকাত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে ছবি বিশ্বাস, অজিত প্ৰকাশ, আৰু নীতিশ মুখাৰ্জীয়ে।
-
লৌহ কপাট
লৌহ কপাট (Louha Kapat) ১৯৫৮ চনৰ তপন সিনহা পৰিচালিত বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। জৰাসন্ধৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য তপন সিনহাই লিখিছে। প্ৰযোজনা প্ৰমোদ কুমাৰ লাহিড়ীৰ। অভিনয় কৰিছে ছবি বিশ্বাস, কমল মিত্ৰ, অমৰ মল্লিক, কালী বেনাৰ্জী আৰু মালা সিনহাই।
-
সুকুমাৰী (চলচ্চিত্ৰ)
সুকুমাৰী (Sukumari) ঢাকাৰ নবাব পৰিয়ালে নিৰ্মাণ কৰা, ১৯২৯ চনৰ এখন চুটি ছবি। সুকুমাৰী ব্ৰিটিছ ভাৰতৰ ঢাকাত (বৰ্তমান বাংলাদেশ) নিৰ্মিত প্ৰথমখন ছবি। নবাব পৰিয়ালৰ উৎসাহত অনুপ্ৰাণিত হৈ অম্বুজা প্ৰসন্ন গুপ্তাই ১৯২৭ চনত এই পৰীক্ষামূলক চুটি নিৰ্বাক ছবিখন পৰিচালনা কৰে।
-
সোণাৰ কেল্লা
সোণাৰ কেল্লা (ইংৰাজী নাম: The Golden Fortress) হ'ল সত্যজিৎ ৰায় ৰচিত এখন বিখ্যাত ৰহস্য উপন্যাস। এই উপন্যাসখন ১৯৭১ চনত প্ৰকাশ পায় আৰু ই সত্যজিৎ ৰায়ৰ জনপ্ৰিয় ৰহস্য চৰিত্ৰ ফেলুদাক কেন্দ্ৰ কৰি লিখা কাহিনীৰ অন্যতম।
-
হাটে বাজাৰে
হাটে বাজাৰে ( Hatey Bazarey) ১৯৬৭ চনত মুক্তিপ্ৰাপ্ত, খ্যাতিমান বঙালী পৰিচালক তপন সিনহা পৰিচালিত এখন কলাত্মক চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে অসীম দত্তৰ প্ৰিয়া এণ্টাৰটেইনমেণ্ট প্ৰোডাকচন লিমিটেডে। ছবিৰ গল্পৰ মূল উপজীব্য সৎ আৰু অসতৰ মাজত সংঘাত। মূল চৰিত্ৰত অভিনয় কৰিছে অশোক কুমাৰ আৰু বৈজয়ন্তীমালাই।
-
হাৰানো সুৰ
হাৰানো সুৰ (Harano Sur) ১৯৫৭ চনৰ অজয় কৰ পৰিচালিত ভাৰতীয় বঙালী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি; য'ত সুচিত্ৰা সেন আৰু উত্তম কুমাৰে অভিনয় কৰিছে। হেমন্ত মুখাৰ্জীয়ে সুৰাৰোপ কৰা গীতত গীতা দত্তই কণ্ঠদান কৰে। অজয় কৰৰ সৈতে উত্তম কুমাৰে প্ৰযোজনা কৰা এইখন প্ৰথম ছবি।
-
ৰাণী ৰাসমণি (চলচ্চিত্ৰ)
ৰাণী ৰাসমণি (Rani Rasmani) কালীপ্ৰসাদ ঘোষ পৰিচালিত আৰু ১৯৫৫ চনত নিৰ্মিত বঙালী ভাষাৰ এখন ভাৰতীয় জীৱনীমূলক ছবি। ৰাণী ৰাসমণিৰ জীৱনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াত মলিনা দেৱীয়ে নাম ভূমিকাত অভিনয় কৰিছিল। ১৯৫৫ চনৰ ১১ ফেব্ৰুৱাৰীত চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন মুক্তি পায়।
-
অট'গ্ৰাফ (চলচ্চিত্ৰ)
অট’গ্ৰাফ (Autograph) হৈছে ২০১০ বৰ্ষত মুক্তিপ্ৰাপ্ত এখন বাংলা ভাষাৰ চলচ্চিত্ৰ। এইখন পৰিচালনা কৰিছিল নৱাগত সৃজিত মুখাৰ্জীয়ে।
-
অতিথি (১৯৬৫ চলচ্চিত্ৰ)
অতিথি (Atithi) ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত ১৯৬৫ চনত নিৰ্মিত আৰু তপন সিনহা পৰিচালিত এখন বঙালী নাট্যধৰ্মী ছবি। ইয়াত ঘৰুৱা জীৱনৰ পৰিসীমাত আবদ্ধ জীৱনতকৈ বিচৰণকাৰীৰ জীৱনক বেছি পছন্দ কৰা এটা কিশোৰৰ কাহিনী কোৱা হৈছে।
-
অন্নপূৰ্ণাৰ মন্দিৰ
অন্নপূৰ্ণাৰ মন্দিৰ (Annapurnar Mandir ) নৰেশ মিত্ৰ পৰিচালিত এখন বঙালী সামাজিক নাট্যধৰ্মী ছবি। নিৰুপমা দেৱীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
আঁধাৰে আলো
আঁধাৰে আলো (Andhare Alo) হৰিদাস ভট্টাচাৰ্যৰ পৰিচালিত আৰু ১৯৫৭ চনত ভাৰতৰ পৰা নিৰ্মিত বঙালী ভাষাৰ এখন নাট্যধৰ্মী ছবি। ছবিখন শ্ৰীমতী পিকচাৰ্ছৰ বেনাৰত কানন ভট্টাচাৰ্যই প্ৰযোজনা কৰিছিল।
-
আকাশ কুসুম
আকাশ কুসুম (Akash Kusum) ১৯৬৫ চনত সমান্তৰাল চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ দ্বাৰা পৰিচালিত নিৰ্মিত এখন ভাৰতীয় বঙালী ছবি।
-
আৰেকটি প্ৰেমেৰ গল্প
আৰেকটি প্ৰেমেৰ গল্প ( Just Another Love Story ) ২০১০ চনৰ বাংলা চলচ্চিত্ৰ নিৰ্মাতা কৌশিক গাংগুলীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে ঋতুপৰ্ণ ঘোষ আৰু ইন্দ্ৰনীল সেনগুপ্তই।, ঘোষে ইয়াত এজন ট্ৰাঞ্চজেণ্ডাৰ চলচ্চিত্ৰ নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিছে।
-
আৰোগ্য নিকেতন
আৰোগ্য নিকেতন (Arogya Niketan) বিজয় বসু পৰিচালিত ১৯৬৭ চনৰ বঙালী ভাষাৰ এখনৰ ভাৰতীয় নাট্যধৰ্মী ছবি। এইখন তাৰাশংকৰ বন্দোপাধ্যায় ৰচিত একেই নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ছবিখন আৰোৰা ফিল্ম কৰ্পোৰেচনে প্ৰযোজন কৰিছে।