অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেশ্মা

ৰেশ্মা (উৰ্দু: ریشماں, ইংৰাজী: Reshma; প্ৰায় ১৯৪৭ – ৩ নৱেম্বৰ ২০১৩) এগৰাকী পাকিস্তানী লোক-গায়িকা। অন্যান্য সন্মানৰ লগতে পাকিস্তানৰ তৃতীয় সৰ্বোচ্চ সন্মান আৰু অসামৰিক বঁটা ছিতাৰা-ই-ইমতিয়াজ (ষ্টাৰ অৱ ডিষ্টিংচন)ৰে সন্মানিত হোৱা ৰেশ্মিকাক লোকগীত আৰু শক্তিশালী কণ্ঠৰ বাবে স্মৰণ কৰা হয়।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৫ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৰেশ্মা (উৰ্দু: ریشماں, ইংৰাজী: Reshma; প্ৰায় ১৯৪৭ – ৩ নৱেম্বৰ ২০১৩) এগৰাকী পাকিস্তানী লোক-গায়িকা। অন্যান্য সন্মানৰ লগতে পাকিস্তানৰ তৃতীয় সৰ্বোচ্চ সন্মান আৰু অসামৰিক বঁটা ছিতাৰা-ই-ইমতিয়াজ (ষ্টাৰ অৱ ডিষ্টিংচন)ৰে সন্মানিত হোৱা ৰেশ্মিকাক লোকগীত আৰু শক্তিশালী কণ্ঠৰ বাবে স্মৰণ কৰা হয়।

১৯৪৭ চনত ভাৰতৰ ৰাজস্থানৰ এক যাযাবৰী বাঞ্জৰা পৰিয়ালত জন্মগ্ৰহণ কৰা তেওঁৰ পৰিয়াল ভাৰত বিভাজনৰ পিছত কৰাচীলৈ স্থানান্তৰিত হয়। বাৰ বছৰ বয়সত সিন্ধৰ চেহৱানৰ লাল শ্বাহবাজ কালাণ্ডাৰৰ মন্দিৰত গান গাই থকাৰ সময়ত স্থানীয় এজন প্ৰযোজকে দেখা পাই ৰেশ্মাই পাকিস্তান ৰেডিঅ'লৈ নি বিভিন্ন লোকগীত বাণীবদ্ধ কৰাৰ সুযোগ প্ৰদান কৰিছিল। "লাল মেৰী" কোম্পানীটোৰ সৈতে তেওঁৰ প্ৰথম প্ৰকল্পটো জনপ্ৰিয় হৈছিল আৰু ১৯৬০ চনত কেইবাবাৰো দূৰদৰ্শনত অনুষ্ঠান পৰিবেশনৰ বাবে তেওঁক নিমন্ত্ৰণ কৰা হৈছিল।১

ৰেশ্মাই পাকিস্তানী আৰু ভাৰতীয় দুয়োখন চলচ্চিত্ৰ জগতৰ বাবে গীত বাণীবদ্ধ কৰে। তেওঁৰ কিছুমান স্মৰণীয় গীতৰ ভিতৰত "লাল মেৰী", "হায় ও ৰাব্বা নাহিঁ লাগদা দিল মেৰা", "আখিঁয়া নু ৰেহেন দে" আৰু "লম্বি জুদাই" আদি।২ কেইবাবছৰ ধৰি ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০১৩ চনৰ ৩ নৱেম্বৰত পাকিস্তানৰ লাহোৰত তেওঁৰ মৃত্যু হয়।

বঁটা

  • ২০০৮: সিতাৰা-ই-ইমতিয়াজ (ষ্টাৰ অৱ এক্সেলেন্স)ল- পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে
  • ১৯৮২: প্ৰাইড অৱ পাৰফৰমেন্স বঁটা - পাকিস্তান চৰকাৰৰ দ্বাৰা
  • ২০০০: পিটিভি শ্ৰেষ্ঠ গায়কৰ বঁটা

তথ্যসূত্ৰ

  1. ↑ Menon, Meena. (3 November 2013). Legendary folk singer Reshma of Lambi Judai fame passes away. The Hindu (newspaper)
  2. ↑ (13 November 2013). Pakistani folk singer Reshma of 'Lambi Judai' fame dies. NDTV

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেশ্মা” প্ৰবন্ধৰ সংশোধন ৪৮২৬১৪ (২৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।