ছুৰইয়া খানুম (ইংৰাজী: Suraiya Khanum) পঞ্জাবৰ এগৰাকী প্ৰবীণ পাকিস্তানী লোক শিল্পী আৰু শাস্ত্ৰীয় গায়িকা। পাকিস্তান দূৰদৰ্শন আৰু অন্যান্য টিভি চেনেলত অন্তৰস্পৰ্শী পৰিবেশন আৰু চুফী সংগীত গোৱাৰ বাবেও তেওঁ পৰিচিত।১২
কৰ্মজীৱন
১৯৭৭ চনত পাকিস্তানৰ মুলতানত থকা ৰেডিঅ' পাকিস্তানৰ এটা অনুষ্ঠানৰ গীত গাই ছুৰাইয়া খানুমে কৰ্মজীৱন আৰম্ভ কৰে।৩ সংগীতৰ ক্ষেত্ৰত তেওঁ উস্তাদ মহম্মদ জুমনৰ দ্বাৰা প্ৰভাৱিত হৈছিল। উস্তাদ নুছৰত ফাতেহ আলী খানে তেওঁক ৮ বছৰ ধৰি প্ৰশিক্ষণ দিছিল আৰু আনুষ্ঠানিকভাৱেও তেওঁক ২১ বছৰ উস্তাদ ফৈজ আহমেদে প্ৰশিক্ষণ দিছিল। সংগীতৰ ক্ষেত্ৰত তেওঁ প্ৰবীণ লোকগায়ক তুফাইল নিয়াজীৰ লগতে ৰেচমা আৰু ইকবাল বানোৰ পৰা অনুপ্ৰাণিত হৈছিল।৩
২০১৫ চনৰ জনপ্ৰিয় সংগীত ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক কোক ষ্টুডিঅ’ পাকিস্তানৰ অষ্টম ছিজনত তেওঁ এগৰাকী বৈশিষ্ট্যপূৰ্ণ শিল্পী হিচাপে অভিনয় কৰিছিল। তেওঁ সহশিল্পী আনোৱাৰ মকুদৰ সৈতে প্ৰবীণ লোকগায়ক তুফাইল নিয়াজীৰ দ্বাৰা পূৰ্বতে গোৱা জনপ্ৰিয় "চিৰিয়া দা চাম্বা" শীৰ্ষক এটা বিবাহ গীত গাইছিল৷৪৫ গীতটোৰ সংগীত, ৰচনা আৰু আনোৱাৰ মকসুদৰ দ্বাৰা এখন চিঠিৰ সুন্দৰ আখ্যান আবৃত্তিৰ বাবে প্ৰশংসা কৰা হৈছিল।৪ কোৱা হৈছিল যে গীতটোৱে "দৰ্শকৰ বাবে এক স্মৰণীয় অভিজ্ঞতা সৃষ্টি কৰিছিল"।১
তথ্যসূত্ৰ
- ↑ (26 August 2015). Pakistani singing talent at its best. The Daily Times
- ↑ Surriya Khanum performing on Coke Studio, Pakistan, videoclip on YouTube Published 22 August 2015. Retrieved 20 January 2019
- ↑ Suraiya Khanum profile on Coke Studio (Pakistan) Retrieved 20 January 2019
- ↑ (21 August 2015). Coke Studio: Will songs from Episode 2 make it to your wedding soundtrack?. Dawn
- ↑ Ali Raj. (24 August 2015). 2015 Coke Studio Season 8 - Episode 2: Sugar, spice and some things nice. The Express Tribune newspaper
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুৰইয়া খানুম” প্ৰবন্ধৰ সংশোধন ৪৮২৩৮৫ (২৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।