অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গুল পান্ৰা

গুল পান্ৰা (ইংৰাজী: Gul Panra; জন্ম: ৬ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী পাকিস্তানী লোকগায়ক আৰু ভ্ৰমণকাৰী শিল্পী, মূলতঃ পশতু ভাষাৰ সংগীত উদ্যোগৰ সৈতে জড়িত। তেওঁক মেহনাজ নামেৰেও জনা যায়৷ তেওঁ পাকিস্তান, যুক্তৰাজ্য আৰু আফগানিস্তানত অনুষ্ঠান পৰিৱেশন কৰিছে।

হালনাগাদ: ২০ মে’ ২০২৫ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গুল পান্ৰা (ইংৰাজী: Gul Panra; জন্ম: ৬ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী পাকিস্তানী লোকগায়ক আৰু ভ্ৰমণকাৰী শিল্পী, মূলতঃ পশতু ভাষাৰ সংগীত উদ্যোগৰ সৈতে জড়িত।১২ তেওঁক মেহনাজ নামেৰেও জনা যায়৷৩ তেওঁ পাকিস্তান, যুক্তৰাজ্য৪ আৰু আফগানিস্তানত অনুষ্ঠান পৰিৱেশন কৰিছে।৫ পাকিস্তান ছুপাৰ লীগত ঘৰুৱা ক্ৰিকেট দল পেছাৱাৰ জালমীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰি আহিছে আৰু ২০১৬ চনত দলটোৰ আৰম্ভণিৰ পৰাই দলটোৰ কেইবাটাও থীমচং গাইছে।৬৭৮

২০১৫ চনত আতিফ আছলামৰ সৈতে পাৰ্চী ভাষাত "মন আমাদেহ আম" গীতৰ ৰিমিক্স সংস্কৰণ গাইছিল। ২০১৮ চনত তেওঁ গায়ক হাছান জাহাংগীৰৰ সৈতে "হাৱা হাৱা" গীতটো গাইছিল।৯১০ ২০২১ চনত আলী জাফৰৰ "লৰ্ছা পেখাৱাৰ"ৰ কভাৰ সংস্কৰণত তেওঁক উপস্থাপন কৰোৱা হয়।১১

প্ৰাৰম্ভিক জীৱন

১৯৮৯ চনৰ ৬ ছেপ্টেম্বৰত উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ পেছোৱাৰ চহৰৰ ইউছুফজাই জনগোষ্ঠীৰ এক মধ্যবিত্ত পৰিয়ালত গুল পান্ৰাই জন্মগ্ৰহণ কৰিছিল। প্ৰথমতে তেওঁৰ নাম আছিল মেহনাজ৷ পাকিস্তানৰ দূৰদৰ্শন আৰু সংবাদ মাধ্যম আত্মপ্ৰকাশৰ পিছতেই তেওঁ চৰ্চালৈ আহিছিল। ৰক্ষণশীল পৰিয়ালৰ আৰু তেওঁৰ মাতৃয়ে তেওঁৰ সংগীত কেৰিয়াৰক লৈ সুখী নাছিল। পেছোৱাৰ বিশ্ববিদ্যালয়ত নামভৰ্তি লাভ কৰি সমাজ সেৱা বিভাগত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। ২০১০ চনত এগৰাকী উৎসাহী আৰু দক্ষ কণ্ঠশিল্পী হিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু দ্ৰুতগতিত খ্যাতি লাভ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ (20 August 2019). Renowned Pakistani singer wishes Afghan fans on 100th Independence Day of Afghanistan. The Khaama Press News Agency
  2. ↑ Web Desk. (16 February 2020). Gul Panra looks ethereal in traditional dress: Pictures inside - Entertainment. Geo.tv
  3. ↑ Shinwari, Sher Alam. (28 December 2019). Popular Pashto folk singer wins appreciation for a Punjabi song's remake. DAWN.COM
  4. ↑ Web Desk. (16 February 2020). Gul Panra looks gorgeous in traditional outfit: Check out latest pictures - Entertainment. The News International
  5. ↑ Shinwari, Sher Alam. (12 October 2014). Rising Pashto artist to launch her singing career in Urdu soon. DAWN.COM
  6. ↑ (7 March 2017). Pashto singer Gul Panra's gift for Peshawar Zalmi. Samaa TV
  7. ↑ (28 January 2019). Gul Panra becomes official brand ambassador for Peshawar Zalmi. Dunya News
  8. ↑ Syed Bukhar Shah. (5 April 2021). Pashto singer Gul Panra says pandemic added to woes of artistes. The News International
  9. ↑ Gul Panra. Radio Sangam
  10. ↑ Kumar, Vineeta. (3 October 2018). Opinion: Hassan Jahangir's Performance on Coke Studio is Why Hawa Hawa is The Song For Generations. india.com
  11. ↑ Eleen Bukhari. (22 September 2021). Watch: Ali Zafar's new version of 'Larsha Pekhawar' ft. Gul Panra will make you groove. Geo News

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুল পান্ৰা” প্ৰবন্ধৰ সংশোধন ৫১০৮৩২ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।