দেৱী ( Devi ) ১৯৬০ চনত মুক্তি পোৱা পৰিচালক সত্যজিৎ ৰায়ে পৰিচালনা কৰা এখন বঙালী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। অভিনয় কৰিছে শৰ্মিলা ঠাকুৰ, সৌমিত্ৰ চেটাৰ্জী আৰু ছবি বিশ্বাস। প্ৰভাত কুমাৰ মুখোপাধ্যায়ৰ এটি চুটিগল্পৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। ছবিখনত এজন জমিদাৰে তেওঁৰ বোৱাৰীয়েক দেৱীৰ অৱতাৰ ৰূপে বিশ্বাস কৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে। একাডেমী ফিল্ম আৰ্কাইভত ১৯৯৬ চনত দেৱীক সংৰক্ষণ কৰা হৈছে।১
কাহিনীৰ সাৰাংশ
ঊনবিংশ শতিকাৰ চান্দপুৰৰ জমিদাৰ কালীকিংকৰ। তেওঁ মা কালীৰ পৰম ভক্ত। এদিন সপোনত তেওঁ সৰু বোৱাৰীয়েক দয়াময়ীক কালীৰ ৰূপত দেখা পায়। দয়াময়ীক মা কালীৰ ৰূপ হিচাপে পূজা অৰ্চনা আৰম্ভ হ’ল। এনেতে এটা মৃতপ্ৰায় শিশুক কৰুণাময়ী মাতৃৰ চৰণলৈ লৈ অহা হয় আৰু শিশুটো সুস্থ হৈ উঠে। এই খবৰ চৌদিশে প্ৰচাৰ হৈ যোৱাৰ পিছত অনেক ব্যক্তি তেওঁৰ ওচৰলৈ আশীষ বিচাৰি আহে। এই ঘটনাৰ খবৰ পাই কলকাতাত পঢ়ি থকা দয়াময়ীৰ স্বামী উমাপ্ৰসাদ ঘৰলৈ উভতি আহে আৰু তেওঁক এইবোৰ ভুল প্ৰথা বুলি বুজাই কলকাতালৈ লৈ যাব বিচাৰে। কিন্তু দয়াময়ীয়েও ইতিমধ্যে নিজকে কালীৰ ৰূপ বুলি ভাবিবলৈ আৰম্ভ কৰিছিল আৰু সেয়েহে তেওঁ স্বামীৰ সৈতে কলকাতালৈ যাবলৈ অস্বীকাৰ কৰে।
ইফালে এদিন দয়াময়ী আৰু উমাপ্ৰসাদৰ সন্তান খোকাৰ তীব্ৰ জ্বৰ উঠে। সেই জ্বৰতে দয়াময়ীৰ হাততে তাৰ মৃত্যু হয়; মা কালীৰ ৰূপ হৈয়ো মাকে তাক বচাব নোৱাৰিলে। শেষ দৃশ্যত দয়াময়ীক এখন পথাৰত দৌৰি দৌৰি গৈ অদৃশ্য হৈ পৰা দেখা যায়।
সঁহাৰি
মুক্তিৰ লগে লগে ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰে।২ ৰিভিউ এগ্ৰিগেটৰ ৱেবছাইট ৰ’টেন টমেটোজত ছবিখনৰ ১৭ জন সমালোচকৰ সমালোচনা ৭.৭/১০ গড় ৰেটিঙেৰে ১০০% ইতিবাচক আছিল।৩
পৰিচালক উইলিয়াম ৱাইলাৰ আৰু ইলিয়া কাজানে ছবিখনক "চেলুলয়ডৰ কবিতা" বুলি অভিহিত কৰে।৪৫ পৰিচালক ফ্ৰান্সিছ ফৰ্ড কপ'লাই দেৱীক সত্যজিতৰ শ্ৰেষ্ঠ কৃতি বুলি গণ্য কৰি ইয়াক "চলচ্চিত্ৰৰ মাইলৰ খুঁটি" বুলি উল্লেখ কৰে।৬
ছবিখন এলেন ছিয়েৰৰ দ্বাৰা দ্য গডেছ অপেৰালৈ ৰূপান্তৰিত কৰা হয়।৭
অভিনয় শিল্পী
- শৰ্মিলা ঠাকুৰ (দয়াময়ী)
- সৌমিত্ৰ চেটাৰ্জী (উমাপ্ৰসাদ)
- ছবি বিশ্বাস (কালীকিংকৰ ৰায়)
- কৰুণা বেনাৰ্জী (হাৰুসুন্দৰী, তাৰাপ্ৰসাদৰ পত্নী)
- পূৰ্ণেন্দু মুখাৰ্জী (তাৰাপ্ৰসাদ, কালিকিংকৰৰ ডাঙৰ পুত্ৰ)
- অৰ্পন চৌধুৰী (খোকা)
- অনিল চেটাৰ্জী ((ভূদেৱ)
- মহম্মদ ইজৰায়েল (নিবাৰণ, যাৰ পুত্ৰ সুস্থ হৈ উঠিছিল)
- কালি শংকৰ (প্ৰফেচাৰ)
- খগেশ চক্ৰৱৰ্তী (কবিৰাজ)
- সান্তনা দেৱী (সৰলা)
- নগেন্দ্ৰনাথ কাব্যব্যকৰণতীৰ্থ (পুৰোহিত)
বঁটা
- ৮ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬০):বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰৌপ্য পদক৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Preserved Projects. Academy Film Archive
- ↑ (8 October 1962). Screen: Satyajit Ray's 'Devi' Arrives:Indian Film Deals With a Religious Conflict: Creator of 'Apu' Plays Old Against New. The New York Times print archive
- ↑ (11 July 2007). Devi (The Goddess). Rotten Tomatoes
- ↑ Gupta, Ranjan Das. (30 April 2011). Ray at Cannes. The Hindu Times
- ↑ Roisin, Fariha. (18 August 2014). Why the Best American Filmmakers Owe a Debt to Satyajit Ray. IndieWire
- ↑ Gupta, Ranjan Das. (27 November 2010). Back behind the camera. The Hindu
- ↑ Allen Shearer. American Composers Forum
- ↑ 8th National Film Awards. International Film Festival of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱী (১৯৬০ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৮৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।