অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সনম মাৰ্ভী

সনম মাৰ্ভী (সিন্ধী: صنم ماروی, ইংৰাজী: Sanam Marvi; জন্ম: ১৭ এপ্ৰিল ১৯৮৬) এগৰাকী পাকিস্তানী লোক সংগীত আৰু চুফি গায়িকা। তেওঁ সিন্ধী, পঞ্জাবী আৰু বেলুচি ভাষাত গীত পৰিবেশন কৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সনম মাৰ্ভী (সিন্ধী: صنم ماروی, ইংৰাজী: Sanam Marvi; জন্ম: ১৭ এপ্ৰিল ১৯৮৬) এগৰাকী পাকিস্তানী লোক সংগীত আৰু চুফি গায়িকা। তেওঁ সিন্ধী, পঞ্জাবী আৰু বেলুচি ভাষাত গীত পৰিবেশন কৰে।

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

সনাম মাৰ্ভীৰ শৈশৱ কষ্ট আৰু দৰিদ্ৰতাৰে ভৰা আছিল।১ মাৰ্ভীয়ে ৭ বছৰ বয়সৰ পৰাই সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তেওঁ সিন্ধী পৰিয়ালৰ কন্যা আছিল। তেওঁৰ পিতৃ ফকীৰ খান মহম্মদ এজন সিন্ধী লোক-সংগীতজ্ঞ আৰু হাৰমনিয়ামবাদক আছিল৷ তেওঁ মাৰ্ভীক ২ বছৰ ধৰি শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ দিছিল। পিছলৈ সিন্ধৰ নুছৰত ফাতেহ আলী খানৰ পৰা গোৱালিয়ৰ ঘৰানা পৰম্পৰাৰ ধ্ৰুপদী গায়ন আৰু ৰাগ শিকিছিল। তেওঁ লোক-গায়িকা আবিদা পাৰবীনৰ পৰাও তেওঁ বহু কথা শিকিছে। ২০০৪ আৰু ২০০৫ চনত তেওঁ ৰফি পিয়ৰ থিয়েটাৰত অভিনয় কৰিছিল।

২০০৯ চনত ইউছুফ চালাহুদ্দিনে আয়োজন কৰা পাকিস্তান টেলিভিছন কৰ্পৰেশ্যন চেনেলৰ সংগীত অনুষ্ঠান ‘বীৰ্ছা হেৰিটেজ’ত সনম মাৰ্ভীয়ে আত্মপ্ৰকাশ কৰে। মাৰ্ভীৰ বাবেই পাকিস্তানী মনোৰঞ্জন জগতৰ পৰা বিৰতি লোৱাৰ বাবে মাৰ্ভীয়ে ‘তেওঁৰ বাবে বাবাৰ দৰে’ (পিতৃৰ দৰে) বুলি কয়। পিছলৈ তেওঁ পাকিস্তানী দূৰদৰ্শন ধাৰাবাহিক “কোক ষ্টুডিঅ' পাকিস্তান”ত লাইভ সংগীত পৰিবেশন কৰে।

মাৰ্ভীয়ে বিশ্বজুৰি চুফী সংগীতানুষ্ঠান পৰিৱেশন কৰিছে। চুফি, গজল আৰু লোকশৈলীৰ ৩ গৰাকী শ্ৰেষ্ঠ শিল্পীৰ ভিতৰত এগৰাকী হিচাপে মাৰ্ভীক গণ্য কৰা হয়। আন ২ জন হৈছে আবিদা পাৰবীন আৰু টিনা ছানি।২ ১৯৮১ চনৰ উমৰাও জান চলচ্চিত্ৰৰ বাবে বিখ্যাত চলচ্চিত্ৰ প্ৰযোজক মুজাফৰ আলীয়ে আয়োজন কৰা “২০১০ চনৰ চুফী সংগীত উৎসৱ জাহান-ই-খুছৰাউ”ত একক অনুষ্ঠান পৰিবেশন কৰি তেওঁ ভাৰতীয় মাটিত অভিষেক ঘটায়। ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ হায়দৰাবাদৰ চৌমহল্লা পেলেচত টাইমছ অৱ ইণ্ডিয়াৰ “অমন কি আশা” অনুষ্ঠানত তেওঁ ভাৰতীয় নেপথ্য গায়িকা ৰেখা ভৰদ্বাজৰ সৈতে কণ্ঠদান কৰে।৩

২০১২ চনত লণ্ডন, পেৰিছ, নিউয়ৰ্কত অনুষ্ঠিত সংগীতানুষ্ঠানত হাদিকা কিয়ানি আৰু আলী জাফৰৰ সৈতে গীত গাই মাৰ্ভিয়ে লাইভ কনচাৰ্ট গায়কীৰ অভিষেক ঘটায়।

সনম মাৰ্ভীয়ে অনুভৱ কৰে যে চুফি কবিসকলে লিখা গীতৰ কথাবোৰত জনসাধাৰণৰ বাবে এক সাৰ্বজনীন আৰু কালজয়ী আবেদন আছে আৰু সেই শব্দবোৰত মানুহে প্ৰশান্তি লাভ কৰে।

শেহতীয়াকৈ তেওঁ লোকসংগীতৰ সৈতে জড়িত হৈ আছে আৰু ক'ক ষ্টুডিঅ'ৰ মঞ্চৰ পৰা গীত পৰিবেশন কৰে।৪

বঁটা

  • নৱম আন্তঃৰাষ্ট্ৰীয় সংগীত মহোৎসৱত ইউনেস্কো বঁটা
  • ২০২০ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা তামঘা-ই-ইমতিয়াজ (মেডেল অৱ ডিষ্টিংচন) বঁটা
  • লটিফ বঁটা (২০১১)
  • শ্ৰেষ্ঠ গায়ক – চুফীবাদ বিশ্ববিদ্যালয়
  • শ্ৰেষ্ঠ গায়ক লঘূ সংগীত – ২০১২ চনত ভিৰ্ছাত অনুষ্ঠিত ১৭ সংখ্যক পিটিভি ৰাষ্ট্ৰীয় বঁটা

তথ্যসূত্ৰ

  1. ↑ Speak Your Heart With Samina Peerzada
  2. ↑ Striking the right chord (Sanam Marvi) Newsline (magazine), Published Jan 2011 issue. Retrieved 24 November 2020
  3. ↑ (21 February 2011). Rekha, Sanam performed in Hyderabad. The Times Of India (newspaper). Retrieved 14 April 2018
  4. ↑ Coke Studio (Pakistan) Season 12 artist - 'Hairaan Hua' by Sanam Marvi

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সনম মাৰ্ভী” প্ৰবন্ধৰ সংশোধন ৬৪০২৬১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।