'জৌনা মুৰ্মু (Juuna Murmu; জন্ম: ১৬ আগষ্ট ১৯৯০) ওড়িশাৰ এগৰাকী ভাৰতীয় স্প্ৰিণ্ট দৌৰবিদ আৰু হাৰ্ডলাৰ. তেওঁ ৪০০ মিটাৰ আৰু ৪০০ মিটাৰ হাৰ্ডলছত বিশেষজ্ঞ। তেওঁৰ ঘৰ ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ অন্তৰ্গত ৷ তেওঁ অৰুণ কুমাৰ দাস আৰু সুবাস চন্দ্ৰ দাসমোহাপাত্ৰৰ পৰা প্ৰশিক্ষকতা লাভ কৰিছে।১২ বৰ্তমান তেওঁ অ’এনজিচিৰ সৈতে কৰ্মৰত।
কৃতিত্ব
তেওঁৰ একাধিক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় কৃতিত্ব আছে।
আন্তঃৰাষ্ট্ৰীয়
- ২০১০ চনত চীনৰ গুৱাংঝুত অনুষ্ঠিত এছিয়ান গেমছত ৪০০ মিটাৰ হাৰ্ডলছত ৪ৰ্থ স্থান দখল কৰে।
- ২০১০ চনৰ ৩০ জুলাইত নতুন দিল্লীত সমাপ্ত হোৱা তৃতীয় এছিয়ান অল ষ্টাৰ এথলেটিকছ*মিটত মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলছ ইভেণ্টত এটা সোণৰ পদক লাভ কৰি ৫৭.৩৯ ছেকেণ্ড সময় আৰু ৪০০ মিটাৰ স্প্ৰিণ্টত ৫৩.১৭ ছেকেণ্ডৰ সময়েৰে এটা ব্ৰঞ্জৰ পদক দখল কৰে।
- ২০১৬ চনৰ দক্ষিণ এছিয়ান গেমছত দুটা সোণৰ পদক: ৪০০ মিটাৰ হাৰ্ডলছ আৰু ৪ × ৪০০ মিটাৰ ৰিলেত। ৩
ৰাষ্ট্ৰীয়
ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলাৰ ৪০০ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰে, ২০১০ চনৰ ৬ আগষ্টত পঞ্জাৱৰ পাটিয়ালাত ৫২.৭৮ ছেকেণ্ডত।
ড'পিং
২০১১ চনৰ ২৫ মে’ত প্ৰতিযোগিতাৰ বাহিৰৰ পৰীক্ষাত মুৰ্মুৰ এনাবলিক ষ্টেৰইড মেথাণ্ডিয়েনন পজিটিভ পোৱা গৈছিল আৰু তাৰ পিছত তেওঁৰ ওপৰত দুবছৰৰ বাবে ড’পিং নিষেধাজ্ঞা জাৰি কৰা হৈছিল।৪৫৬
তথ্যসূত্ৰ
- ↑ Orisports.com. orisports.com
- ↑ (14 February 2016). Jauna Murmu Adivasi Sprinter from Odisha bagged Two Gold Medal in 12th South Asian Games-2016. Johar Times
- ↑ (14 February 2016). Jauna Murmu Adivasi Sprinter from Odisha bagged Two Gold Medal in 12th South Asian Games-2016. Johar Times
- ↑ IAAF Newsletter No.135 (Jul/Aug). IAAF (28 August 2012). Retrieved 2012-09-02
- ↑ (2012-11-02). List of athletes currently serving a period of ineligibility as a result of an anti-doping rule violation under IAAF Rules. IAAF
- ↑ K.P. Mohan: Quarter-milers Mandeep Kaur, Jauna Murmu provisionally suspended, The Hindu, 30 June 2011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৌনা মুৰ্মু” প্ৰবন্ধৰ সংশোধন ৫২২৪৬১ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।