অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মহানগৰ

মহানগৰ Mahanagar) ১৯৬৩ চনত সত্যজিৎ ৰায়ৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি; মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মাধৱী মুখাৰ্জীয়ে।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৫ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মহানগৰ Mahanagar) ১৯৬৩ চনত সত্যজিৎ ৰায়ৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি; মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মাধৱী মুখাৰ্জীয়ে।১ নৰেন্দ্ৰনাথ মিত্ৰৰ অৱতৰণিকা শীৰ্ষক চুটিগল্পৰ আধাৰত নিৰ্মিত এই ছবিখনত এগৰাকী গৃহিণীৰ কাহিনী কোৱা হৈছে, যিয়ে এগৰাকী বিক্ৰেতাৰ চাকৰি কৰি নিজৰ পৰম্পৰাবাদী পৰিয়ালটোক বিচলিত কৰি পেলায়। এই ছবিখনত পৰৱৰ্তী কালৰ হিন্দী চলচ্চিত্ৰৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী জয়া ভাদুৰীৰ পৰ্দাত প্ৰথম উপস্থিতি আছিল।

১৯৬৩ চনৰ প্ৰথমাৰ্ধত কলিকতাত শ্বুটিং কৰা মহানগৰখন আছিল সত্যজিৎ পৰিচালিত প্ৰথমখন ছবি, য’ত সম্পূৰ্ণৰূপে তেওঁৰ জন্মভূমি কলিকতাৰ পটভূমিত নিৰ্মিত হৈছিল। ছবিখনে চহৰীয়া মধ্যবিত্ত শ্ৰেণীৰ সমসাময়িক বাস্তৱতাক প্ৰতিফলিত কৰিছিল, য’ত মহিলাসকলে কাম কৰিবলৈ বাহিৰলৈ ওলাই অহাতো কেৱল মুক্তিৰ ধাৰণাৰে পৰিচালিত নহয়, বৰঞ্চ ই এক অৰ্থনৈতিক বাস্তৱত পৰিণত হৈছিল। ছবিখনত পিতৃতান্ত্ৰিক দৃষ্টিভংগী আৰু সামাজিক গতিশীলতাৰ ওপৰত আত্মবিশ্বাসী শ্ৰমজীৱী মহিলাগৰাকীৰ প্ৰভাৱ পৰীক্ষা কৰা হৈছে।১ প্ৰবীণ চলচ্চিত্ৰ সমালোচক ফিলিপ ফ্ৰেঞ্চৰ মতে, ছবিখন অপু ত্ৰিল’জীৰ সৈতে ৰায়ৰ শ্ৰেষ্ঠ কামসমূহৰ অন্যতম।২

বঁটা

  • ১৯৬৪ চনত ১৪তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সত্যজিৎ ৰায়ে শ্ৰেষ্ঠ পৰিচালকৰ গোল্ডেন বিয়েৰ বঁটা লাভ কৰে।৩
  • ৩৬তম একাডেমী বঁটাত এই ছবিখনক শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ ভাৰতীয় প্ৰৱেশ হিচাপে নিৰ্বাচিত কৰা হৈছিল যদিও এই বঁটাৰ বাবে চূড়ান্ত পাঁচখন মনোনীত ছবিৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হোৱা নাছিল।৪
  • একাদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই ছবিখনে তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ সৰ্বভাৰতীয় প্ৰমাণপত্ৰ লাভ কৰে।৫
  • মহানগৰে ১৯৬৩ চনত প্ৰথম ফিল্মফেয়াৰ শ্ৰেষ্ঠ বাংলা চলচ্চিত্ৰৰ বঁটা লাভ কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Seton, Marie. (2003). Portrait of a Director: Satyajit Ray. Penguin Books India. পৃ. 233. ISBN 9780143029724
  2. ↑ French, Philip. (18 August 2013). The Big City – review. The Observer. Guardian News and Media
  3. ↑ Prizes & Honours 1964. Annual Archives: 1964. Berlin International Film Festival
  4. ↑ Margaret Herrick Library, Academy of Motion Picture Arts and Sciences
  5. ↑ Programme - April 25, 1964. State Awards for Films. International Film Festival of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰবঙালী চলচ্চিত্ৰ১৯৬৩ বৰ্ষৰ চলচ্চিত্ৰসত্যজিৎ ৰায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহানগৰ” প্ৰবন্ধৰ সংশোধন ৫৬৪১২২ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।