পাকিস্তানৰ কণ্ঠশিল্পী
২৭ প্ৰবন্ধ
-
নুৰ জাহান
নুৰ জাহান (Noor Jehan; জন্ম নাম: আল্লাহ ৱাচাই; ২১ চেপ্তেম্বৰ ১৯২৬–২৩ ডিচেম্বৰ ২০০০) এগৰাকী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা অভিনেত্ৰী আছিল। তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি হৈছিল ব্ৰিটিছ ভাৰতত। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত তেওঁ পাকিস্তানলৈ গুছি গৈছিল।
-
আতিফ আচলম
আতিফ আচলম (; জন্মগত নাম মহম্মদ আতিফ আচলম, জন্ম ১২ মাৰ্চ ১৯৮৩) এজন পাকিস্তানী পপ গায়ক আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ বলিউডৰ কেইবাখনো ছবিত কেমিঅ' ভূমিকাত অবতীৰ্ণ হৈছে। ২০১১ চনত পাকিস্তানী চলচ্চিত্ৰ বোলত তেওঁ প্ৰথম অভিনেতা হিচাপে অৱতীৰ্ণ হৈছিল। তেওঁ কেইবাটাও জনপ্ৰিয় গীত গাইছে।
-
মুখতাৰ বেগম
মুখতাৰ বেগম (Mukhtar Begum; ১২ জুলাই ১৯০১- ২৫ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী আছিল। ছবি আৰু ৰেডিঅ'ত গীত গাই তেওঁ সংগীতৰ ৰাণী নামেৰে পৰিচিতি পাইছিল।
-
ৰোচন আৰা বেগম
ৰোচন আৰা বেগম ( Roshan Ara Begum; ১৯১৭- ৬ ডিচেম্বৰ ১৯৮২) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী আছিল। আব্দুল হক খানৰ জীয়ৰী হিচাপে তেওঁৰ সম্পৰ্কীয় ভাতৃ আব্দুল কৰিম খানৰ যোগেদি পৰা শাস্ত্ৰীয় সঙ্গীতৰ কিৰানা ঘৰানাৰ সৈতে সংযোগ আছিল।
-
জাহিদা পাৰবীন
জাহিদা পাৰবীন (ইংৰাজী: Zahida Parveen; ১৯২৫ – ১৫ মে' ১৯৭৫) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় গায়িকা আৰু এগৰাকী চলচ্চিত্ৰৰ নেপথ্য গায়িকা। তেখেতক “দ্য নাইটিংগেল” আৰু “দ্য কুইন অৱ কাফি” নামেৰে জনা গৈছিল৷
-
মলীকা পোখৰাজ
মলীকা পোখৰাজ – ১৯১২ - ২০০৪) পাকিস্তানৰ এগৰাকী গজল আৰু লোকগীতৰ কণ্ঠশিল্পী আছিল। তেওঁ সচৰাচৰ 'মলীকা', যাৰ অৰ্থ ৰাণী, নামেৰে পৰিচিত আছিল। তেখেত হাফিজ জলন্ধৰীৰ নাজম গীত, অভি ত' মেঁ জৱান হুঁ (মই এতিয়াও তৰুণ)-ত কন্ঠদান কৰাৰ বাবে অত্যন্ত জনপ্ৰিয়তা লাভ কৰিছিল, যিটো কেৱল পাকিস্তানতে নহয় ভাৰততো জনপ্ৰিয়…
-
গুল পান্ৰা
গুল পান্ৰা (ইংৰাজী: Gul Panra; জন্ম: ৬ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী পাকিস্তানী লোকগায়ক আৰু ভ্ৰমণকাৰী শিল্পী, মূলতঃ পশতু ভাষাৰ সংগীত উদ্যোগৰ সৈতে জড়িত। তেওঁক মেহনাজ নামেৰেও জনা যায়৷ তেওঁ পাকিস্তান, যুক্তৰাজ্য আৰু আফগানিস্তানত অনুষ্ঠান পৰিৱেশন কৰিছে।
-
ছুৰইয়া খানুম
ছুৰইয়া খানুম (ইংৰাজী: Suraiya Khanum) পঞ্জাবৰ এগৰাকী প্ৰবীণ পাকিস্তানী লোক শিল্পী আৰু শাস্ত্ৰীয় গায়িকা। পাকিস্তান দূৰদৰ্শন আৰু অন্যান্য টিভি চেনেলত অন্তৰস্পৰ্শী পৰিবেশন আৰু চুফী সংগীত গোৱাৰ বাবেও তেওঁ পৰিচিত।
-
জুবেইদা খানুম
জুবেইদা খানুম (১৯৩৫ – ১৯ অক্টোবৰ ২০১৩) এগৰাকী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা লোক গায়িকা৷ ১৯৫০ চনৰ পৰা ১৯৬০ চনলৈ পাকিস্তানী চলচ্চিত্ৰ সংগীতৰ সোণালী যুগত তেওঁ ২৫০ খনতকৈও অধিক চলচ্চিত্ৰৰ গীতত কণ্ঠদান কৰিছিল।
-
জেৰিনা বালোচ
জেৰিনা বালোচ (উৰ্দু: زرینہ بلوچ, ২৯ ডিচেম্বৰ ১৯৩১ – ২৫ অক্টোবৰ ২০০৫) পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এগৰাকী সিন্ধী লোক-সংগীতৰ গায়িকা আৰু সুৰকাৰ। ইয়াৰ উপৰিও তেওঁ এগৰাকী অভিনেত্ৰী, ৰেডিঅ’ আৰু দূৰদৰ্শনৰ শিল্পী, লেখিকা, শিক্ষয়িত্ৰী, ৰাজনৈতিক কৰ্মী আৰু সমাজকৰ্মী আছিল।
-
নাজিয়া ইকবাল
নাজিয়া ইকবাল (উৰ্দু: نازيه اقبال, ইংৰাজী: Nazia Iqbal; জন্ম: প্ৰায় ১৯৮৪) পাকিস্তানৰ এগৰাকী পশতু ভাষাৰ গায়িকা। এসময়ত তেওঁ পেছোৱাৰ জালমি ক্ৰিকেট দলৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল। তেওঁ সংযুক্ত আৰৱ আমিৰাত, যুক্তৰাজ্য আৰু বিশ্বৰ অন্যান্য বহু ঠাইত অনুষ্ঠান পৰিৱেশন কৰে।
-
নাজিয়া হাচান
নাজিয়া হাচান (; ৩ এপ্ৰিল ১৯৬৫- ১৩ আগষ্ট ২০০০) বিশ্বব্যাপি ৬৫ মিলিয়ন ভায়েক জোহেব হাচানৰ সৈতে গোৱা তেওঁৰ গীতৰ ৰেকৰ্ড বিক্ৰী হৈছিল। ইংৰাজী ভাষাৰ একক এলবাম ড্ৰীমাৰ দিৱানেৰ যোগে ব্ৰিটিছ তালিকাত স্থান লাভ কৰা তেওঁ প্ৰথম পাকিস্তানী আছিল।
-
ফৰিদা খানম
ফৰিদা খানম (Farida Khanum) এগৰাকী পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী। পাকিস্তান চৰকাৰে সঙ্গীতৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 'হিলাল-ই-ইমতিয়াজ' আৰু 'প্ৰাইড অফ পাৰ্ফৰমেঞ্চ' বঁটাৰে সন্মানিত কৰিছে।
-
শ্বাহিদা পাৰবীন
শ্বাহিদা পাৰবীন (ইংৰাজী: Shahida Parveen; ১৯৫৩ – ১৪ মাৰ্চ ২০০৩) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় গায়িকা আৰু লোক-গায়িকা। তেওঁক দ্য কুইন অৱ কাফি নামেৰে জনা গৈছিল।
-
সনম মাৰ্ভী
সনম মাৰ্ভী (সিন্ধী: صنم ماروی, ইংৰাজী: Sanam Marvi; জন্ম: ১৭ এপ্ৰিল ১৯৮৬) এগৰাকী পাকিস্তানী লোক সংগীত আৰু চুফি গায়িকা। তেওঁ সিন্ধী, পঞ্জাবী আৰু বেলুচি ভাষাত গীত পৰিবেশন কৰে।
-
ৰুবিনা কুৰেছি
ৰুবিনা কুৰেছি (সিন্ধী: روبينہ قريشي; ১৯ অক্টোবৰ ১৯৪০ – ১৩ জুলাই ২০২২) এগৰাকী পাকিস্তানী সিন্ধী ভাষাৰ লোক-গায়িকা। তেওঁৰ বেছিভাগ গীত সিন্ধী, উৰ্দু, পঞ্জাবী আৰু ছৰাইকী ভাষাত পৰিবেশন কৰাৰ বাবে তেওঁ জনপ্ৰিয়ভাৱে নাইটিংগেল অৱ সিন্ধ নামেৰে পৰিচিত আছিল।
-
ৰেশ্মা
ৰেশ্মা (উৰ্দু: ریشماں, ইংৰাজী: Reshma; প্ৰায় ১৯৪৭ – ৩ নৱেম্বৰ ২০১৩) এগৰাকী পাকিস্তানী লোক-গায়িকা। অন্যান্য সন্মানৰ লগতে পাকিস্তানৰ তৃতীয় সৰ্বোচ্চ সন্মান আৰু অসামৰিক বঁটা ছিতাৰা-ই-ইমতিয়াজ (ষ্টাৰ অৱ ডিষ্টিংচন)ৰে সন্মানিত হোৱা ৰেশ্মিকাক লোকগীত আৰু শক্তিশালী কণ্ঠৰ বাবে স্মৰণ কৰা হয়।
-
ছাইৰা নাছীম
ছাইৰা নাছীম (ইংৰাজী: Saira Naseem) বা ছাহিৰা নাছীম (ইংৰাজী: Sahira Naseem) এগৰাকী পাকিস্তানী গায়িকা৷ তেওঁ নব্বৈৰ দশকৰ পাকিস্তানী চলচ্চিত্ৰ উদ্যোগ বা ললীউডৰ নেপথ্য গায়িকা আছিল। তেওঁ চাৰি বাৰ শ্ৰেষ্ঠ নেপথ্য গায়কৰ নিগাৰ বঁটা লাভ কৰিছিল।
-
ছামিম নাজলী
ছামিম নাজলী ( Shamim Nazli; ১৯৪০ - ২৭ নৱেম্বৰ, ২০১০) আছিল এজন পাকিস্তানী সংগীত পৰিচালক। তেওঁ বাহাৰেইঁ ফিৰ ভি আয়েঁ গি (১৯৬৯) আৰু বিন বাদল বৰছাত (১৯৭৫) আদি চিনেমাৰ বাবে প্লেবেক সংগীত ৰচনা কৰিছিল। তেওঁ প্লেবেক গায়িকা মালাৰ জ্যেষ্ঠ ভগ্নী আছিল।
-
জীনত বেগম
জীনত বেগম (ইংৰাজী: Zeenat Begum; জন্ম: ১১ নৱেম্বৰ ১৯৩১ – ১১ ডিচেম্বৰ ২০০৭) এগৰাকী পাকিস্তানী গায়িকা আছিল।
-
জেব-উন-নিছা (গায়িকা)
জেব-উন-নিছা (ইংৰাজী: Zeb-un-Nissa; মৃত্যু: ১৯ ডিচেম্বৰ ২০১৯) এগৰাকী পাকিস্তানী লোক-গায়িকা৷ ১৯৬০ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁ সিন্ধৰ আগশাৰীৰ মহিলা গায়িকাসকলৰ ভিতৰত অন্যতম আছিল। তেওঁ শতাধিক চুফী গীত গাইছিল যিবোৰ ৰেডিঅ’ পাকিস্তান, হায়দৰাবাদে বাণীবদ্ধ কৰিছিল।
-
নুৰ বানো
নুৰ বানো (ইংৰাজী: Noor Bano; ১৯৪২ – ১৪ ফেব্ৰুৱাৰী ১৯৯৯) পাকিস্তানৰ সিন্ধৰ এগৰাকী লোক-গায়িকা। সিন্ধত বিশেষকৈ সিন্ধৰ গ্ৰাম্য অঞ্চলত তেওঁৰ জনপ্ৰিয়তা আছিল।
-
মাই ভাগি
মাই ভাগি (সিন্ধী: مائي ڀاڳي, আনুমানিক ১৯২০ – ৭ জুলাই ১৯৮৬) এগৰাকী সিন্ধী লোক-গায়িকা আৰু সংগীতজ্ঞ৷
-
মাছুক চুলতান
মাছুক চুলতান (ইংৰাজী: Mashooq Sultan; জন্ম: ১৯৫২ – ১৯ ডিচেম্বৰ ২০১৬) এগৰাকী পাকিস্তানী লোক-গায়িকা আৰু প্ৰাক্তন অভিনেত্ৰী আছিল। পাকিস্তানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সাহিত্যিক বঁটা প্ৰাইড অৱ পাৰফৰ্মেন্সকে ধৰি বহুতো বঁটা লাভ কৰা মাছুক চুলতানক পশতু সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে পশতু লোকসংগীতৰ "মেল’ডি কুইন"…
-
মাসুমা আনোৱাৰ
মাসুমা আনোৱাৰ (ইংৰাজী: Masuma Anwar) এগৰাকী পাকিস্তানী শিশু চিকিৎসক, গায়ক-গীতিকাৰ আৰু সংগীতজ্ঞ। "ভে আছান তেনু কি আখনা", "ভে মেইন চোৰী চোৰী" আৰু "নেয়ু লা লেয়া" আদি একক কণ্ঠৰ লোকগীতৰ বাবে তেওঁ বিশেষভাবে পৰিচয় লাভ কৰে।
-
লাইলা খান
লাইলা খান এগৰাকী পাকিস্তানী প্লেবেক গায়িকা। তেওঁৰ জন্ম হৈছিল ১৪ জুন ১৯৯৭ চনত।
-
সুৰেইয়া মুলতানিকাৰ
সুৰেইয়া মুলতানিকাৰ (জন্ম ১৯৪০) এগৰাকী পাকিস্তানী গায়িকা৷ তেওঁ লোকগীতৰ গায়িকা হিচাপে বিশেষকৈ কাফিৰ বাবে পৰিচিত। তেওঁ পাকিস্তানী ধ্ৰুপদী, অৰ্ধ-ধ্ৰুপদী, গজল, লোক-গীত, কাফি আৰু চলচ্চিত্ৰৰ গীত পৰিবেশন কৰে।