অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাহিদা পাৰবীন

জাহিদা পাৰবীন (ইংৰাজী: Zahida Parveen; ১৯২৫ – ১৫ মে' ১৯৭৫) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় গায়িকা আৰু এগৰাকী চলচ্চিত্ৰৰ নেপথ্য গায়িকা। তেখেতক “দ্য নাইটিংগেল” আৰু “দ্য কুইন অৱ কাফি” নামেৰে জনা গৈছিল৷

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জাহিদা পাৰবীন (ইংৰাজী: Zahida Parveen; ১৯২৫ – ১৫ মে' ১৯৭৫) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় গায়িকা আৰু এগৰাকী চলচ্চিত্ৰৰ নেপথ্য গায়িকা।১২

তেখেতক “দ্য নাইটিংগেল” আৰু “দ্য কুইন অৱ কাফি” নামেৰে জনা গৈছিল৷১৩

প্ৰাৰম্ভিক জীৱন

১৯২৫ চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাবৰ অমৃতসৰত জাহিদা পাৰবীনৰ জন্ম হৈছিল।৪৫ তেওঁ সৰু হৈ থাকোঁতেই তেওঁৰ পিতৃ-মাতৃৰ মৃত্যু হয় আৰু ভগ্নী পীৰণ দিট্টীয়ে তেওঁক ডাঙৰ-দীঘল কৰে।৩

কাপুৰথালাৰ সাৰংগীবাদক বাবা তাজৰ পৰা গান শিকিবলৈ পাটিয়ালা ঘৰানা স্কুল অৱ ক্লাছিকেল মিউজিকত যোগদান কৰে। তাৰ পিছত তেওঁ অমৃতসৰৰ এজন সাৰংগীবাদক হুছেইন বক্স খানৰ ওচৰত অধ্যয়ন কৰে।৩

কৰ্মজীৱন

বিভাজনৰ পাছত তেওঁ পাকিস্তানলৈ গুচি যায় আৰু লাহোৰৰ পাটিয়ালা ঘৰানাৰ আছিক হুছেইনৰ পৰা সংগীত শিকে। তাৰ পিছত লাহোৰৰ ৰেডিঅ’ পাকিস্তানত গীত গাবলৈ আৰম্ভ কৰে। ১৯৪৯ চনত চলচ্চিত্ৰৰ নেপথ্য গায়িকা হিচাপে কাম কৰি ইকবাল বানো আৰু মুনাৱাৰ চুলতানাৰ সৈতে মুণ্ড্ৰী ছবিত কাৱালী বাণীবদ্ধ কৰে।৩

ৰেডিঅ' পাকিস্তানত তেওঁ "ক্যা হাল সুনাৱান দিল দা" আৰু "মইন্দি আজ্জ কল আখ ফুৰকান্দি আই" গীত পৰিবেশন কৰে, গীতটো খোৱাজা গুলাম ফৰিদে ৰচনা কৰা কাফি শৈলীৰে গীতসমূহ হিজ মাষ্টাৰছ ভয়েচ (এইচএমভি)ৰ বাবে গ্ৰাম'ফোনত বাণীবদ্ধ কৰা হৈছিল আৰু যথেষ্ট জনপ্ৰিয় হৈছিল।৬ তাৰ পিছত তেওঁ এইচ এম ভি, ৰেডিঅ' আৰু মঞ্চৰ বাবে উৰ্দু, চৰাইকী, হিন্দী, পঞ্জাবী আৰু সিন্ধী ভাষাত আৰু বহুতো কাফী বাণীবদ্ধ কৰে।৩

ব্যক্তিগত জীৱন

জাহিদাৰ কন্যাৰ নাম শ্বাহিদা পাৰবীন।১ তেওঁ নিজৰ কন্যাক উস্তাদ আখতাৰ হুছেইন ওচৰত সংগীতৰ প্ৰশিক্ষণ।৩৭

মৃত্যু

১৯৭৫ চনৰ ১৫ মে'ত পাকিস্তানৰ লাহোৰত ৫০ বছৰ বয়সত জাহিদা পাৰবীনৰ মৃত্যু হয়।৩৪ মিয়ানি চাহাব কবৰস্থানত তেওঁক শেষকৃত্য সম্পন্ন কৰা হয়।৮

তথ্যসূত্ৰ

  1. ↑ Sheikh, M. A. (2012). Who's Who: Music in Pakistan (see page 262 for Zahida Parveen). Xlibris. পৃ. 262. ISBN 978-1-4691-9157-7
  2. ↑ Contemporary Arts in Pakistan - Volume 3, Issue 3. Pakistan Publications. পৃ. 29
  3. ↑ Amjad Parvez. (22 June 2017). Zahida Parveen - The Nightingale. Daily Times newspaper
  4. ↑ (7 May 2022). Tribute to Zahida Parveen on her death anniversary. Radio Pakistan website
  5. ↑ Lahore: A Musical Companion. M. Saeed Malik. পৃ. 64
  6. ↑ (January 14, 2021). زاہدہ پروین جنھیں اسٹوڈیو میں‌ بیڑی پینے کی اجازت تھی. ARY News
  7. ↑ (February 12, 2023). Noted singer Shahida Parveen passes away. Dawn News
  8. ↑ (7 May 2021). یومِ‌ وفات: پاکستان کی مشہور مغنیہ زاہدہ پروین کا تذکرہ. ARY News

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাহিদা পাৰবীন” প্ৰবন্ধৰ সংশোধন ৫৯৮৭৩৫ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।