অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লুইস মৰাণ্ডী

লুইস মৰাণ্ডী ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ঝাৰখণ্ড চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু সংখ্যালঘু কল্যাণ, সমাজ কল্যাণ, মহিলা আৰু শিশু উন্নয়ন আদিৰ দৰে কেইবাটাও দপ্তৰৰ মন্ত্ৰী আছিল। ঝাৰখণ্ড ভাৰতীয় জনতা পাৰ্টিৰ তেওঁ একমাত্ৰ জনপ্ৰিয় মহিলা নেত্ৰী।

হালনাগাদ: ২৯ ডিচেম্বৰ ২০২৫ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

লুইস মৰাণ্ডী ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ঝাৰখণ্ড চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু সংখ্যালঘু কল্যাণ, সমাজ কল্যাণ, মহিলা আৰু শিশু উন্নয়ন আদিৰ দৰে কেইবাটাও দপ্তৰৰ মন্ত্ৰী আছিল।১২৩৪৫৬

ঝাৰখণ্ড ভাৰতীয় জনতা পাৰ্টিৰ তেওঁ একমাত্ৰ জনপ্ৰিয় মহিলা নেত্ৰী। ঝাৰখণ্ড ভাৰতীয় জনতা পাৰ্টিৰ বাবে তেওঁ বিভিন্ন গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে ঝাৰখণ্ড ভাৰতীয় জনতা পাৰ্টিৰ মহিলা শাখাৰ সভানেত্ৰী হিচাপে তেওঁ ঝাৰখণ্ড মহিলা আয়োগৰ সদস্যও আছিল।

ঝাৰখণ্ডৰ বিভিন্ন মহাবিদ্যালয়ত চাঁওতালি বিষয়ত তেওঁ বক্তৃতা প্ৰদান কৰি আহিছে। ২০০৯ চনৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ডুমকা বিধানসভাৰ ভাৰতীয় জনতা পাৰ্টিৰ তেওঁ প্ৰাৰ্থী আছিল। তেওঁ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ শীৰ্ষস্থানীয় নেতা শিবু সোৰেনৰ পুত্ৰ হেমন্ত সোৰেনৰ হাতত প্ৰায় ৩০০০ ভোটত পৰাজিত হৈছিল।

ৰাজনাথ সিঙৰ দলত ২০১২ চনত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে তেওঁৰ অন্যতম বৃহৎ ভূমিকা আছিল। ২০১৪ চনৰ জুনমাহৰ সংসদীয় নিৰ্বাচনত বিজেপিৰ অভ্যন্তৰীণ ৰাজনীতিৰ বাবে তেওঁ সেই নিৰ্বাচনত ডুমকাৰ পৰা টিকট লাভ কৰিব নোৱাৰিলেও, তেওঁ ঝাৰখণ্ডৰ পৰা ১৪খন আসনৰ ভিতৰত ১২খন আসন জিকি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

২০১৪ চনৰ ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ শীৰ্ষস্থানীয় শিবু সোৰেনৰ পুত্ৰ হেমন্ত সোৰেনক তেওঁ ৫২৬২টা ভোটত পৰাস্ত কৰে আৰু ঝাৰখণ্ডৰ ৰাজনীতিৰ অন্যতম শক্তিশালী নেতা হিচাপে পৰিগণিত হয়।

বৰ্তমান তেওঁ বিজেপি নেতৃত্বাধীন ঝাৰখণ্ড চৰকাৰৰ কেবিনেট মন্ত্ৰী হোৱাৰ উপৰিও ঝাৰখণ্ড চৰকাৰৰ অন্তৰ্গত চাওঁতাল পৰগান সংমণ্ডলক প্ৰতিনিধিত্ব কৰি আছে।৭

তথ্যসূত্ৰ

  1. ↑ Council of Ministers
  2. ↑ LOUIS MARANDI VISITS TRI
  3. ↑ My Neta
  4. ↑ Why there’s a storm brewing in Jharkhand over who gets to be called a resident
  5. ↑ Mishra, Sandeep. (24 December 2014). Louis Marandi: Lone Christian in saffron club. The Times of India
  6. ↑ Govt serious on minority affairs: Louis Marandi
  7. ↑ BJP barb at Santhal Pargana leaders

সম্পৰ্কিত শ্ৰেণী

চাঁওতালি ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুইস মৰাণ্ডী” প্ৰবন্ধৰ সংশোধন ৫৬৬৬৪৫ (২৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।