ৰঙা কাঞ্চন (camel's foot বা orchid tree, বৈজ্ঞানিক নাম-Phanera purpurea পূৰ্বতে Bauhinia purpurea ) ‘Fabaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদবিধ ঘাইকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়। ১
বিৱৰণ
ৰঙা কাঞ্চন এবিধ সৰুৰ পৰা মজলীয়া আকাৰৰ পৰ্ণপাতী উদ্ভিদ। ইয়াৰ উচ্চতা প্ৰায় ১৭ ফুট পৰ্যন্ত হোৱা দেখা যায়। এই গছজোপাৰ পাতবোৰ ১০-২০ ছে:মি: দীঘল আৰু ঘূৰণীয়া বহল হয়। ফুলবোৰ গুলপীয়া আৰু সুগন্ধি হোৱা দেখা যায়। ৰঙা কাঞ্চনৰ ফল দীঘলীয়া আৰু ইয়াৰ ভিতৰত ১২-১৬ টাকৈ গুটি থাকে।


ঔষধি গুণ
পৰম্পৰাগতভাৱে বহুতো সৰু-বৰ ৰোগ নিৰাময়ত ৰঙা কাঞ্চন ব্যৱহাৱ কৰা হয়। এই উদ্ভিদৰ বিভিন্ন অংশত বহুমূত্ৰ, ডায়েৰিয়া, কেন্সাৰ আদি ৰোগ নিৰাময় কৰা গুণ থাকে বুলি ধাৰণা কৰা হৈছে। ২ ৰঙা কাঞ্চনৰ পৰা বহুতো ধৰণৰ ৰাসায়নিক পদাৰ্থও নিষ্কাশন কৰিব পৰা গৈছে। ইয়াৰ ভিতৰত, 5,6-dihydroxy-7-methoxyflavone 6-O-β-D-xylopyranoside, bis [3',4'-dihydroxy-6-methoxy-7,8-furano-5',6'-mono-methylalloxy]-5-C-5-biflavonyl and (4'-hydroxy-7-methyl 3-C-α-L-rhamnopyranosyl)-5-C-5-(4'-hydroxy-7-methyl-3-C-α-D-glucopyranosyl) bioflavonoid, bibenzyls, Dibenzoxepins, mixture of Phytol fatty esters, Lutein, β-sitosterol, Isoquercitin and Astragalin.২ আদিয়ে প্ৰধান।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ USDA GRIN Taxonomy
- ↑ Bauhinia purpurea linn.: A review of its ethnobotany, phytochemical and pharmacological profile Kumar T., Chandrashekar K.S. Research Journal of Medicinal Plant 2011 5:4 (420-431)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙা কাঞ্চন” প্ৰবন্ধৰ সংশোধন ৬০০০৮৮ (৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।