অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰঘুনাথ মুৰ্মু

পণ্ডিত ৰঘুনাথ মুৰ্মু (ᱨᱚᱜᱷᱩᱱᱟᱛᱷ ᱢᱩᱨᱢᱩ, ৫ মে' ১৯০৫ – ১ ফেব্ৰুৱাৰী ১৯৮২) এজন ভাষাতত্ত্ববিদ, লেখক, নাট্যকাৰ লগতে চাঁওতালি ভাষাত ব্যবহৃত অল চিকি লিপিৰ উদ্ভাৱক আছিল।

হালনাগাদ: ৬ জুলাই ২০২৫ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

পণ্ডিত ৰঘুনাথ মুৰ্মু (ᱨᱚᱜᱷᱩᱱᱟᱛᱷ ᱢᱩᱨᱢᱩ, ৫ মে' ১৯০৫ – ১ ফেব্ৰুৱাৰী ১৯৮২)১ এজন ভাষাতত্ত্ববিদ, লেখক, নাট্যকাৰ লগতে চাঁওতালি ভাষাত ব্যবহৃত অল চিকি লিপিৰ উদ্ভাৱক আছিল।২৩

চমু জীৱনী

মুৰ্মুই ১৯০৫ চনৰ ৫ মে তাৰিখে এক পূৰ্ণিমা তিথিত উৰিষ্যাৰ ময়ুৰভঞ্জ জিলাৰ ৰায়ৰঙ্গপুৰ থানাৰ অন্তৰ্গত ডাহৰাডিহি গ্ৰামত জন্মগ্ৰহণ কৰে।৪ তেখেতে ১৯২৫ চনত অল চিকি লিপি উদ্ভাৱনৰ পিছত সেই লিপিতেই চাঁওতালি ভাষাত বিভিন্ন নাটক, কবিতা আৰু কিতাপ আদি লেখি উলিয়ালে। ১৯৭৭ চনত ঝাড়গ্ৰামৰ বেতাকুন্দৰিডিহিত তেখেত এখন চাঁওতালি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰে। ৰাঁচিৰ ধুমকুৰয়া কৰ্তৃক তেখেতক চাওঁতালি সাহিত্যত অৱদানৰ বাবে তেখেতক ডি॰ লিট উপাধি প্ৰদান কৰা হয়। চাৰুলাল মুখোপাধ্যায়ে মুৰ্মূকে এজন ধাৰ্মিক আৰু এগৰাকী আদিবাসী লেখক মাৰ্টিন ওঁৰাও তেখেতৰ দি ছান্থাল - এ ট্ৰাইব ইন চাৰ্চ অব দি গ্ৰেট ট্ৰেডিছন গ্ৰন্থত তেখেতক চাঁওতাল সকলৰ মহান শিক্ষক হিচাবে উল্লেখ কৰা হৈছে। তেতিয়াৰ পৰা তেখেতক চাওঁতাল আদিবাসী সকলৰ মাজত গুৰু গোমকে (অৰ্থাৎ "মহান শিক্ষক") নামে খ্যাতি অৰ্জন কৰে।৫৬ ৰঘুনাথ মুৰ্মু ১৯৮১ চনৰ ১ ফেব্ৰুৱাৰী দিনা এই সংসাৰৰ পৰা বিদায় লয়।

উল্লেখযোগ্য ৰচনা

  • বিন্দু চন্দন (বিন্দু চা্ন্দা্ন) (নাটক)
  • হাকেগে ধন (হাকেগে ধা্ন্) (নাটক)
  • খেৰৱাল বিৰ (খেৰৱাল বিৰ) (নাটক)
  • চিদৗ কানহু চাঁওতাল হুল (চিদৗ কানহু ছান্থাল হুল্) (নাটক)
  • হাগ চেৰেঞ (কাব্য)
  • হিতল (হিতৗলা্) (কাব্য)
  • বাহা চেৰেঞ (কাব্য)
  • এলাখা পঠব (এলাখা পাঠপ্)

তথ্যসূত্ৰ

  1. ↑ Pandit Raghunath Murmu. Anagrasarkalyan.gov.in
  2. ↑ (May 18, 2016). Naveen declares birthday of Raghunath Murmu a holiday. Times of India
  3. ↑ Odisha Government Portal. Orissa.gov.in
  4. ↑ Nayak, Dr. Rajkishore. (10 May 2017). ପ୍ରଣମ୍ୟ ପୁରୁଷ: ପଣ୍ଡିତ ରଘୁନାଥ ମୁର୍ମୁ. Suryaprava
  5. ↑ Pathy, J. (1988). Ethnic Minorities in the Process of Development. Rawat Book Sellers. পৃ. 174. ISBN 9788170330554
  6. ↑ (1987). Indian Linguistics. পৃ. 18

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকচাঁওতালি ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঘুনাথ মুৰ্মু” প্ৰবন্ধৰ সংশোধন ৫২২৪৪০ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।