অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেৰিনা বালোচ

জেৰিনা বালোচ (উৰ্দু: زرینہ بلوچ, ২৯ ডিচেম্বৰ ১৯৩১ – ২৫ অক্টোবৰ ২০০৫) পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এগৰাকী সিন্ধী লোক-সংগীতৰ গায়িকা আৰু সুৰকাৰ। ইয়াৰ উপৰিও তেওঁ এগৰাকী অভিনেত্ৰী, ৰেডিঅ’ আৰু দূৰদৰ্শনৰ শিল্পী, লেখিকা, শিক্ষয়িত্ৰী, ৰাজনৈতিক কৰ্মী আৰু সমাজকৰ্মী আছিল।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৫ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

জেৰিনা বালোচ (উৰ্দু: زرینہ بلوچ, ২৯ ডিচেম্বৰ ১৯৩১ – ২৫ অক্টোবৰ ২০০৫) পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এগৰাকী সিন্ধী লোক-সংগীতৰ গায়িকা আৰু সুৰকাৰ। ইয়াৰ উপৰিও তেওঁ এগৰাকী অভিনেত্ৰী, ৰেডিঅ’ আৰু দূৰদৰ্শনৰ শিল্পী, লেখিকা, শিক্ষয়িত্ৰী, ৰাজনৈতিক কৰ্মী আৰু সমাজকৰ্মী আছিল। বিপ্লৱী গীত আৰু জেনেৰেল জিয়াৰ সামৰিক একনায়কত্ববাদৰ বিৰুদ্ধে প্ৰতিৰোধৰ বাবে তেওঁ পৰিচিত৷১

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

১৯৩১ চনৰ ২৯ ডিচেম্বৰত পাকিস্তানৰ সিন্ধৰ হায়দৰাবাদৰ আল্লাহদাদ চান্দ গাঁৱত জেৰিনাই জন্মগ্ৰহণ কৰে৷ ১৯৪০ চনত তেওঁৰ মাতৃ গুলৰোজ জালালানীৰ মৃত্যু হয়। সিন্ধী গায়ক মহম্মদ জুমনৰ ওচৰত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। ১৫ বছৰ বয়সত তেওঁৰ পৰিয়ালে দূৰৈৰ আত্মীয় তেওঁৰ বিবাহৰ ব্যৱস্থা কৰিলে। তেওঁৰ দুটা সন্তান আছিল: আখতেৰ বালোচ যাক জিনা বুলিও কোৱা হয় (জন্ম ১৯৫২), আৰু আছলাম পাৰভেজ (জন্ম ১৯৫৭)। কিন্তু বালোচ আৰু তেওঁৰ স্বামীৰ মাজত তেওঁৰ উচ্চ শিক্ষাৰ বিষয়ত মতানৈক্য হোৱাত ১৯৫৮ চনত দুয়োৰে মাজত বিচ্ছেদ ঘটে। ১৯৬০ চনত তেওঁ ৰেডিঅ' হায়দৰাবাদত যোগদান কৰে আৰু ১৯৬১ চনত প্ৰথম সংগীত বঁটা লাভ কৰে। তাৰ পিছত জেৰিনাই সিন্ধী ৰাজনীতিবিদ ৰছুল বাক্স পালিজোৰ সৈতে বিবাহপাশত আবদ্ধ হয়, ১৯৬৪ চনৰ ২২ ছেপ্টেম্বৰত হায়দৰাবাদত তেওঁলোকৰ বিবাহ হয় আৰু তেওঁলোকৰ এটি পুত্ৰ, আয়াজ লতিফ পালিজোৰ জন্ম হয়। ১৯৬৭ চনত তেওঁ মডেল স্কুল সিন্ধ বিশ্ববিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। ১৯৯৭ চনত অৱসৰ লোৱাৰ পিছত ২০০৫ চনত লিয়াকুৱাট নেচনেল হস্পিতালত মগজুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়৷

তথ্যসূত্ৰ

  1. ↑ Hemani, Shumaila. (2 November 2017). Music: Pakistan. Encyclopedia of Women & Islamic Cultures. Brill

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেৰিনা বালোচ” প্ৰবন্ধৰ সংশোধন ৪৮২২৩৭ (২৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।