অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কাবুলিৱালা (১৯৫৭ চলচ্চিত্ৰ)

কাবুলিৱালা ( Kabuliwala ১৯৫৭ চনত মুক্তি পোৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা, তপন সিনহাই পৰিচালনা কৰা এখন বঙালী চলচ্চিত্ৰ।

হালনাগাদ: ১৩ মে’ ২০২৫ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

কাবুলিৱালা ( Kabuliwala ১৯৫৭ চনত মুক্তি পোৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা, তপন সিনহাই পৰিচালনা কৰা এখন বঙালী ভাষা চলচ্চিত্ৰ।১

কাহিনীৰ সাৰাংশ

ৰহমত এজন মধ্যবয়স্ক আফগানী ফল বিক্ৰেতা। তেওঁ ফল বিক্ৰী কৰিবলৈ কলকাতালৈ আহে। তাত তেওঁ মিনি নামৰ এজনী সৰু বঙালী ছোৱালীৰ সৈতে বন্ধুত্ব হয়। মিনিক দেখি তেওঁৰ নিজৰ জীয়েকৰ কথা মনত পৰে, যাক তেওঁ আফগানিস্তানত এৰি আহিছিল। ৰহমতে আফগানিস্তানৰ পৰা আহি কলিকতাত ব্যৱসায় কৰি থকা আন কিছু স্বদেশীয় লোকৰ সৈতে এটা বৰ্ডিং হাউচত বাস কৰিছিল।১

এদিন ৰহমতে চিঠি যোগে তেওঁৰ জীয়েকৰ অসুস্থতাৰ খবৰ পায়। তেওঁ নিজৰ দেশলৈ যোৱাৰ সিদ্ধান্ত লয়। তেওঁ কিছুমান গ্ৰাহকক বাকীত বস্তু বিক্ৰি কৰিছিল। যেতিয়া তেওঁ টকা বিচাৰি গ’ল, এজন গ্ৰাহকে তেওঁক অপমান কৰে। কথা কটাকটি হৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু ৰহমতে গ্ৰাহকজনক চুৰিৰে আঘাত কৰে।১

ৰহমতৰ উকীলে তেওঁক আদালতত সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল যদিও সহজ-সৰল স্বভাৱৰ ৰহমতে আদালতত সকলো কথা খুলি কৈ দিলে। তেওঁৰ সততাত সন্তুষ্ট হৈ ন্যায়াধীশে মৃত্যুদণ্ডৰ পৰিৱৰ্তে তেওঁক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰে।১

ৰহমতে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ দিনা মিনিক লগ কৰিবলৈ যায়। এতিয়া মিনি এজনী চৈধ্য বছৰীয়া ছোৱালী। সোনকালেই তাইৰ বিবাহ অনুষ্ঠিত হ’ব। মিনিয়ে কিন্তু তেওঁক চিনি নাপায়। ৰহমতে অনুভৱ কৰে যে তেওঁৰ জীয়েকেও নিশ্চয় তেওঁক পাহৰি গৈছে। মিনিৰ দেউতাকে তেওঁক স্বগৃহলৈ ঘূৰি যাবৰ পৰামৰ্শ দিয়ে। মিনিৰ মাকে মিনিৰ বিয়াৰ বাবে যোগাৰ কৰা টকাৰ পৰাই কিছু টকা ঘৰলৈ ঘূৰি যোৱাৰ খৰচ হিচাপে ৰহমতক দিয়ে। মিনিয়েও ৰহমতৰ জীয়েকৰ বাবে এটা উপহাৰ প্ৰেৰণ কৰে।১

অভিনয় শিল্পী

  • ছবি বিশ্বাস (ৰহমত)
  • টিংকু (মিনি)
  • ৰাধামোহন ভট্টাচাৰ্য (মিনিৰ দেউতাক)
  • মঞ্জু দে (মিনিৰ মাক)
  • জীবেন বসু (জেইলৰ)
  • আশা দেৱী (লিগিৰি)
  • কালি বেনাৰ্জী (কাৰগাৰৰ সংগী)
  • জহৰ ৰয় (ভোলা, লগুৱা)
  • নৃপতি চেতাৰ্জী (ধৰুৱা)

বঁটা

  • ১৯৫৬ চনৰ ৪ৰ্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা১
    • সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক
    • বঙালী ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক
  • ৭ম আন্তঃৰাষ্ট্ৰীয় বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত চিলভাৰ বিয়েৰ লাভ।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 4th National Film Awards. Directorate of Film Festivals
  2. ↑ 7th Berlin International Film Festival: Prize Winners. berlinale.de

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীতপন সিনহা পৰিচালিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাবুলিৱালা (১৯৫৭ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৮২৭০ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।