অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ক্ষুধিত পাষাণ

ক্ষুধিত পাষাণ (Kshudhita Pashan) ১৮৯৫ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত একে নামৰ চুটিগল্পৰ আধাৰত তপন সিনহাই পৰিচালনা কৰা এখন বঙালী নাট্যধৰ্মী ছবি। প্ৰযোজনা কৰিছে হেমেন গাংগুলীয়ে। ১৯৬০ চনত মুক্তি পোৱা এই ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

হালনাগাদ: ১৩ মে’ ২০২৫ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ক্ষুধিত পাষাণ (Kshudhita Pashan) ১৮৯৫ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত একে নামৰ চুটিগল্পৰ আধাৰত তপন সিনহাই পৰিচালনা কৰা এখন বঙালী নাট্যধৰ্মী ছবি।১ প্ৰযোজনা কৰিছে হেমেন গাংগুলীয়ে।২৩৪ ১৯৬০ চনত মুক্তি পোৱা এই ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ক্ষুধিত পাষাণৰ সংগীত পৰিচালনা ওস্তাদ আলী আকবৰ খানৰ।৫

কাহিনীসাৰ

সৰু চহৰ এখনত এজন যুৱ টেক্স কালেক্টৰ চাকৰিত নিযুক্ত হৈছে। তেওঁ এটা পৰিত্যক্ত পুৰণি ৰাজপ্ৰসাদত বাস কৰিবলৈ লয়, য’ত ভূতৰ উপদ্ৰৱ হয় বুলি উৰাবাতৰি প্ৰচলিত। স্থানীয় লোকে তেওঁক সকীয়াই দিবলৈ চেষ্টা কৰে যে প্ৰাসাদটোৰ ক্ষুধিত পাষাণৰ বাবে যিয়েই তাত থাকিবলৈ চেষ্টা কৰিছে তেওঁ হয় উন্মাদ হৈ পৰিছে নহয় মৃত্যুমুখত পৰিছে। তেওঁ উপলব্ধি কৰে যে ৰাতি প্ৰাসাদত এগৰাকী ৰহস্যময়ী সুন্দৰী নাৰী ঘূৰি ফুৰে।

অভিনয় শিল্পী

বঁটা

অষ্টম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬০)

  • দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট)৬

কৰ্ক চলচ্চিত্ৰ মহোৎসৱ, আয়াৰলেণ্ড

  • শ্ৰেষ্ঠ চলচ্চিত্ৰ

তথ্যসূত্ৰ

  1. ↑ Bhatia, Uday. (4 July 2014). Ghosts who act. The Hindu Business Line
  2. ↑ Eternal magic of Tagore's music, stories inspires filmmakers. deccanherald.com
  3. ↑ Eternal magic of Tagore's music, stories inspires filmmakers. deccanherald.com
  4. ↑ Poetry on the big screen. thehindu.com
  5. ↑ Charge of the youth brigade at the 39th Patton Argus Open Quiz, with The Telegraph. telegraphindia.com
  6. ↑ 8th National Film Awards. International Film Festival of India

সম্পৰ্কিত শ্ৰেণী

১৯৬০ বৰ্ষৰ চলচ্চিত্ৰবঙালী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ষুধিত পাষাণ” প্ৰবন্ধৰ সংশোধন ৫০৮২২৯ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।