অঞ্জলি (Anjali, জন্ম: ১৬ জুন ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ভাষা আৰু তেলুগু ভাষা ছবিত অভিনয় কৰে। অঞ্জলিক তামিল চলচ্চিত্ৰৰ অন্যতম উন্নত অভিনেত্ৰী হিচাপে স্বীকৃতি দিয়া হৈছে। তেওঁ নিজৰ "পাৰফৰ্মেন্স-অৰিয়েণ্টেড ভূমিকা"ৰ বাবে পৰিচিত।১২ তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা দক্ষিণ আৰু দুটা নন্দী বঁটাকে ধৰি কেইবাটাও প্ৰশংসা লাভ কৰিছে।৩
মডেলিঙত কিছু সময় কটোৱাৰ পিছত তেওঁক দুখন তেলেগু প্ৰযোজনাৰ মুখ্য চৰিত্ৰত অভিনয় কৰোৱা হয়; তেওঁ থ্ৰিলাৰ চলচ্চিত্ৰ ফটো (২০০৬)ত অভিষেক ঘটায়। কট্টাদু তামিল (২০০৭) নামৰ তেওঁৰ সফল চলচ্চিত্ৰখনো এখন থ্ৰিলাৰ চলচ্চিত্ৰ আছিল। তেওঁ অংগাদি থেৰু (২০১০) আৰু এংগেয়ুম এপ'থাম (২০১১)ত কৰা অভিনয়ৰ বাবে একেৰাহে দুবাৰ তামিল ভাষাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। আৰু প্ৰথমখনৰ বাবে তামিল নাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছে।৪ তেওঁ ২০১৩-২০১৪ চনত তেলুগু ভাষা চলচ্চিত্ৰত সীথাম্মা বকিলো ছিৰিমাল্লে চেট্টু, বালুপু, মচালা, গীতাঞ্জলি আৰু ডিকেটৰ। তেওঁ হৰৰ-কমেডী গীতাঞ্জলিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত নন্দী বঁটা লাভ কৰিছে। (২০১৪)।৫৬
প্ৰাথমিক জীৱন
১৯৮৬ চনৰ ১৬ জুনত ভাৰতৰ ৰাজোলে, পূব গোদাবৰী জিলা, অন্ধ্ৰপ্ৰদেশৰ এটা তেলুগু ভাষা পৰিয়ালত অঞ্জলিৰ জন্ম হৈছিল।৭৮ তেওঁৰ দুজন ভাই আৰু এজনী ভনী আছে।৯ তেওঁ ৰাজোলত স্কুলীয়া শিক্ষা সমাপ্ত কৰি পিছলৈ চেন্নাইলৈ গুচি যায় আৰু তাতেই গণিতত ডিগ্ৰী লাভ কৰি পঢ়া-শুনা অব্যাহত ৰাখে। অঞ্জলিয়ে মন্তব্য কৰে যে, তেওঁৰ পিতৃ-মাতৃৰ অভিনেতা হোৱাৰ আকাংক্ষা আছিল আৰু তেওঁলোকে তেওঁৰ জৰিয়তে "নিজৰ সপোন বাস্তৱায়িত কৰিছিল"।১০
মিডিয়াত প্ৰতিচ্ছবি
আংগাদি থেৰুত কাণীৰ চৰিত্ৰত অনঞ্জলীৰ অভিনয়ক তামিল চিনেমাৰ আটাইতকৈ স্মৰণীয় নাৰী চৰিত্ৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ১১ ২০১০ আৰু ২০১১ চনত, Rediff.com-এ আংগাদি থেৰু আৰু এনগেইয়ুম এপোথুমত কৰা অভিনয়ৰ বাবে ক্ৰমান্বয়ে অঞ্জলীক ইয়াৰ "শ্ৰেষ্ঠ তামিল অভিনেত্ৰীসকল"ৰ তালিকাত স্থান দিছিল। ১২১৩
তথ্যসূত্ৰ
- ↑ Anjali eyeing mass films?. Sify
- ↑ (17 January 2011). Anjali wants to do commercial cinema. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (15 September 2011). I want people to say there's no one like me. Rediff.com
- ↑ (20 August 2010). Image makeover for Anjali. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (15 November 2017). Nandi Awards 2014–2016: Baahubali sweeps 14 awards, Kamal Haasan and Rajinikanth's congratulatory tweets to each other are a must read. The Indian Express
- ↑ Nandi Awards 2014–2016: List Of Winners. NDTV.com
- ↑ (16 June 2020). Happy Birthday Anjali: 5 exquisitely beautiful photos of the actress that will steal your heart. The Times of India
- ↑ (16 June 2021). As Angaadi Theru actress Anjali turns a year older, take a look at 7 super stunning Insta uploads. Times Now
- ↑ (9 April 2010). My first break – Anjali. দ্য হিন্দু
- ↑ (13 April 2010). Meet the fiery Kani of Angadi Theru. Rediff.com
- ↑ (৮ মাৰ্চ ২০২০). html 30 memorable female characterisations in Tamil cinema of the new millennium. চিনেমা এক্সপ্ৰেছ
- ↑ (30 December 2010). htm ২০১০ চনৰ শীৰ্ষ তামিল অভিনেত্ৰীসকল. Rediff.com
- ↑ (২৬ ডিচেম্বৰ ২০১১). -2011/20111226.htm ২০১১ চনৰ শ্ৰেষ্ঠ তামিল অভিনেত্ৰীসকল. Rediff.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঞ্জলি” প্ৰবন্ধৰ সংশোধন ৫৮৩৬৫৬ (১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।