অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জীনত বেগম

জীনত বেগম (ইংৰাজী: Zeenat Begum; জন্ম: ১১ নৱেম্বৰ ১৯৩১ – ১১ ডিচেম্বৰ ২০০৭) এগৰাকী পাকিস্তানী গায়িকা আছিল।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৫ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জীনত বেগম (ইংৰাজী: Zeenat Begum; জন্ম: ১১ নৱেম্বৰ ১৯৩১ – ১১ ডিচেম্বৰ ২০০৭) এগৰাকী পাকিস্তানী গায়িকা আছিল। তেওঁ জীনত নামেৰে জনাজাত৷ ছবি আৰু ৰেডিঅ'ত গীত গোৱাৰ বাবে তেওঁক “দ্য কুইন অৱ য়েষ্টাৰইয়াৰ” (The Queen of Yesteryear) নামেৰে জনা গৈছিল।১

প্ৰাৰম্ভিক জীৱন

১৯৩১ চনৰ ১১ নৱেম্বৰত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱৰ মলেৰকোটলাত জীনত বেগমৰ জন্ম হৈছিল৷ জন্মতে তেওঁ নাম আছিল শ্বামীম আখতাৰ।২

সংগীত জীৱন

জীনত বেগম এগৰাকী বিখ্যাত তৱাইফ আৰু শাস্ত্ৰীয় গায়িকা আছিল।১ ১৯৩৭ চনৰ আশে-পাশে পণ্ডিত অমৰ নাথে তেওঁক আৱিষ্কাৰ কৰে।৩ নেপথ্য গায়িকা হিচাপে তেওঁ প্ৰথম ১৯৪২ চনত গোবিন্দ ৰামৰ পঞ্জাবী ছবি মাংতি (১৯৪২)ৰ বাবে গীত গাইছিল আৰু ছবিখনত অভিনেত্ৰী হিচাপেও তেওঁ অভিষেক ঘটায়।১ এই ছবিখন লাহোৰত নিৰ্মিত প্ৰথমখন সোণালী জয়ন্তী ছবি হিচাপে চিহ্নিত কৰা হৈছিল।৪

তেওঁৰ প্ৰথম হিন্দী ছবি আছিল নিশানী (১৯৪২)।৫ পাঁচি (১৯৪৪), শালিমাৰ (১৯৪৬), শ্বেহৰ ছে দুৰ (১৯৪৬) আৰু দাসী (১৯৪৪)কে ধৰি আন কেইবাখনো উল্লেখযোগ্য ছবিৰ বাবে তেওঁ গীত গাইছিল।৬৭

ব্যক্তিগত জীৱন

জীনতে আব্দুল জব্বাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়, পিছত ১৯৫৫ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। পিছলৈ ছাকলাইন ৰিজৱীক বিয়া কৰায় আৰু এটা সন্তান জন্ম হয়।

মৃত্যু

২০০৭ চনৰ ১১ ডিচেম্বৰত পাকিস্তানৰ লাহোৰত তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ (January 14, 2022). Mallikas of yesteryear. Himal Southasian
  2. ↑ (January 23, 2022). زینت بیگم: فلمی صنعت کی ایک بھولی بسری آواز. ARY News
  3. ↑ (June 8, 2021). Spotlight: World's greatest mums. Dawn News
  4. ↑ (February 26, 2022). Mohammad Rafi remembered. Dawn News
  5. ↑ (21 May 2011). Zeenat Begum's Song List – (1942–1951). Cineplot.com
  6. ↑ Zeenat Begum. Cineplot.com
  7. ↑ Cinema Vision India Volume 2. Bombay S. Kak. পৃ. 34

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ অভিনেত্ৰীপাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীনত বেগম” প্ৰবন্ধৰ সংশোধন ৪৮২০০০ (২৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।