অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নল গাহৰি

নল গাহৰি (Pygmy hog বৈ়জ্ঞানিক নাম: Porculasalvania) পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। এটা সময়ত এই নল গাহৰি উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগ আৰু অসম জুৰি হিমালয়ৰ পাদদেশৰ দক্ষিণে থকা এক সংকীৰ্ণ অঞ্চলৰ ঘাঁহনিত পোৱা গৈছিল।

হালনাগাদ: ১৮ জুন ২০২৬ ৭৬০ শব্দ · ৪ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নল গাহৰি (Pygmy hog বৈ়জ্ঞানিক নাম: Porculasalvania) পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। এটা সময়ত এই নল গাহৰি উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগ আৰু অসম জুৰি হিমালয়ৰ পাদদেশৰ দক্ষিণে থকা এক সংকীৰ্ণ অঞ্চলৰ ঘাঁহনিত পোৱা গৈছিল। লাহে লাহে উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগৰ ঘাঁহনিত নল গাহৰি বিলুপ্ত হৈ যোৱাত এই আপুৰুগীয়া গাহৰিৰ প্ৰজাতিটো বিলুপ্ত হোৱা বুলি ধৰি লোৱা হৈছিলে যদিও পিছলৈ কেৱল অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানত পুনৰ ইয়াক দেখা পোৱা যায়। ঘোৰ-সংকটগ্ৰস্থ (Critically Endangered) তালিকাভুক্ত এই প্ৰাণী বৰ্তমান অসমৰ বাহিৰে পৃথিৱীৰ আন ক'তো নাই আৰু ভাৰতীয় গঁড়তকৈ বৰ্তমানত জীয়াই থকা নল গাহৰিৰ সংখ্যা কেইবাগুণে কম। গোটেই পৃথিৱীৰ সম্ভৱতঃ ৫০০টাতকৈও কম নল গাহৰি বৰ্তমান কেৱল অসমৰ হাবিত জীয়াই আছে।

বিৱৰণ

অতি বিৰল এই বনৰীয়া গাহৰিৰ বৈজ্ঞানিক নাম Porculasulvania (পৰকুলা ছালভানিয়া)১ আৰু ভাৰতৰ হাবিত দেখাপোৱা বনৰীয়া গাহৰিতকৈ ই পৃথক আৰু আকাৰতো প্ৰায় ৪ গুণ মান সৰু। অসমীয়াত ইয়াক নল গাহৰিৰ উপৰি টাকুৰি বৰা বুলিও কোৱা হয়। বড়ো ভাষাত ইয়াৰ নাম ওমা ঠাখ্ৰি, নেপালী ভাষাত ইয়াৰ নাম পুডেক বঁদেল। নল গাহৰি দীঘলে মাত্ৰ ৬০ ছে.মি. আৰু ওখই প্ৰায় ২৫ ছে.মি. মান হয়। এটা প্ৰাপ্তবয়স্ক মতাৰ ওজন ৮ পৰা ৯ কিলোগ্ৰাম মান হয়। মাইকী গাহৰিবোৰ মতাতকৈ কিছু সৰু। ঘৰচীয়া বা বনৰীয়া গাহৰিতকৈ নল গাহৰিক পৃথকৈ চিনিব পৰা আটাইতকৈ সহজ উপায় হ'ল ইয়াৰ নেজ। এটা পূৰ্ণবয়স্ক নল গাহৰিৰ নেজ মাত্ৰ ১ ইঞ্চিহে দীঘল, পিছে ঘৰচীয়া বা বনৰীয়া গাহৰিৰ পোৱালিৰে নেজ প্ৰায় ৩ ইঞ্চিমান দীঘল হয়। ইয়াৰ উপৰি মাইকী নলগাহৰিৰ কেৱল ৩ যোৰহে স্তন থাকে; আনহাতে ঘৰচীয়া বা বনৰীয়া গাহৰিৰ ৫ৰ পৰা ৬ যোৰলৈ স্তন থাকে। নল গাহৰিয়ে জাক পাতি বিচৰণ কৰে এটা জাকত ৫টাৰ পৰা ১০টালৈকে প্ৰাপ্তবয়স্ক গাহৰি থাকে। সিহঁতে ডাঠ ঘাঁহনিৰ মাজত সহজতেই মিলি যোৱাকৈ ঘাঁহেৰেই বাহ সাজে। পোৱালি জগোৱাৰ আগে আগে গাভিনী গাহৰিয়ে জাকৰ পৰা নিলগত বেলেগকৈ বাহ সাজে। নল গাহৰিয়ে বছৰত এবাৰহে পোৱালি জগায়, ইহঁতৰ পোৱালি দিয়াৰ সময় হ'ল এপ্ৰিলৰ পৰা জুন মাহ। ইহঁতে এবাৰত ৪ বা ৫টাকৈ পোৱালি দিয়ে। জন্মৰ সময়ত পোৱালি এটা নিগনিৰ সমান ডাঙৰ আৰু ওজনত প্ৰায় ১৫০ গ্ৰাম মান হয়। নল গাহৰিয়ে হাবিত পোৱা বিভিন্ন শিপা, মূল, বনৰীয়া ফলৰ উপৰিও কেঁচু, উঁই, পৰুৱা, কণী আদি খায়।

বৰ্তমানৰ স্থিতি

আপুৰুগীয়া এই প্ৰাণীবিধে দিনক দিনে হেৰুৱাবলৈ ধৰিছে ইহঁতৰ বাসস্থান। আনকি, ১৯৯০ চনলৈকে মানাহৰ বাহিৰেও বৰনদী অভয়াৰণ্যত নল গাহৰি পোৱা গৈছিল, কিন্তু বৰ্তমান বৰনদীত নল গাহৰিৰ বিলুপ্ত হৈছে। নল গাহৰিয়ে বাস কৰি থকা ঘাঁহনিবোৰ দ্ৰতগতিত নোহোৱাহৈ আহিছে, অথবা ইমান বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে যে সেইবোৰ বাসৰ অনুপযোগী হৈছেহি। মানুহৰ ঘৰচীয়া জীৱ-জন্তু বিশেষকৈ গৰুবোৰেই ইয়াৰ বাবে প্ৰধানকৈ দায়ী। মানুহেই ওখ ঘাঁহনিবোৰ খেতিপথাৰ, চৰণীয়া পথাৰ অথবা গাঁৱলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ উপৰিও অনিয়ন্ত্ৰিত ভাৱে ফাগুণ-চ'ত মাহত ঘাঁহনিবোৰত লগোৱা জুইয়েও এই প্ৰাণীবিধ জীয়াই থকাত ভাবুকিৰ সৃষ্টি কৰিছে।

সংৰক্ষণ

১৯৯৬ চনত নল গাহৰি সংৰক্ষণ কাৰ্যক্ৰমৰ (Pigmy Hog Conservation programme) অধীনত মানাহৰ পৰা ৬টা নল গাহৰি ধৰি আনি গুৱাহাটিৰ বশিষ্ঠত থকা নল গাহৰি গবেষণা আৰু প্ৰজনন কেন্দ্ৰত ( Pigmy Hog Research and Breeding Centre) সফলতাৰে প্ৰজনন কৰোৱা হয় আৰু ২০১৩ চনলৈ সোনাই-ৰূপাই অভয়াৰণ্যত ৩৫টা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৩৯ টা নলগাহৰি এৰি দিয়া হয়। এৰি দিয়া নল গাহৰি বোৰে সোণাই-ৰূপাই আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সফলতাৰে বংশবৃদ্ধি কৰাৰ লগতে তাৰে ঘাঁহনি সমূহত বিচৰণ কৰি থকা বুলি প্ৰমান পোৱা গৈছে।

অন্যান্য উৎস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Database entry includes a brief justification of why this species is of critically endangered

সম্পৰ্কিত শ্ৰেণী

তৃণভোজী প্ৰাণীজীৱবিজ্ঞানবিপন্ন প্ৰজাতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নল গাহৰি” প্ৰবন্ধৰ সংশোধন ৬১২৭৯৯ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।