চাঁওতালি ব্যক্তি
২৮ প্ৰবন্ধ
-
দ্ৰৌপদী মূৰ্মু
দ্ৰৌপদী মূৰ্মু (Draupadi Murmu; জন্ম: ২০ জুন ১৯৫৮) বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি। ৰামনাথ কোবিন্দৰ পিছত তেওঁ ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ২০১৫ চনত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। ৰাজ্যপাল পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী জনজাতীয় মহিলা।
-
ৰঘুনাথ মুৰ্মু
পণ্ডিত ৰঘুনাথ মুৰ্মু (ᱨᱚᱜᱷᱩᱱᱟᱛᱷ ᱢᱩᱨᱢᱩ, ৫ মে' ১৯০৫ – ১ ফেব্ৰুৱাৰী ১৯৮২) এজন ভাষাতত্ত্ববিদ, লেখক, নাট্যকাৰ লগতে চাঁওতালি ভাষাত ব্যবহৃত অল চিকি লিপিৰ উদ্ভাৱক আছিল।
-
অঞ্জলি কিস্কু
অঞ্জলি কিস্কু চাঁওতালি ভাষাত সাহিত্য চৰ্চা কৰা এগৰাকী ভাৰতীয় সাহিত্যিক। ২০২০ চনত তেওঁৰ কবিতা পুথি আঞ্জলেৰ বাবে সাহিত্য অকাডেমিৰ যুৱপুৰস্কাৰ বঁটা লাভ কৰিছিল।
-
চামি মুৰ্মু
চামি মুৰ্মু (জন্ম প্ৰায় ১৯৭৩) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী আৰু ভাৰতত গছপুলি ৰোপণৰ বাবে পৰিচিত। ২০১৯ চনত নাৰী শক্তিৰ সন্মান লাভ কৰালৈকে ভাৰতত ২৫ লাখ গছপুলি ৰোপণ কৰিছিল।
-
ছালগে হান্সদা
ছালগে হান্সদা (Salge Hansdah) এগৰাকী চাঁওতালি মূলৰ ভাৰতীয় সাহিত্যিক। তেওঁ চাঁওতালি ভাষাত লিখা-মেলা কৰে। ২০২২ চনত জনম দিশোম উজাৰোগ কানা ( Birthplace becoming deserted) উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমী যুৱপুৰাস্কৰ লাভ কৰে।
-
জবা মূৰ্মু
জবা মূৰ্মু (Joba Murmu) চাওঁতালি সাহিত্যৰ ৰচনাৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লেখিকা আৰু সাহিত্যিক চাওঁতালি ভাষাৰ সাহিত্যলৈ আগবঢ়োৱা ভাষা অৱদানৰ বাবে ২০১৭ চনৰ ১৪ নৱেম্বৰত তেওঁ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল।
-
তালা টুডু
তালা টুডু ঝাৰখণ্ডৰ এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু নাৰ্ছ। ২০১৫ চনত চান্তালী বা চাঁওতালি ভাষাৰ অনুবাদৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৯৭২ চনত।
-
দময়ন্তী বেশ্ৰা
দময়ন্তী বেশ্ৰা (Damayanti Beshra, ১৮ ফেব্ৰুৱাৰী ১৯৬২) এগৰাকী চাঁওতালি লেখিকা আৰু আদিবাসী গৱেষক। তেওঁ বিশেষকৈ চাঁওতালি ভাষাৰ সাহিত্যৰ বাবে তেওঁ পৰিচিত। ২০০৯ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ 'কৰম দাৰ' চাঁওতালি ভাষাৰ প্ৰথমখন মহিলাৰ আলোচনী প্ৰকাশ কৰিছিল।
-
বছেন মুৰ্মু
বছেন মুৰ্মু (৯ এপ্ৰিল ১৯৮৭ - ৮ জুন ২০২০) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ ঘাইকৈ চাঁওতালি ভাষাত সংগীতচৰ্চা কৰিছিল। তেওঁ চাঁওতালি চলচ্চিত্ৰ আৰু এলবামৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীত পৰিগণিত হৈছিল। ২০২০ চনৰ ৮ জুন তাৰিখে মাত্ৰ ৩৩ বছৰ বয়সত বছেন মুৰ্মুৰ মৃত্যু হয়।
-
মাইনা টুডু
মাইনা টুডু (Maina ) এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু ওড়িশাৰ গৃহিণী।২০১৭ চনত তেওঁ যুৱ পুৰস্কাৰ লাভ কৰিছিল।
-
যমুনা টুডু
যমুনা টুডু ( Jamuna Tudu) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী। তেওঁ আৰু আন পাঁচগৰাকী মহিলাই তেওঁ বাস কৰা গাঁৱৰ ওচৰত অবৈধভাৱে গছ কটা ৰোধ কৰিছিল আৰু ই পিছলৈ এই কাৰ্য এটা সংগঠনলৈ সম্প্ৰসাৰিত হৈছিল। ঝাৰখণ্ডত কাঠ মাফিয়া আৰু নক্সালৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁক লেডী টাৰ্জান বুলি কোৱা হয়।
-
সাধু ৰামচান্দ মুৰ্মু
সাধু ৰামচান্দ মুৰ্মু (৩০ এপ্ৰিল ১৮৯৭-১৫ ডিচেম্বৰ ১৯৫৪) এজন চাওঁতালি কবি, লেখক আৰু শিক্ষাবিদ আছিল। তেখেত উনৈশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতাব্দীৰ প্ৰথম ভাগত চাওঁতালি সাহিত্য আৰু সংগীতক নতুন ৰূপ দিছিল। তেখেত চাওঁতালি সাহিত্যৰ কবিগুৰু বা মহাকবি নামেৰেও জনাজাত।
-
সুচিত্ৰা হান্সদা
সুচিত্ৰা হান্সদা ( Suchitra Hansda), জন্ম: ১৯৮৩ চন, এগৰাকী চাঁওতালী মহিলা লেখিকা। ভাৰতৰ পশ্চিম বংগৰ হুগলী জিলাৰ জামদা গাঁৱত তেওঁৰ ঘৰ। চাঁওতালী ভাষাৰ বিভিন্ন সাহিত্যৰ ৰচনাৰ বাবে তেওঁ পৰিচিত।
-
সোণাঝৰীয়া মিনজ
সোণাঝৰীয়া মিনজ এগৰাকী শিক্ষাবিদ। তেওঁ গণিত আৰু কম্পিউটাৰ বিজ্ঞানৰ প্ৰশিক্ষণ লাভ কৰিছে। তেওঁ সিদ্ধু কানহু মুৰ্মু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল।
-
ৰাণী মূৰ্মু
ৰাণী মূৰ্মু (Rani Murmu; জন্ম: ১৯৮৮) এগৰাকী ভাৰতীয় চাঁওতালি লেখিকা। ২০১৮ চনত হপন মায়ক কুকমু গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ যুৱপুৰাস্কৰ বঁটা লাভ কৰে।
-
চনু মুৰ্মু
চনু মুৰ্মু (ইংৰাজী: Sonu Murmu) এজন নেপালৰ ৰাজনীতিবিদ। তেওঁ জনমত পাৰ্টিৰ এগৰাকী সক্ৰিয় সদস্য। তেওঁ বৰ্তমান নেপালৰ দ্বিতীয় ফেডাৰেল সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২২ চনৰ নেপালৰ সাধাৰণ নিৰ্বাচনত তেওঁ খিলঞ্জীয়া শ্ৰেণীৰ পৰা আনুপাতিক প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয়।
-
চন্দ্ৰাণী মুৰ্মু
চন্দ্ৰনী মুৰ্মু ( Chandrani Murmu; জন্ম: ১৬ জুন ১৯৯৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত বিজু জনতা দলৰ সদস্য হিচাপে ওড়িশাৰ কেওনঝাৰৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। বৰ্তমান চন্দ্ৰাণী মুৰ্মু ভাৰতীয় সংসদৰ সবাতোকৈ কম বয়সীয়া সদস্য।
-
চাঁওতালি সাহিত্য
চাঁওতালি সাহিত্য (ᱥᱟᱱᱛᱟᱲᱤ ᱥᱟᱶᱦᱮᱫ) বুলিলে চাঁওতালি ভাষাত ৰচিত সাহিত্যৰ সামগ্ৰিক সংকলনক বুজোৱা হয়। এই ভাষাটো মূলতঃ চাঁওতাল জনগোষ্ঠীৰদ্বাৰা ব্যৱহৃত, যিসকল ভাৰত, বাংলাদেশ, নেপাল আৰু ভূটানত বসবাস কৰে। চাঁওতালি ভাষা হ'ল ভাৰতৰ সংবিধান স্বীকৃত ২২টা ভাষাৰ অন্তৰ্গত এটা ভাষা।
-
চুনীবালা হান্সদা
চুনীবালা হান্সদা ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সৈতে জড়িত পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেখেত ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সভানেত্ৰী।
-
জবামণি টুডু
জবামণি টুডু ( Jabamani Tudu), জন্ম: ১০ এপ্ৰিল, ২০০০চন; এগৰাকী ভাৰতীয় মহিলা ফুটবলাৰ, যিয়ে কিকষ্টাৰ্ট আৰু ভাৰতীয় মহিলা জাতীয় ফুটবল দলৰ ডিফেণ্ডাৰ হিচাপে খেলে।
-
জাহ্নু হান্সদা
জাহ্নু হান্সদা (ইংৰাজী: Jhano Hansdah; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) এগৰাকী ভাৰতীয় মহিলা কম্পাউণ্ড আৰ্চাৰ (ধনুৰ্বিদ)। তেওঁ ভাৰতৰ জাতীয় দলৰ হৈ খেলে। ২০১৩ চনৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰিছিল।
-
জৌনা মুৰ্মু
জৌনা মুৰ্মু (Juuna Murmu; জন্ম: ১৬ আগষ্ট ১৯৯০) ওড়িশাৰ এগৰাকী ভাৰতীয় স্প্ৰিণ্ট দৌৰবিদ আৰু হাৰ্ডলাৰ. তেওঁ ৪০০ মিটাৰ আৰু ৪০০ মিটাৰ হাৰ্ডলছত বিশেষজ্ঞ। তেওঁৰ ঘৰ ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ অন্তৰ্গত ৷ তেওঁ অৰুণ কুমাৰ দাস আৰু সুবাস চন্দ্ৰ দাসমোহাপাত্ৰৰ পৰা প্ৰশিক্ষকতা লাভ কৰিছে।
-
ডগৰ টুডু
ডগৰমণি টুডু হৈছে এগৰাকী ভাৰতীয় চাঁওতালি চলচ্চিত্ৰ অভিনেত্ৰী আৰু গায়িকা। তেওঁ চাঁওতালি আৰু বাংলা গীতত কণ্ঠদান কৰে। বৰ্তমান তেওঁ ট্ৰাইব টিভিৰ বাতৰি পৰিৱেশক হিচাপে কাম কৰি আছে। দ্বাদশ দাদাচাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত "আশা" ছবিত অভিনয় কৰাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।
-
দেবলিনা হেমব্ৰাম
দেবলিনা হেমব্ৰাম (ইংৰাজী: Deblina Hembram) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য। ২০০৬-১১ চনত বাওঁ মঞ্চ মন্ত্ৰালয়ত জনজাতি পৰিক্ৰমা মন্ত্ৰী আছিল।
-
বীৰবাহা হান্সদা
বীৰবাহা হান্সদা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী যি বৰ্তমান আত্মসহায়ক গোট আৰু আত্মনিয়োগৰ কেবিনেট মন্ত্ৰী আৰু পশ্চিম বংগ চৰকাৰৰ বন আৰু গ্ৰাহক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
লুইস মৰাণ্ডী
লুইস মৰাণ্ডী ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ঝাৰখণ্ড চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু সংখ্যালঘু কল্যাণ, সমাজ কল্যাণ, মহিলা আৰু শিশু উন্নয়ন আদিৰ দৰে কেইবাটাও দপ্তৰৰ মন্ত্ৰী আছিল। ঝাৰখণ্ড ভাৰতীয় জনতা পাৰ্টিৰ তেওঁ একমাত্ৰ জনপ্ৰিয় মহিলা নেত্ৰী।
-
সীতা সোৰেন
সীতা মুৰ্মু ওৰফে সীতা সোৰেন এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু জামাৰ পৰা ঝাৰখণ্ড বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা ঝাৰখণ্ড মুক্তি মৰ্চাৰ এগৰাকী নেত্ৰী ৷ তেওঁ জেএমএমৰ মুৰব্বী শিবু সোৰেনৰ বোৱাৰী আৰু প্ৰয়াত দুৰ্গা সোৰেনৰ পত্নী ৷ তেওঁ ২০১২ চনৰ ৰাজ্যসভা নিৰ্বাচনত ভোটদানত ধন লাভ কৰাৰ অভিযোগ উত্থাপন কৰি…
-
স্নেহা সোৰেন
স্নেহা সোৰেন (জন্ম ২০০১) ভাৰতৰ এগৰাকী মহিলা ভাৰোত্তোলনকাৰী। অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত হোৱা ২০১৭ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ প্ৰথম আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰাৰ লগতে ২০২৩ চনৰ নেশ্যনেল গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ বাবে ওড়িশা চৰকাৰৰ পৰা সোৰেনে একলব্য বঁটা লাভ কৰিছিল।