মাই ভাগি (সিন্ধী: مائي ڀاڳي, আনুমানিক ১৯২০ – ৭ জুলাই ১৯৮৬) এগৰাকী সিন্ধী লোক-গায়িকা আৰু সংগীতজ্ঞ৷
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
১৯২০ চনত সিন্ধ প্ৰদেশৰ থৰৰ মিথিত মাই ভাগিৰ জন্ম হয়।১ থৰ মৰুভূমিৰ এখন গাঁৱত তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃৰ নাম ৱানহ্যুন ফকিৰ আৰু মাকৰ নাম খাদিজা মগনহাৰ। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই সেই সময়ত সেই অঞ্চলৰ পৰিচিত গায়ক আছিল।২
মাই ভাগিৰ জন্মৰ নাম আছিল ভাগ ভৰী (যাৰ অৰ্থ 'ভাগ্যৱান ব্যক্তি')। ১৬ বছৰ বয়সত ইছলামকোট থাৰপাৰকাৰত লোকগায়িকা হোথি ফকিৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত ১৯৫০ চনত স্থায়ীভাৱে মিথি থাৰপাৰকাৰলৈ স্থানান্তৰিত হয়।৩ পাকিস্তানী লোকগায়িকা আবিদা পাৰবীনৰ স্বামী অনাতাঁৰ কেন্দ্ৰৰ প্ৰযোজক শ্বেখ গুলাম হুছেইনে তেওঁক ৰেডিঅ’ পাকিস্তানৰ ষ্টুডিঅ’ত বাণীবদ্ধ কৰাৰ সুযোগ দিছিল আৰু পিছলৈ তেওঁৰ বাণীবদ্ধ কৰা গীতসমূহ ৰেডিঅ’ত বজাইছিল। ১৯৬০ চনৰ পৰা হায়দৰাবাদৰ ৰেডিঅ' পাকিস্তানত তেওঁৰ লোকগীত 'খাৰী নিম কে নিচে' (নিম গছৰ তলত) গান গাবলৈ আৰম্ভ কৰে।২১ এই প্ৰথম ৰেডিঅ’ সম্প্ৰচাৰৰ বাবে ভাগিক মাত্ৰ ২০ টকাহে দিয়া হৈছিল। পাকিস্তানৰ এখন ডাঙৰ বাতৰি কাকতৰ মতে, "কিন্তু ১৯৭৪ চনত চৰকাৰী পিটিভিত গান গোৱাৰ পিছতহে এই গীতটো ৰাষ্ট্ৰীয় মূলসুঁতিৰ জনপ্ৰিয় হৈ ভগিক সিন্ধী/থাৰী লোক তাৰকালৈ ৰূপান্তৰিত কৰে"।২৩১
তেওঁৰ আন আন লোকগীত 'সমন সাই মান তা গোলি গুলাম তোহিঞ্জী দাৰ জী' পাকিস্তানী জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল আৰু তেওঁ তাৰকা শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল, তেওঁৰ লোকগীত 'মুৰ্লি ৱাৰী মান মহিয়ো'ও সিন্ধৰ গ্ৰাম্য অঞ্চলত জনপ্ৰিয় হৈ পৰিছিল। পাকিস্তান চৰকাৰে তেওঁক বহিঃৰাজ্য ভ্ৰমণ কৰিবলৈ আৰ্থিক সহায় আগবঢ়ায় আৰু ১৯৮৬ চনৰ ৭ জুলাইত মৃত্যুৰ আগলৈকে তেওঁ সংগীতৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ অব্যাহত ৰাখিছিল।১২
মাই ভাগিৰ সম্পূৰ্ণ তথ্যচিত্ৰ জনপ্ৰিয় সিন্ধী সংগীত ৱেবছাইট 'মিডিয়া মিউজিক মেনিয়া'ত পঢ়িব পাৰি১২ আৰু মাই ভাগিৰ সম্পূৰ্ণ বিশদ জীৱনী আৰু নিৰ্বাচিত শ্ৰেষ্ঠ গীতসমূহ শুনিব পাৰি।৪
বঁটা আৰু স্বীকৃতি
- ১৯৮১ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰাইড অৱ পাৰফৰমেন্স বঁটা।৩
- শ্বাহ আব্দুল লতিফ ভিত্তাই বঁটা৷৩
- সচল সৰ্মাষ্ট বঁটা৷৩
তথ্যসূত্ৰ
- ↑ (7 July 2022). Death anniversary of legendary folk singer Mai Bhagi being observed today. Radio Pakistan website
- ↑ Nadeem F. Paracha. (15 May 2014). 12 songs from Pakistan's mountains, deserts, shrines and streets. Dawn newspaper
- ↑ (8 July 2016). 30th Death Anniversary of Mai Bhagi observed. The Pioneer website
- ↑ 'Complete Biography and Songs of Mai Bhagi'. Media Music Mania - Best Music Songs Download
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাই ভাগি” প্ৰবন্ধৰ সংশোধন ৪৯৭০৫৯ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।