নাজিয়া হাচান (; ৩ এপ্ৰিল ১৯৬৫- ১৩ আগষ্ট ২০০০) এগৰাকী পাকিস্তানী পপ গায়িকা, আইনজীৱী আৰু সমাজ-সেৱিকা আছিল। ১০ বছৰ বয়সত তেওঁ সঙ্গীতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পাকিস্তান আৰু ভাৰতৰ অতি প্ৰসিদ্ধ সঙ্গীত-শিল্পীৰ অন্যতম আছিল। তেওঁৰ জনপ্ৰিয়তা সমগ্ৰ দক্ষিণ এচিয়া আৰু দক্ষিণ-পূব এচিয়াত বিয়পি পৰিছিল আৰু “পপ সঙ্গীতৰ ৰাণী” বুলি খ্যাতি অৰ্জন কৰিছিল।১২ বিশ্বব্যাপি ৬৫ মিলিয়ন ভায়েক জোহেব হাচানৰ সৈতে গোৱা তেওঁৰ গীতৰ ৰেকৰ্ড বিক্ৰী হৈছিল।৩৪ ইংৰাজী ভাষাৰ একক এলবাম ড্ৰীমাৰ দিৱানেৰ যোগে ব্ৰিটিছ তালিকাত স্থান লাভ কৰা তেওঁ প্ৰথম পাকিস্তানী আছিল।৫ সঙ্গীত কেৰিয়াৰৰ মধ্যৱৰ্তী অৱস্থাত নাজিয়াই অৰ্থনীতি আৰু আইনত লণ্ডনৰ দুখন সু-প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান ৰিচমণ্ড, দ্য আনেৰিকান ইউনিভাৰ্চিটি অৱ ইন লণ্ডন আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।
নাজিয়াই গোৱা ভাৰতীয় চিনেমাৰ প্ৰথমটো গীত হ’ল “কুৰবাণী” (১৯৮০) ছবিৰ “আপ জেইচা কোই”।৬ তেওঁৰ প্ৰথম এলবাম ডিস্কো দিৱানে (১৯৮১) ১৪খন দেশত বিতৰণ হৈছিল আৰু এচিয়’ পপৰ সেই সময়ৰ সৰ্বোচ্চ বিক্ৰীৰ ৰেকৰ্ড অতিক্ৰম কৰিছিল।৭ এই ধাৰাবহিকতা বুম বুম (১৯৮২),ইয়ং তৰং (১৯৮৪)৮৯ আৰু হট লাইনতো (১৯৮৭) অক্ষুণ্ণ আছিল। তেওঁৰ শেষ এলবাম কেমেৰা কেমেৰা ড্ৰাগচ্ বিৰোধী অভিযানৰ এক অংশ আছিল।১০ ভাতৃৰ সৈতে বহুকেইটা টেলিভিশ্বনৰ অনুষ্ঠানত তেওঁক একেলগে দেখা গৈছিল। ১৯৮৮ত তেওঁ বিশিষ্ট সঙ্গীত শিল্পী চোহেল ৰাণাৰ সৈতে চাং চাং নামৰ অনুষ্ঠানত অংশ লৈছিল। তেওঁলোকে সোৱেব মনচুৰ প্ৰযোজিত পপ সঙ্গীতৰ সৰ্বপ্ৰথম মঞ্চ প্ৰদৰ্শন মিউজিক '৮৯ আঁতধৰোঁতাৰ দায়িত্ব পালন কৰিছিল।১১ নাজিয়াৰ সফলতাই ভাৰতীয় আৰু পাকিস্তানী পপ সঙ্গীতক এক নিৰ্দিষ্ট আকাৰ দিয়াত বিশিষ্ট ভূমিকা পালন কৰিছিল।
নাজিয়াৰ সঙ্গীত কেৰিয়াৰৰ দৈৰ্ঘ্য যদিও মাত্ৰ পোন্ধৰ বছৰহে, তথাপি তেওঁ সৰ্বাধিক জনপ্ৰিয় চেলিব্ৰিটিসকলৰ অন্যতম আছিল। তেওঁ বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল আৰু মাত্ৰ পোন্ধৰ বছৰ বয়সতে ফিল্মফেয়াৰ বঁটা বিজেতা প্ৰথম পাকিস্তানী আৰু সেই সময়ৰ সৰ্ব-কনিষ্ঠ ফিল্মফেয়াৰ বিজেতা আছিল। হাচানক পাকিস্তানৰ অসামৰিক প্ৰাইড অৱ পাৰফৰমেঞ্চ সন্মানেৰে ভূষিত কৰা হৈছিল। তেওঁ সমাজসেৱামূলক কাৰ্যৰেও জড়িত হৈ পৰিছিল আৰু ইউনিচেফৰ ১৯৯১ৰ সাংস্কৃতিক এম্বেচেদৰ নিযুক্ত হৈছিল।১২ ২০০০ চনৰ ১৩ আগষ্টৰ দিনা মাত্ৰ ৩৫ বছৰ বয়সত হাওফাৰ কৰ্কট ৰোগত তেওঁৰ মৃত্যু হৈছিল।
সঙ্গীত জীৱন
১৯৭৫-১৯৮০: প্ৰাৰম্ভিক পৰিচিতি
নাজিয়াই ১৯৭০ৰ দশকত পাকিস্তান টেলিভিচনত (PTV) এজনী শিশুশিল্পী হিচাপে অৱতীৰ্ণ হৈছিল। ১৯৮০ চনত হিন্দী ছবি "কুৰবাণী"ৰ "আপ জেইচা কোই" শীৰ্ষক গীতটোৰ যোগে তেওঁৰ পেচাদাৰী গায়কী আৰম্ভ হৈছিল। তেতিয়া তেওঁৰ বয়স ১৫ বছৰ। যুক্ত ৰাজ্যৰ এটা পাৰ্টিত তেওঁ ছবিখনৰ পৰিচালক ফিৰোজ খানক লগ পাইছিল। সেই সূত্ৰে পৰিচালক খানে হাচানক লণ্ডনত প্ৰতিষ্ঠিত ভাৰতীয় মূলৰ মিউজিক কম্পোজাৰ বিদ্দুৰ ওচৰত অ’ডিচন দিবলৈ অনুৰোধ জনায়। বিদ্দুয়ে তেওঁ নিজে কম্পোজ কৰা "কুৰবাণী"ৰ "আপ জেইচা কোই" গীতটোৰ বাবে হাচানক চুক্তিবদ্ধ কৰায়।১৩১৪৬ গীতটো ভাৰতত যথেষ্ট জনপ্ৰিয় হয় আৰু হাচান পাকিস্তানী হোৱা সূত্ৰে সেইখন দেশতো যশস্যা লাভ কৰে।১৫ এই গীতটোৰ তেওঁ বাবে ১৯৮১ চনৰ ফিল্মফেয়াৰ শ্ৰেষ্ঠ নেপথ্য মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰে। ১৯৮২ত মুক্তি পোৱা কুমাৰ গৌৰৱ, ৰতি অগ্নিহোত্ৰী আৰু পুনম ধিলন অভিনীত বলীউডী ষ্টাৰ ছবিখনৰ আটাইকেইটা গীততে হাচান আৰু তেওঁৰ ভাতৃ জোহেবে কণ্ঠদান কৰে।১৬
১৯৮১-১৯৮৭: পপ সঙ্গীত আৰু চুপাৰ ষ্টাৰডম
জনপ্ৰিয়তাৰ চূড়াত অৱতীৰ্ণ হোৱা কুৰবাণী ছবিৰ আপ জেইচা কোইৰ পিছত হাচানে বিদ্দুৰ সৈতে বহুকেইটা সঙ্গীত প্ৰকল্পত জড়িত হৈ পৰে। অচলচ্চিত্ৰীয় এলবাম মুক্তি দিয়া তেৱেঁ প্ৰথম নেপথ্য সঙ্গীত শিল্পী আছিল। ১৯৮১ত ভাতৃ জোৱেব হাচানৰ সৈতে একেলগে কণ্ঠদান কৰা তেওঁৰ ডিস্কো দিৱানে শীৰ্ষক এলবামটো মুক্তি পায়; যিয়ে ভাৰত আৰু পাকিস্তানৰ সকলো বিক্ৰীৰ ৰেকৰ্ড ভঙ্গ কৰিছিল। আনকি ৱেষ্ট ইণ্ডিজ, লেটিন আমেৰিকা আৰু ৰুচিয়াতো ই তালিকাৰ শীৰ্ষত আছিল।
.]]
ডিস্কো দিৱানেৰ সফলতাৰ পিছত বিদ্দুৱে দুই ভাতৃ-ভগ্নীক চলচ্চিত্ৰত অভিনয়ৰ বাবে প্ৰস্তাৱ দিয়ে। কিন্তু তেওঁলোকে সেই প্ৰস্তাৱ গ্ৰহণ নকৰি গীত গাই যাবলৈ মনস্থ কৰে। নাজিয়াৰ দ্বিতীয় এলবাম ষ্টাৰ/বুম বুম ১৯৮২ত মুক্তি পায়। এলবামটোৰ চাউণ্ডট্ৰেক ষ্টাৰ (১৯৮২) ছবিত ব্যৱহাৰ কৰা হয়। ছবিখন ব্যৱসায়িকভাবে সফল হোৱা নাছিল যদিও এলবামটোৱে ভাৰত আৰু পাকিস্তানত দুই হাচান ভাতৃ-ভগ্নীৰ জনপ্ৰিয়তা বঢ়াইছিল। ষ্টাৰ/বুম বুমৰ বাবে নাজিয়া হাচানে ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ মনোনয়ন পাইছিল।
নাজিয়াৰ তৃতীয় এলবাম ইয়ং তৰঙ্গ্ ১৯৮৪ত মুক্তি পাইছিল। .৯ এইটোৱে পাকিস্তানৰ প্ৰথম মিউজিক ভিডিঅ’ আছিল, যিটো লণ্ডনৰ ডেভিড ৰোজ আৰু কেথি ৰোজে নিৰ্মাণ কৰিছিল। এই এলবামটোৱেও এচিয়াত জনপ্ৰিয়তা পাইছিল। ইয়াৰে আঁখিয়া মিলানেৱালে এটা যথেষ্ট জনপ্ৰিয় গীত আছিল। ইয়ং তৰঙ্গ্ৰ মুক্তিৰ পিছত এগৰাকী নেপথ্য গায়িকা হিচাপে বলীউডলৈ প্ৰত্যাৱৰ্তন কৰিছিল।
তেওঁৰ চতুৰ্থ এলবাম (ভাতৃ জোহাইবৰ সৈতে একেলগে) হটলাইন ১৯৮৭ত মুক্তি পাইছিল। ইয়াৰে আ হাঁ গীতটোৱে সেইসময়ত অতি জনপ্ৰিয়তা লাভ কৰিছিল।
মিউজিক '৮৯ আৰু অৱসৰ
১৯৮৮ ত নাজিয়া আৰু তেওঁৰ ভাতৃ জোৱেবে সঙ্গীত-গুৰু চোহেল ৰাণাৰ সৈতে চাং চাঙত অৱতীৰ্ণ হয়। ১৯৮৯ত দুই ভাতৃ-ভগ্নীয়ে সোৱেব মনচুৰ প্ৰযোজিত মিউজিক '৮৯ত হোষ্টৰ ভূমিকা পালন কৰে। এয়া আছিল পপ সঙ্গীতৰ টেলিভিচন যোগে প্ৰচাৰিত হোৱা সৰ্ব প্ৰথম মঞ্চ অনুষ্ঠান। এই অনুষ্ঠানটোৱে পিছলৈ জনপ্ৰিয় হোৱা বহুতো উদীয়মান পাকিস্তানী বেণ্ড আৰু গায়কক বাহিৰলৈ উলিয়াই আনিছিল। সেই একে বছৰতে নাজিয়াই পাকিস্তান টেলিভিচনৰ অন্য এক অনুষ্ঠান ধনকৰো হোষ্ট কৰিছিল।
১৯৯১ত নাজিয়া আৰু জোৱেবে তেওঁলোকৰ পঞ্চম এলবাম কেমেৰা কেমেৰাৰ বাণীবন্ধন কৰে। পিছৰ বছৰ ই মুক্তি লাভ কৰে। মুক্তিৰ আগে আগে দুয়ো এইটোৱে তেওঁলোকৰ শেষ এলবাম বুলি ঘোষণা কৰে। এলবামটোৱে শ্ৰোতাৰ সাধাৰণ সহাঁৰিহে পালে, পূৰ্বৰ দৰে সফলতা নাপালে। .
বিদ্দুৱে নিজে কম্পোজ কৰা "মে’ড ইন ইণ্ডিয়া" শীৰ্ষক এটা গীতত নাজিয়াই কণ্ঠদান কৰাটো বিচাৰিছিল। কিন্তু তেওঁ ইতিমধ্যে সঙ্গীত জগতৰ পৰা অৱসৰ লোৱা হেতুকে গাবলৈ অসন্মত হ’ল। পিছলৈ এইটো আলিচা চিনায়ে গায়।১৭১৭
ডিস্কোগ্ৰাফী
- আপ জেইচা কোই (১৯৮০)
- ডিস্ক’ দিৱানে (১৯৮১)
- আৱাৰ লাভ লাষ্ট্ ফৰএভাৰ (এল পি) (১৯৮১)
- গেট এ লিটল ক্লোজাৰ (এল পি) (১৯৮২)
- ষ্টাৰ/ বুম বুম (১৯৮২)
- ড্ৰিমাৰ দিৱানে (১৯৮৩)
- ইয়ং তৰঙ্গ্ (১৯৮৪)
- ইলজাম (১৯৮৬)
- মেই বলৱান (১৯৮৬ চলচ্চিত্ৰ)
- শীলা (১৯৮৭)
- হটলাইন (নাজিয়া আৰু জোৱেবৰ যুটীয়া এলবাম) (১৯৮৭)
- দেন হি কিচড্ মি ((এল পি) (১৯৮৮)
- ছায়া (১৯৮৯ চলচ্চিত্ৰ)
- ধনক ((১৯৮৯)
- কেমেৰা কেমেৰা ((১৯৯২)
- প্ৰ’ অডিঅ’ শ্বো (১৯৯৫)
- ষ্টুডেণ্ট অৱ দ্য ইয়েৰ (২০১২ চলচ্চিত্ৰ)
- চিগনেচাৰ (শুনো শুনো আৰু হিম্মত সে) (২০১৭)
নাজিয়া হাচান বিষয়ক তথ্যচিত্ৰ
- এ মিউজিক ফেয়াৰী, এ ট্ৰিবিউট টু নাজিয়া হাচান- আহমেদ হবিবৰ তথ্যচিত্ৰ
বঁটা আৰু সন্মান
- প্ৰাইড অৱ পাৰফৰ্মেঞ্চ
- শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ফিল্মফেয়াৰ বঁটা
- ডবল প্লেটিনাম বঁটা
- মৰণোত্তৰ ডক্টৰেট ডিগ্ৰি (ৰিচ্মণ্ড আমেৰিকান বিশ্ববিদ্যালয়, লণ্ডন,২০১৪ )
- ৫৩তম জন্মদিনত "গুগল-ডুডল" স্থান১৮
তথ্যসূত্ৰ
- ↑ A toast to the queen of pop: Faraz Wakar’s musical tribute to Nazia Hasan
- ↑ (1990). Women Year Book of Pakistan. Women Year Book of Pakistan. Ladies Forum Publications. পৃ. 405
- ↑ PTI. (18 November 2005). NRI TV presenter gets Hassan Award. Times of India
- ↑ NRI TV presenter gets Nazia Hassan Award – Times of India. The Times of India
- ↑ Desk, APP · Entertainment. (2014-08-13). Aap Jaisa Koi: Remembering Nazia Hasan. www.dawn.com
- ↑ (28 February 2014). 12 x 12: The 12 best Bollywood disco records. The Vinyl Factory
- ↑ Travel of Hindi Song and Dance
- ↑ (1982). India Today. India Today. Thomson Living Media India Limited. পৃ. 34
- ↑ (1983). Pakistan Hotel and Travel Review. Pakistan Hotel and Travel Review. Syed Wali Ahmad Maulai. পৃ. 45
- ↑ Nazia Hassan, our disco queen – The Express Tribune Blog. blogs.tribune.com.pk
- ↑ Desk, Entertainment. (2015-04-03). In memoriam: Nazia Hassan was born 50 years ago today. www.dawn.com
- ↑ blogs.tribune.com.pk/story/1054/nazia-hassan-our
- ↑ Sangita Gopal; Sujata Moorti. (2008). Global Bollywood: travels of Hindi song and dance. University of Minnesota Press. পৃ. 98–9. ISBN 0-8166-4579-5
- ↑ (14 February 2010). ‘We’d wonder how the girls could go out with five guys who smelt so much of onions’. The Telegraph
- ↑ (September 2000). Bollywood News: Bollywood Movies Reviews, Hindi Movies in India, Music & Gossip. Rediff.com
- ↑ Hasan, Enam. Documentary of Nazia Hassan. You Tube. ARY News
- ↑ (20 September 2001). Made for Nazia, sung by Alisha. Times of India
- ↑ (April 3, 2018). Nazia Hassan's 53rd Birthday. গুগল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাজিয়া হাচান” প্ৰবন্ধৰ সংশোধন ৫৪৫৭৯৮ (২৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।