অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুবেইদা খানুম

জুবেইদা খানুম (১৯৩৫ – ১৯ অক্টোবৰ ২০১৩) এগৰাকী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা লোক গায়িকা৷ ১৯৫০ চনৰ পৰা ১৯৬০ চনলৈ পাকিস্তানী চলচ্চিত্ৰ সংগীতৰ সোণালী যুগত তেওঁ ২৫০ খনতকৈও অধিক চলচ্চিত্ৰৰ গীতত কণ্ঠদান কৰিছিল।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৫ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

জুবেইদা খানুম (১৯৩৫ – ১৯ অক্টোবৰ ২০১৩) এগৰাকী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা লোক গায়িকা৷ ১৯৫০ চনৰ পৰা ১৯৬০ চনলৈ পাকিস্তানী চলচ্চিত্ৰ সংগীতৰ সোণালী যুগত তেওঁ ২৫০ খনতকৈও অধিক চলচ্চিত্ৰৰ গীতত কণ্ঠদান কৰিছিল। চলচ্চিত্ৰ সংগীতৰ বৈশিষ্ট্যপূৰ্ণ অভিনেত্ৰীসকলক কণ্ঠদান কৰাৰ বাবে তেওঁক হলিউডৰ মাৰ্নি নিক্সনৰ সমতুল্য পাকিস্তানী গায়িকা বুলি গণ্য কৰা হৈছিল।১

কৰ্মজীৱন

১৯৫৩ চনত জুবেইদা খানুমে শ্বেহৰী বাবু ছবিত গায়িকা হিচাপে অভিষেক ঘটায়৷ ছবিখনত তেওঁ গোৱা বহুকেইটা গীতে জনপ্ৰিয়তা অৰ্জন কৰিছিল।২ জুবেইদাই পাতয় খান (১৯৫৫), দুল্লা ভট্টি (১৯৫৬)৩ আদি কেইবাখনো ছবিত সহযোগী অভিনেত্ৰী হিচাপেও অভিনয় কৰিছিল।৪ ১৯৫০ চনত পঞ্জাবী আৰু উৰ্দু ছবিৰ আটাইতকৈ সুৰীয়া চলচ্চিত্ৰ নেপথ্য গায়িকা হিচাপে তেওঁ নাম অৰ্জন কৰে।৫ তেওঁ প্ৰধানকৈ একক গীত গাইছিল যদিও অন্যান্য গায়কৰ সৈতে দ্বৈত গীতো গাইছিল৷ বিশেষকৈ তেওঁ আৰু আহমেদ ৰুছদিৰ যুটিয়ে ১৯৫০ চনৰ সময়ছোৱাত অসংখ্য জনপ্ৰিয় গীত গোৱাৰ বাবে বিপুল জনপ্ৰশংসা লাভ কৰিছিল।৬২

কৰ্মজীৱনত তেওঁ কেৱল ৮ বছৰহে সক্ৰিয় আছিল যদিও তেওঁৰ বাস্তৱিক কণ্ঠ আৰু জনপ্ৰিয় চলচ্চিত্ৰ গীতসমূহে পাকিস্তানৰ চলচ্চিত্ৰ উদ্যোগৰ সোণালী সময়ছোৱাৰ স্মৃতি হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ কেৰিয়াৰৰ সময়ছোৱাত ৩০০ৰো অধিক চলচ্চিত্ৰ গীত বাণীবদ্ধ কৰিছিল।২

গুলাম আহমেদ চিষ্টি, ৰছিদ আত্ৰে, ছাফদাৰ হুছেইন, চেলিম ইকবাল, খোৱাজা খুৰ্ছিদ আনোৱাৰ আৰু এ হামিদকে ধৰি সেই সময়ৰ সকলো বিখ্যাত চলচ্চিত্ৰ সংগীত পৰিচালকৰ সৈতে তেওঁ কাম কৰিছিল।২

প্ৰাথমিক জীৱন

১৯৩৫ চনত ব্ৰিটিছ ভাৰতৰ অমৃতসৰত এক মুছলমান পৰিয়ালত জুবেইদাৰ জন্ম হৈছিল৷ ১৯৪৭ চনত স্বাধীনতাৰ পিছত এই পৰিয়ালটোৱে লাহোৰলৈ প্ৰব্ৰজন কৰে।

মৃত্যু

২০১৩ চনৰ ১৯ অক্টোবৰত ৭৮ বছৰ বয়সত লাহোৰৰ নিজা ঘৰত হৃদযন্ত্ৰ বন্ধ হৈ জুবেইদা খানুমৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ (30 October 2013). Zubaida Khanum. The Independent (UK newspaper)
  2. ↑ Film Songs of Zubaida Khanum. Pakistan Film Magazine website
  3. ↑ Zubaida Khanum appeared as a playback singer in film Dulla Bhatti (1956) on IMDb website Retrieved 4 May 2018
  4. ↑ Zubaida Khanum as a film actress in film Patay Khan (1955) on IMDb website Retrieved 4 May 2018
  5. ↑ (19 October 2013). Legendary singer Zubaida Khanum passes away. The Express Tribune (newspaper)
  6. ↑ Zubaida Khanum passes away Dawn (newspaper), Published 20 Oct 2013, Retrieved 4 May 2018

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ অভিনেত্ৰীপাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুবেইদা খানুম” প্ৰবন্ধৰ সংশোধন ৪৮১৯৯৮ (২৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।