মাছুক চুলতান (ইংৰাজী: Mashooq Sultan; জন্ম: ১৯৫২ – ১৯ ডিচেম্বৰ ২০১৬) এগৰাকী পাকিস্তানী লোক-গায়িকা আৰু প্ৰাক্তন অভিনেত্ৰী আছিল। পাকিস্তানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সাহিত্যিক বঁটা প্ৰাইড অৱ পাৰফৰ্মেন্সকে ধৰি বহুতো বঁটা লাভ কৰা মাছুক চুলতানক পশতু সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে পশতু লোকসংগীতৰ "মেল’ডি কুইন" আৰু আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, বেলজিয়াম, ইউ এ ই আৰু আফগানিস্তানত পাকিস্তানক প্ৰতিনিধিত্ব কৰাৰ বাবে "মঞ্চৰ ৰাণী" বুলিও কোৱা হয়।১২ বহুভাষিক গায়িকা হিচাপে তেওঁ বিভিন্ন আঞ্চলিক ভাষা যেনে উৰ্দু, পঞ্জাবী, ছৰাইকী আৰু মূলতঃ পশতু ভাষাত ১৫০০টা এলবামত গীত গাইছিল। গজল গোৱাৰ বাবেও তেওঁক কৃতিত্ব দিয়া হয়, আৰু পাষ্টো ছবিত নেপথ্য গায়িকা হিচাপেও তেওঁ গীত গাইছিল।
প্ৰাৰম্বিক জীৱন
বৰ্তমান পাকিস্তানৰ শ্বাহ বাজ্যৰ মাছুক চুলতানাৰ জন্ম হৈছিল। সৰুতে তেওংৰ পৰিয়াল শ্বাহ ডেহৰাইৰ পৰা মৰ্দনলৈ স্থানান্তৰিত হৈছিল। বাৰ বছৰ বয়সত ৱালায়াত হুছেইনৰ সৈতে তেওঁৰ বিবাহ হয় আৰু তেওঁৰ দুগৰাকী কন্যা আৰু চাৰিজন পুত্ৰ সন্তান জন্ম হয়।৩৪
তথ্যসূত্ৰ
- ↑ Prominent Pashto singer Mashooq Sultan passes away. www.thenews.com.pk
- ↑ (December 19, 2016). Famous Pashto singer Mashooq Sultan passes away. The Nation
- ↑ (19 December 2016). Pashto folk singer Mashooq Sultan dies at 64. tribune.com.pk
- ↑ Wall, Nick. (August 28, 2018). Around the World in 575 Songs: Asia & Oceania: Traditional Music from all the World's Countries - Volume 3. Politically Correct Press. ISBN 9781999631451
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাছুক চুলতান” প্ৰবন্ধৰ সংশোধন ৪৮৩৩২৪ (২৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।