অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেব-উন-নিছা (গায়িকা)

জেব-উন-নিছা (ইংৰাজী: Zeb-un-Nissa; মৃত্যু: ১৯ ডিচেম্বৰ ২০১৯) এগৰাকী পাকিস্তানী লোক-গায়িকা৷ ১৯৬০ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁ সিন্ধৰ আগশাৰীৰ মহিলা গায়িকাসকলৰ ভিতৰত অন্যতম আছিল। তেওঁ শতাধিক চুফী গীত গাইছিল যিবোৰ ৰেডিঅ’ পাকিস্তান, হায়দৰাবাদে বাণীবদ্ধ কৰিছিল।

হালনাগাদ: ২৭ ফেব্ৰুৱাৰী ২০২৫ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

জেব-উন-নিছা (ইংৰাজী: Zeb-un-Nissa; মৃত্যু: ১৯ ডিচেম্বৰ ২০১৯) এগৰাকী পাকিস্তানী লোক-গায়িকা৷ ১৯৬০ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁ সিন্ধৰ আগশাৰীৰ মহিলা গায়িকাসকলৰ ভিতৰত অন্যতম আছিল।১ তেওঁ শতাধিক চুফী গীত গাইছিল যিবোৰ ৰেডিঅ’ পাকিস্তান, হায়দৰাবাদে বাণীবদ্ধ কৰিছিল।২

প্ৰাৰম্ভিক জীৱন আৰু শৈশৱ

জেব-উন-নিছাৰ জন্ম হৈছিল নৱাবশ্বাহ সিন্ধত বাচু ছেইখৰ ঘৰত। তেওঁৰ প্ৰকৃত নাম আছিল কোৱাইম খাটুন। তেওঁ গায়ক বা সংগীতজ্ঞৰ পৰিয়ালৰ নাছিল যদিও মাকে স্থানীয় বিবাহ অনুষ্ঠান আৰু সামাজিক সভাত গান গাইছিল।২

কৰ্মজীৱন

১৯৫৮ চনত ৰেডিঅ' পাকিস্তান, হায়দৰাবাদৰ পৰা জেব-উন-নিছাই সংগীত জীৱন আৰম্ভ কৰে।৩ প্ৰখ্যাত সিন্ধী গায়ক মহম্মদ জুমনৰ পৰা তেওঁ সংগীতৰ পাঠ গ্ৰহণ কৰিছিল। তেওঁৰ কণ্ঠ অতি শুৱলা আছিল।৪ ৰেডিঅ’ পাকিস্তানে তেওঁৰ কণ্ঠত চুফী কবিৰ অসংখ্য গীত বাণীবদ্ধ কৰিছিল। সেই চুফী কবিসকলৰ ভিতৰত আছিল শ্বাহ আব্দুল লতিফ ভিতাই, সচাল সৰমাষ্ট, মিশ্ৰী শ্বাহ, মন্থাৰ ফকিৰ, বুধল ফকিৰ আদি। তেখেতে গোৱা গীতৰ এক সমৃদ্ধ সংকলন ৰেডিঅ' পাকিস্তানৰ সংগীত পুথিভঁৰালত উপলব্ধ। সিন্ধী ভাষাত "সেহৰা" বা "লাডা" নামৰ বিবাহ গীতৰ বাবেও তেওঁ জনপ্ৰিয় আছিল। প্ৰখ্যাত মহিলা গায়িকা জেৰিনা বালোচ, আমিনা আৰু ৰুবিনা কুৰেছিৰ সৈতে তেওঁ বিবাহ গীত বাণীবদ্ধ কৰে। উস্তাদ মহম্মদ জুমন আৰু উস্তাদ মহম্মদ ইউছুফৰ সৈতে তেওঁৰ দ্বৈত গীতসমূহো অতি জনপ্ৰিয়। পাকিস্তান টেলিভিছন চেণ্টাৰ কৰাচীয়েও আন মহিলা গায়িকাসকলৰ সৈতে তেওঁৰ কণ্ঠত ৫০টাতকৈও অধিক গীত বাণীবদ্ধ কৰিছিল।৫

মৃত্যু

২০১৯ চনৰ ১৯ ডিচেম্বৰত নৱাবশ্বাহত জেব-উন-নিছাৰ মৃত্যু হয়।২ পাঁচগৰাকী কন্যা আৰু দুজন পুত্ৰৰ ভিতৰত মাত্ৰ এগৰাকী কন্যা সমীনা কাঁৱাল এগৰাকী গায়িকা।১

তথ্যসূত্ৰ

  1. ↑ سنڌ جي لوڪ فنڪاره زيب النساءِ ڪافي عرصو بيمار رهڻ بعد نوابشاهه ۾ ۸۰ سالن جي ڄمار ۾ لاڏاڻو ڪري وئي, Daily Panhinji Akhbar, 19 December 2019
  2. ↑ لوڪ گيتن جي راڻي زيب النساءِ لاڏاڻو ڪري وئي، روزاني سنڌيار، 20 ڊسمبر 2019, Daily Sindhyar
  3. ↑ Unar Mukhtiar: Ajoko Deenhin, Daily Column, Daily Ibrat, Hyderabad, Sindh, Pakistan, December 19, 2024
  4. ↑ زيب النساءِ گمناميءَ ۾ گذاري ويل سھرا لاڏا ڳائيندڙ ھڪ لوڪ گائڪا, Daily Kawish, Hyderabad, 21 December 2019
  5. ↑ ٰمصطفيٰ ملاح: خوبصورت آواز جي مالڪ گائڪا زيب النساء اسان کان وڇڙي وئي، روزاني ڪاوش، 21 ڊسمبر 2019, Daily Kawish, Hyderabad

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেব-উন-নিছা (গায়িকা)” প্ৰবন্ধৰ সংশোধন ৪৮৩৩৩২ (২৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।