বিচাৰক ( Bicharak ) প্ৰভাত মুখাৰ্জী পৰিচালিত বঙালী ভাষাৰ চাইক’লজীকেল থ্ৰিলাৰ ছবি। তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক আছিল অৰুন্ধতী দেৱী।১২ ১৯৫৯ চনত৩ প্ৰভাত প্ৰডাকচনৰ বেনাৰত মুক্তি পোৱা বিচাৰকে বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৭ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৪ ছবিখনত অৰুন্ধতী দেৱীৰ সৈতে উত্তম কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে ছবি বিশ্বাস, পাহাড়ী সান্যাল আৰু চন্দ্ৰাৱতী দেৱী। ছবিখনত উত্তম কুমাৰে বিচাৰকৰ ভূমিকাত তেওঁ কৰা সৰ্বশ্ৰেষ্ঠ অভিনয়ৰ অন্যতম আছিল। এই ছবিখন তেওঁৰ অভিনয় জীৱনৰ অন্যতম শ্ৰেষ্ঠ ছবি আৰু বঙালী চলচ্চিত্ৰ ইতিহাসৰ শ্ৰেষ্ঠ ছবি হিচাপেও স্মৰণ কৰা হয়।৫ ছবিখনে সমালোচকৰ বিপুল প্ৰশংসাও লাভ কৰাৰ লগতে ব্যৱসায়িক সফলতাও লাভ কৰে।
কাহিনীৰ সাৰাংশ
ন্যায়াধীশ জ্ঞানেন্দ্ৰই পত্নী সৰমাৰ সৈতে বাস কৰে। এজন ন্যায়াধীশ ৰূপে তেওঁ বিভিন্ন মোকৰ্দমাৰ বিচাৰ কৰিবলৈ যাওঁতে তেওঁৰ অতীত আৰু নিজৰ ৰহস্যজনক কাৰ্যৰ সত্যতা মনলৈ আহে। তেওঁ এসময়ত এজন জনপ্ৰিয় উকীল আছিল আৰু সুমতিৰ সৈতে বিবাহ হৈছিল। সুমতী এজনী অসভ্য আৰু সন্দেহবাদী তিৰোতা আছিল। কিন্তু জ্ঞানেন্দ্ৰৰ দুৰ্বলতা আছিল তেওঁৰ প্ৰফেচাৰ ছোৱালী সৰমাৰ প্ৰতি। এদিন জ্ঞানেন্দ্ৰৰ ঘৰত জুই লাগে আৰু তাতেই সুমতি জাহ যায়। জ্ঞানেন্দ্ৰই পত্নীক বচাবলৈ কোনো প্ৰয়াস নচলালে, হয়তো তেওঁ সুমতিক আৰু সহ্য কৰিব নোৱাৰা হৈ আহিছিল। ইয়াৰ পাছত তেওঁ সৰমাক বিয়া কৰায় আৰু এজন ন্যায়াধীশ হয়গৈ। কিন্তু তেওঁৰ এক অপৰাধবোধ হয়, যিয়ে অহৰহ আমনি কৰে।
অভিনয় শিল্পী
- শিশিৰ ভাদুৰী (ন্যায়াধীশ)
- উত্তম কুমাৰ (জ্ঞানেন্দ্ৰ)
- ছবি বিশ্বাস (উকীল)
- পাহাড়ী সান্যাল (প্ৰফেচাৰ)
- অৰুন্ধতী দেৱী (সৰমা)
- দীপ্তি ৰায় (সুমতি)
- চন্দ্ৰাৱতী দেৱী
- বাণী হাজৰা
- অতনু ঘোষ
বঁটা
- ৭ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৯):বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট
তথ্যসূত্ৰ
- ↑ Bandyopadhyay, Tarashankar. Bicharak
- ↑ Bicharak-Bengali Movie
- ↑ Aspects of Film Festival
- ↑ Hindi TV Serials 7th National Film Awards. nettv4u.com
- ↑ (2022-07-24). Once Upon a Cinema: Uttam Kumar's Last Bow. Firstpost
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিচাৰক” প্ৰবন্ধৰ সংশোধন ৫০২২৭৯ (৫ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।