কাঞ্চনজঙ্ঘা (Kanchenjungha (1962 film)) সত্যজিৎ ৰায় পৰিচালিত এখন বাংলা ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন কাঞ্চনজঙ্ঘা পৰ্বতৰ সমীপত অৱস্থিত জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ দাৰ্জিলিঙলৈ সপৰিয়ালে ছুটী উপভোগ কৰিবলৈ যোৱা এক উচ্চবৰ্গৰ বাঙালী পৰিয়ালক লৈ নিৰ্মিত। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছবি বিশ্বাস, কৰুণা বন্দ্যোপাধ্যায়, অনিল চট্টোপাধ্যায়, অলকানন্দ ৰায় আৰু অনুভা গুপ্তই। ১৯৬২ চনৰ ১১ মে’ত চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। ২৬ সংখ্যক বংগ চলচ্চিত্ৰ সাংবাদিক সন্থাৰ বঁটা প্ৰদান অনুষ্ঠানত এই চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ সংলাপ (সত্যজিৎ) বঁটা লাভ কৰিছিল।
অভিনয়ত
- ছবি বিশ্বাস: ইন্দ্ৰনাথ ৰায়
- কৰুণা বন্দ্যোপাধ্যায়: লাৱণ্য (বোৱাৰী)
- অনিল চট্টোপাধ্যায়: অনিল, (পুত্ৰ)
- অলকানন্দা ৰায়: মনীষা (অবিবাহিত কন্যা)
- অনুভা গুপ্ত: অনিমা (ডাঙৰ জীয়েক)
- অৰুণ মুখাৰ্জি: অশোক (কলকাতাৰ যুৱক)
- সুব্ৰত সেন: শঙ্কৰ
- শিবাণী সিংহ: টুকলু
- বিদ্যা সিংহ: অনিলৰ প্ৰেমিকা
- পাহাড়ী সান্যাল: জগদীশ
- এন বিশ্বনাথন: বেনাৰ্জী
পুৰস্কাৰ
| পুৰস্কাৰ | বিভাগ | মনোনীত | ফলাফল | |
|---|---|---|---|---|
| ২৬ সংখ্যক বাংলা চলচ্চিত্ৰ সাংবাদিক সমিতি পুৰস্কাৰ | ২য় শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ | কাঞ্চনজঙ্ঘা | ||
| শ্ৰেষ্ঠ সংলাপ | সত্যজিৎ ৰায় |
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঞ্চনজঙ্ঘা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৬৪১২০ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।