অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুবিনা কুৰেছি

ৰুবিনা কুৰেছি (সিন্ধী: روبينہ قريشي; ১৯ অক্টোবৰ ১৯৪০ – ১৩ জুলাই ২০২২) এগৰাকী পাকিস্তানী সিন্ধী ভাষাৰ লোক-গায়িকা। তেওঁৰ বেছিভাগ গীত সিন্ধী, উৰ্দু, পঞ্জাবী আৰু ছৰাইকী ভাষাত পৰিবেশন কৰাৰ বাবে তেওঁ জনপ্ৰিয়ভাৱে নাইটিংগেল অৱ সিন্ধ নামেৰে পৰিচিত আছিল।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰুবিনা কুৰেছি (সিন্ধী: روبينہ قريشي; ১৯ অক্টোবৰ ১৯৪০ – ১৩ জুলাই ২০২২)১ এগৰাকী পাকিস্তানী সিন্ধী ভাষাৰ লোক-গায়িকা। তেওঁৰ বেছিভাগ গীত সিন্ধী, উৰ্দু, পঞ্জাবী আৰু ছৰাইকী ভাষাত পৰিবেশন কৰাৰ বাবে তেওঁ জনপ্ৰিয়ভাৱে নাইটিংগেল অৱ সিন্ধ নামেৰে পৰিচিত আছিল।২৩৪

প্ৰাৰম্ভিক জীৱন

১৯৪০ চনৰ ১৯ অক্টোবৰত ব্ৰিটিছ ভাৰতৰ (বৰ্তমান পাকিস্তান)ৰ সিন্ধৰ হায়দৰাবাদত ৰুবিনাৰ জন্ম হৈছিল।৫ তেওঁৰ সৰুকালৰ নাম আছিল আইশা ছেইখ আৰু পিতৃৰ নাম ইল্লাহী বক্স ছেইখ।৬ তেওঁ কোনো সাধাৰণ গায়ক পৰিয়ালৰ নাছিল যদিও তেওঁৰ ভাতৃ আব্দুল গফৰ ছেইখো এজন স্থানীয় গায়ক আছিল।৫ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়তে বিদ্যালয়ৰ অনুষ্ঠান আৰু অন্য স্থানীয় অনুষ্ঠানত তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল। শিক্ষাবিদ আৰু সংগীতজ্ঞ দাদি লীলা ৱাটিয়ে তেওঁক উৎসাহিত আৰু অনুপ্ৰাণিত কৰিছিল।৭

১৯৫৫ চনৰ ১৭ আগষ্টত ৰেডিঅ' পাকিস্তান হায়দৰাবাদ প্ৰতিষ্ঠা কৰা হয়।৮ এই নৱপ্ৰতিষ্ঠিত ৰেডিঅ’ ষ্টেচনৰ প্ৰশাসনে হায়দৰাবাদৰ সকলো বিদ্যালয়ৰ প্ৰধানলৈ ৰেডিঅ’ত প্ৰতিভাৱান ল’ৰা-ছোৱালীক চিনাকি কৰাই দিয়াৰ বাবে পত্ৰ লিখিছিল। ৰুবীনাই নৱম শ্ৰেণীত পঢ়ি আছিল, তেতিয়া ৰেডিঅ’ পাকিস্তান হায়দৰাবাদত শিশু গায়িকা হিচাপে অডিচন দিছিল। সম্প্ৰচাৰক এম বি আনছাৰী আৰু সংগীতজ্ঞ আৰু গায়ক মাষ্টাৰ মহম্মদ ইব্ৰাহিমে তেওঁৰ অডিচন লয়। প্ৰথম প্ৰচেষ্টাতে তাই অডিচনত উত্তীৰ্ণ হয়। ৰেডিঅ'ৰ বাবে ৰেকৰ্ডিং কৰা তেওঁৰ প্ৰথম সিন্ধী গীত পৰিবেশন কৰে।৯ গায়ক জীৱনৰ লগতে সিন্ধ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি মুছলিম ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৬৭–৬৮ চনত হিমত-উল-ইছলাম গাৰ্লছ হাইস্কুল হায়দৰাবাদত হাইস্কুলৰ শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১০

মৃত্যু

২০২২ চনৰ ১৩ জুলাইত কৰাচীত ৰুবিনা কুৰেছিৰ মৃত্যু হয়। আব্দুল্লা শ্বাহ গাজী চৌহদত তেওঁক শেষকৃত্য সম্পন্ন কৰা হয়।৩ মৃত্যুৰ সময়ত তেওঁ স্বামী মুস্তাফা কুৰেছি, এজন পুত্ৰ, চলচ্চিত্ৰ অভিনেতা আমিৰ কুৰেছি আৰু এগৰাকী কন্যা আৰবেলাক এৰি যায়।১১

বঁটা

  • ২০২১: তামঘা-ই-ইমতিয়াজ, পাকিস্তান চৰকাৰৰ দ্বাৰা৷

তথ্যসূত্ৰ

  1. ↑ Legendary Sindhi singer Rubina Qureshi passes away
  2. ↑ (15 July 2022). 'Nightingale of Sindh' singer Rubina Qureshi passes away in Karachi. Images Dawn
  3. ↑ Renowned singer Rubina Qureshi passes away. Radio Pakistan
  4. ↑ (14 July 2022). Legendary Sindhi Singer Rubina Qureshi Passes Away. The Nation
  5. ↑ روبينا قريشي: (Sindhianaسنڌيانا). www.encyclopediasindhiana.org
  6. ↑ بلبل مھراڻ روبينہ قريشي ڪينسر وگھي وڇڙي وئي. نامياري گلوڪارہ جا مداح سوڳوار, Daily Kawish, Hyderabad. Dated 14 July 2022
  7. ↑ دادي سورڳ ۾ هيرآباد ٻيهر گڏجي اڏينداسين (محسن جويو) · پيچرو نيوز سنڌي. www.pechro.com
  8. ↑ ريڊيو پاڪستان: (Sindhianaسنڌيانا). www.encyclopediasindhiana.org
  9. ↑ Bhutto, Noor Muhammad. (2014). آواز جو سفر. Sach Publication. পৃ. 30
  10. ↑ Bhutto, Noor Muhammad Bhutto. (2014). آواز جو سفر. Siju Publication. পৃ. 30
  11. ↑ بلبل مھراڻ روبينا قريشيءَ جي ساھ جو سڳو ٽٽي پيو. سرن جي دنيا سوڳوار, Daily Ibrat Hyderabad. Dated 14 July 2022. p. 01

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুবিনা কুৰেছি” প্ৰবন্ধৰ সংশোধন ৬৩৪৪৪৫ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।