অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাণী মূৰ্মু

ৰাণী মূৰ্মু (Rani Murmu; জন্ম: ১৯৮৮) এগৰাকী ভাৰতীয় চাঁওতালি লেখিকা। ২০১৮ চনত হপন মায়ক কুকমু গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ যুৱপুৰাস্কৰ বঁটা লাভ কৰে।

হালনাগাদ: ৪ অক্টোবৰ ২০২৫ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ৰাণী মূৰ্মু (Rani Murmu; জন্ম: ১৯৮৮) এগৰাকী ভাৰতীয় চাঁওতালি লেখিকা।১ ২০১৮ চনত হপন মায়ক কুকমু গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ যুৱপুৰাস্কৰ বঁটা লাভ কৰে।২৩

প্ৰাথমিক জীৱনৰ শিক্ষা

১৯৮৮ চনত তেওঁ জামছেদপুৰৰ দেৱঘোৰাত সীতা মূৰ্মু আৰু বধৰাই মূৰ্মুৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। ২০১১ চনত ৰাঁচী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।৩৪ তেওঁৰ পিতৃ বুধৰাই মূৰ্মুৱে ২০১০ চনত স্বৰ্ণৰেখা প্ৰকল্পৰ পৰা অৱসৰ গ্ৰহণ কৰে।৩৪

লেখাৰ কেৰিয়াৰ

ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত হোৱাৰ বাবেই তেওঁ লিখাৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল বুলি ৰাণীয়ে প্ৰকাশ কৰিছে। আৰম্ভণিতে তেওঁ ফেচবুকত ইতিবাচক চিন্তাৰ ওপৰত সৰু সৰু মন্তব্য লিখিছিল। অনুগামীসকলে তেওঁক প্ৰশংসা আৰু উৎসাহিত কৰিবলৈ ধৰাৰ লগে লগে তেওঁ লেখাক গুৰুত্বসহকাৰে ল’বলৈ ধৰিলে আৰু গল্প ৰচনা কৰিবলৈ আৰম্ভ কৰিলে। গল্পৰ সমান্তৰালকৈ কবিতাও ৰচনা কৰিছিল। অৱশ্যে ৰাণীয়ে স্বীকাৰ কৰে যে তেওঁৰ লেখাত গল্প কথনৰ প্ৰতি আগ্ৰহ অধিক। তেওঁৰ মতে গল্প কথন তেওঁলোকৰ জনজাতীয়সকলৰ মাজত এক মৌখিক পৰম্পৰা হিচাপে চলি আহিছে আৰু ই যোগাযোগৰ এক ফলপ্ৰসূ পদ্ধতি। গীত আৰু কবিতাও জনজাতীয় সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হ’লেও ইয়াত আখ্যানমূলক উপাদানৰ অভাৱ। দুয়োটা ধাৰাৰে নিজা নিজা সুকীয়া তাৎপৰ্য্য আছে, সেয়ে হ'লেও ৰাণীয়ে গল্প কথনকে অগ্ৰাধিকাৰ দি আহিছে কাৰণ এই কামে তেওঁক আকৰ্ষণীয়ভাৱে বাৰ্তা প্ৰেৰণ কৰিবলৈ সুযোগ দিয়ে।৪

তথ্যসূত্ৰ

  1. ↑ ᱟᱭᱳ ᱟᱲᱟᱝ – ᱟᱭᱳ ᱟᱲᱟᱝ. ayoarang.in
  2. ↑ .:: SAHITYA Akademi - Yuva Puraskar::.. sahitya-akademi.gov.in
  3. ↑ Rani Murmu. (29 January 2024). Sahitya Academy Yuva Puraskar, Rani Murmu
  4. ↑ (2018-06-23). जमशेदपुर: रानी मुर्मू को साहित्य अकादमी-2018 का युवा पुरस्कार. Prabhat Khabar

সম্পৰ্কিত শ্ৰেণী

চাঁওতালি ব্যক্তিসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণী মূৰ্মু” প্ৰবন্ধৰ সংশোধন ৫৪১৮৯৮ (৪ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।