অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তৃষা কৃষ্ণন

তৃষা কৃষ্ণন (ইংৰাজী: Trisha Krishnan; জন্ম ৪ মে' ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৪২৮ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

তৃষা কৃষ্ণন (ইংৰাজী ভাষা: Trisha Krishnan; জন্ম ৪ মে' ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি মূলতঃ তামিল ভাষা আৰু তেলুগু ভাষা চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁ তামিল চলচ্চিত্ৰত দুটা দশকতকৈও অধিক সময় ধৰি এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে সফল কেৰিয়াৰ অক্ষুণ্ণ ৰাখিছে।১ ১৯৯৯ চনত মিছ চেন্নাই খিতাপ জয় কৰাৰ পাছত তৃষাই বিশেষ চৰ্চা লাভ কৰে, যিয়ে তেওঁৰ চলচ্চিত্ৰ জগতত প্ৰৱেশৰ পথ প্ৰশস্ত কৰিছিল। প্ৰায়ে তেওঁক "দক্ষিণ ভাৰতৰ ৰাণী" বুলি অভিহিত কৰা হয়।২ তেওঁ পাঁচটা ফিল্মফেয়াৰ বঁটা দক্ষিণ, এটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু এটা নন্দী বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছে।৩

১৯৯৯ চনত তামিল ৰোমাণ্টিক ড্ৰামা যোজীত এটা সৰু সহযোগী চৰিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰাৰ পাছত তৃষাই মৌনম পেচিয়াদে (২০০২) চলচ্চিত্ৰত প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁ তামিল চলচ্চিত্ৰ চামী (২০০৩), গিল্লী (২০০৪), আৰু (২০০৫) আৰু উনা কুম এনা কুম (২০০৬) তথা তেলুগু চলচ্চিত্ৰ বৰ্ষম (২০০৪), নুভভোস্তানান্তে নেনোদান্তানা (২০০৫), আথাডু (২০০৫), আদাভাৰী মাটালুকু অৰ্ধালু ভেৰুলে (২০০৭) আৰু কৃষ্ণ (২০০৮) আদি ব্যাৱসায়িক আৰু সমালোচনামূলকভাৱে সফল ছবিত অভিনয় কৰি খ্যাতি অৰ্জন কৰে। ইয়াৰ বাবে তেওঁ তিনিটাকৈ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী (तेलুগু) বঁটা আৰু এটা নন্দী শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে।৪৫

তৃষাই খট্টা মিঠা (২০১০) ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত, পাৱাৰ (২০১৪) ছবিৰ জৰিয়তে কানাড়া চলচ্চিত্ৰত আৰু হে জুড (২০১৮) ছবিৰ জৰিয়তে মালয়ালম চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।৬৭৮

কমেডী ড্ৰামা অভিয়াম নানুম (২০০৮), ৰোমাণ্টিক ড্ৰামা বিন্নাইতাণ্ডি বৰুভায়া (২০১০), একচন থ্ৰিলাৰ এন্নাই অৰিন্দাল (২০১৫) আৰু থুংগা বনাম (২০১৫), পলিটিকেল থ্ৰিলাৰ কোডী (২০১৬), ৰোমাণ্টিক ড্ৰামা ৯৬ (২০১৮), ঐতিহাসিক ড্ৰামা পিন্নিয়ান চেলভান: ১ (২০২২) আৰু পিন্নিয়ান চেলভান: ২ (২০২৩) তথা ক্ৰাইম থ্ৰিলাৰ ছিৰিজ বৃন্দা (২০২৪)-ত তেওঁ কৰা অভিনয়ে উচ্চ প্ৰশংসা লাভ কৰিছে।৯ অভিয়াম নানুম, কোডী আৰু ৯৬-ত তেওঁৰ অভিনয়ৰ বাবে তেওঁ ক্ৰমান্বয়ে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী সমালোচক বঁটা (তামিল) আৰু ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী (তামিল) বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

তৃষা কৃষ্ণনৰ জন্ম ১৯৮৩ চনৰ ৪ মে'ত১০ তামিলনাডুৰ মাদ্ৰাজত এটা তামিল পালাক্কাদ আয়াৰ পৰিয়ালত কৃষ্ণন আৰু উমাৰ ঘৰত হৈছিল।১১১২১৩১৪১৫ তেওঁ চেন্নাইৰ চাৰ্চ পাৰ্কৰ ছেক্ৰেড হাৰ্ট মেট্ৰিকুলেচন স্কুলৰপৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে১৬ আৰু পিছলৈ চেন্নাইৰ ইথিৰাজ কলেজ ফৰ উইমেনত বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেচন (বিবিএ) পাঠ্যক্ৰম গ্ৰহণ কৰে।১৬ তেওঁ মডেলিং জগতত ভৰি দিয়ে আৰু কেইবাখনো ছপা তথা টেলিভিছন বিজ্ঞাপনত দেখা দিয়ে।১৭১৮ ১৯৯৯ চনত তেওঁ "মিছ চালেম" সুন্দৰী প্ৰতিযোগিতাত জয়লাভ কৰে আৰু একে বছৰৰে শেষৰফালে "মিছ চেন্নাই" প্ৰতিযোগিতাতো বিজয়ী হয়। ইয়াৰ উপৰি তেওঁ মিছ ইণ্ডিয়া ২০০১ প্ৰতিযোগিতাত "বিউটিফুল স্মাইল" বঁটা লাভ কৰিছিল।১৭১৯২০

তৃষাই আৰম্ভণিতে এগৰাকী অপৰাধ মনোবিজ্ঞানী হোৱাৰ ইচ্ছা কৰিছিল আৰু অভিনয়ৰ কথা ভবা নাছিল, কাৰণ তেওঁ প্ৰথমে পঢ়া-শুনা সম্পূৰ্ণ কৰিব বিচাৰিছিল। ২০০০ চনত তেওঁ ফাল্গুনী পাঠকৰ মিউজিক ভিডিঅ' মেৰী চুনাৰ উৰ উৰ যায়েত আয়েশা টাকিয়াৰ সৈতে অভিনয় কৰিছিল। পিছলৈ ভাৰতীয় চলচ্চিত্ৰ পৰিচালক প্ৰিয়দৰ্শনে তেওঁক তামিল ছবি লেছা লেছা (২০০৩) ত অভিনয়ৰ বাবে প্ৰস্তাৱ দিয়ে, যিয়ে তেওঁৰ অভিনেত্ৰী হিচাপে বৃত্তিমূলক জীৱনৰ সূচনা কৰে।১৭ কলেজত পঢ়ি থকা অৱস্থাত তেওঁৰ শ্বুটিংৰ সময়সূচী অতি ব্যস্ত আছিল, যাৰ বাবে শিক্ষা অব্যাহত ৰখাটো কঠিন হৈ পৰিছিল।২১ ইয়াৰ ক্ষতিপূৰণ দিবলৈ তেওঁ গ্ৰীষ্মকালীন শ্ৰেণীত উপস্থিত আছিল।১৭

তথ্যসূত্ৰ

  1. ↑ Happy Birthday Trisha, 20 years of being a leading actor in the industry. JFW
  2. ↑ (4 May 2024). Trisha Krishnan the "Queen of South India". The Times of India
  3. ↑ List of Filmfare awards received by Trisha Krishnan. The Times of India
  4. ↑ (10 July 2005). Filmfare awards for 2004 Telugu cinema. দ্য হিন্দু
  5. ↑ Filmfare Awards for 2007 Telugu Winners. The Times of India
  6. ↑ Express, Features. (4 July 2017). Trisha's Hey Jude starts rolling. Cinema Express
  7. ↑ (24 June 2014). Audio of Power to be released on June 28. The Times of India
  8. ↑ (1 July 2010). No dancing around trees in Khatta Meetha: Trisha. Hindustan Times
  9. ↑ Dundoo, Sangeetha Devi. (29 July 2024). Director Surya Vangala on Telugu web series 'Brinda': Trisha brought in fine nuances, made it look effortless. The Hindu
  10. ↑ Chakraborthy, Antara. (4 May 2019). Happy birthday Trisha: What makes Kollywood's Janu stand out. The Indian Express
  11. ↑ (19 October 2012). Trisha Krishnan's father Krishnan passes away. News18
  12. ↑ (10 June 2023). Can You Identify This Famous Actress Who Was Crowned Miss Chennai In 2000?. News18
  13. ↑ Happy Birthday Trisha. The Times of India
  14. ↑ (11 March 2008). Transcript of the chat with Trisha. Sify
  15. ↑ Subramaniam, Archana. (17 August 2011). My heart belongs here…. দ্য হিন্দু
  16. ↑ (4 May 2024). Actress Trisha Krishnan Impressive Education Qualification. India.com
  17. ↑ Kamath, Sudhish. (3 June 2002). An offer she couldn't refuse. দ্য হিন্দু
  18. ↑ Bhagat, Shama. (25 June 2010). Trisha set for first B'wood take. The Asian Age
  19. ↑ Yadav, Arvind. (18 June 2007). Trisha gulps, gears up for new ad. CNN-IBN
  20. ↑ Basu, Nilanjana. (30 September 2020). Trisha Krishnan's Throwback To The Day That "Changed" Her Life 21 Years Ago. NDTV
  21. ↑ (6 October 2003). Screen vs. studies. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীমিছ চেন্নাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৃষা কৃষ্ণন” প্ৰবন্ধৰ সংশোধন ৫৯৯১০৫ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।