অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দ্ৰৌপদী মূৰ্মু

দ্ৰৌপদী মূৰ্মু (Draupadi Murmu; জন্ম: ২০ জুন ১৯৫৮) বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি। ৰামনাথ কোবিন্দৰ পিছত তেওঁ ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ২০১৫ চনত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। ৰাজ্যপাল পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী জনজাতীয় মহিলা।

হালনাগাদ: ৬ জুলাই ২০২৫ ৬৬২ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

দ্ৰৌপদী মূৰ্মু (Draupadi Murmu; জন্ম: ২০ জুন ১৯৫৮) বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি।১ ৰামনাথ কোবিন্দৰ পিছত তেওঁ ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।২ ২০১৫ চনত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। ৰাজ্যপাল পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী জনজাতীয় মহিলা। ইয়াৰ লগতে তেওঁ ঝাৰখণ্ডৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল আছিল।৩ তেওঁ ওড়িশা বিধানসভাৰ ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ সদস্য আছিল। ভাৰতীয় জনতা পাৰ্টী আৰু বিজু জনতা দলৰ সংমিলিত চৰকাৰত তেওঁ বাণিজ্য আৰু পৰিবহন বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আৰু মীন,পশুধন উন্নয়ন বিভাগৰ মন্ত্ৰী পদতো কাৰ্যনিৰ্বাহ কৰিছিল।৪

ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে, তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈ ৰাজ্যিক জলসিঞ্চন আৰু শক্তি বিভাগত কনিষ্ঠ সহায়ক হিচাপে কাম কৰিছিল, আৰু তাৰ পিছত ১৯৯৭ চনলৈকে ৰায়ৰংপুৰৰ শ্ৰী অৰবিন্দ ইণ্টিগ্ৰেল শিক্ষা কেন্দ্ৰত শিক্ষক হিচাপে কাম কৰিছিল। ২০২২ চনৰ জুন মাহত বিজেপিয়ে মুৰ্মুক ২০২২ চনৰ নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে।৫ ২০২২ চনৰ জুলাই মাহত তেওঁ দেশৰ সৰ্বকনিষ্ঠ নিৰ্বাচিত ৰাষ্ট্ৰপতি হয়। তেওঁ হৈছে ভাৰতৰ স্বাধীনতাৰ পিছত জন্ম গ্ৰহণ কৰি ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা প্ৰথম জনজাতীয় ৰাজনীতিবিদ।৬

প্ৰাৰম্ভিক জীৱন

১৯৫৮ চনৰ ২০ জুন তাৰিখে৭ ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ বৈদাপচি গাঁৱত দ্ৰৌপদী মূৰ্মুৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম বিৰাঞ্চি নাৰায়ণ তুদু।৮ তেওঁলোক চাওঁতাল জনজাতিৰ অন্তৰ্ভুক্ত।৯ তেওঁ ভুৱনেশ্বৰৰ ৰামা দেৱী মহিলা মহাবিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক উপাধি গ্ৰহণ কৰিছিল।১০ তেওঁ ৰায়ৰংপুৰত অৱস্থিত শ্ৰীঅৰবিন্দ অখণ্ড শিক্ষা আৰু গৱেষণাৰ সন্মানীয় সহকাৰী অধ্যাপিকা হিচাপে কাম কৰিছিল।১১ তাৰপিছত তেওঁ ওড়িশাৰ জলসিঞ্চন বিভাগত কণিষ্ঠ সহকাৰী হিচাপে কৰ্মৰত আছিল।১২১৯৯৭ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।১৩

ৰাজনৈতিক জীৱন

ৰাজ্যিক ৰাজনীতি

দ্ৰৌপদী মূৰ্মুয়ে ১৯৯৭ চনত ৰায়ৰংপুৰ নটিফাইড এৰিয়া কাউন্সিলৰ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈছিল। পিছলৈ তেওঁ ৰায়ৰংপুৰ নটিফাইড এৰিয়া কাউন্সিলৰ উপসভাপতি পদৱী লাভ কৰিছিল। তেওঁ ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ পৰা ২০০০ চনৰ পৰা ২০০৪ চনলৈ ওড়িশা বিধানসভাৰ বিধায়ক আছিল।১৪ তেওঁ ভাৰতীয় জনতা পাৰ্টি আৰু বিজু জনতা দলৰ সংমিলিত ওড়িশা চৰকাৰত তেওঁ ২০০০ চনৰ ৬ মাৰ্চৰ পৰা ২০০২ চনৰ ৬ আগষ্টলৈকে বাণিজ্য আৰু পৰিবহণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰীৰ পদ লাভ কৰিছিল। ২০০২ চনৰ ৬ আগষ্টৰ পৰা ২০০৪ চনৰ ১৬ মে'লৈকে তেওঁ ওড়িশা চৰকাৰৰ মীন আৰু পশুধন উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল।১৫ তেওঁ ২০০২ চনৰ পৰা ২০১৫ চনলৈ ময়ূৰভঞ্জ জিলা বিজেপিৰ অধ্যক্ষ আছিল। ২০০৪ চনত তেওঁ পুনৰাই ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। তেওঁ ২০০৬ চনৰ পৰা ২০০৯ চনলৈ ওড়িশাৰ ৰাজ্যিক বিজেপিৰ জনজাতীয় মৰ্চাৰ অধ্যক্ষ আছিল।১৬

ৰাজ্যপাল

২০১৫ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ঝাৰখণ্ডৰ ৰাজ্যপাল নিযুক্ত কৰে। তেওঁ ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল।১৭১৮ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী জনজাতীয় মহিলা। ইয়াৰ লগতে ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা দ্ৰৌপদী মূৰ্মু ওড়িশাৰ প্ৰথম মহিলা।১৯২০

২০২২ চনত ভাৰতৰ শাসনাধিষ্ঠিত এনডিএ চৰকাৰে দ্ৰৌপদী মূৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। ২১২২

ঝাৰখণ্ডৰ ৰাজ্যপাল (২০১৫–২০২১)

২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ৰাজ্যপাল মুৰ্মু ২০১৫ চনৰ ১৮ মে’ত ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰি এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় মুৰ্মুৱে। ৰাজ্যপাল হিচাপে ছবছৰীয়া কাৰ্যকালৰ বেছিভাগ সময় ঝাৰখণ্ড চৰকাৰত বিজেপি ক্ষমতাত আছিল আৰু গোটেই কাৰ্যকাল কেন্দ্ৰীয় চৰকাৰতো ক্ষমতাত আছিল। ২০১৯ চনত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে হেমন্ত সোৰেনক শপত গ্ৰহণ কৰে।

বিজেপিৰ প্ৰাক্তন ৰাজনীতিবিদ তথা কৰ্মী ৰতন তিৰ্কিয়ে কয় যে জনজাতীয় জনগোষ্ঠীক প্ৰদান কৰা আত্মশাসনৰ অধিকাৰ যাতে সঠিকভাৱে কাৰ্যকৰী হয় তাৰ বাবে মুৰ্মুৱে পৰ্যাপ্ত কাম কৰা নাই। এই অধিকাৰসমূহ পঞ্চম অনুসূচী আৰু পঞ্চায়ত (অনুসূচিত এলেকালৈ সম্প্ৰসাৰণ) আইন, ১৯৯৬ বা পেছাৰ অধীনত প্ৰদান কৰা হৈছিল। টিৰ্কিয়ে কয় যে, “কেইবাবাৰো অনুৰোধ কৰাৰ পিছতো তেতিয়াৰ গৱৰ্ণৰে কেতিয়াও পঞ্চম অনুসূচীৰ বিধান আৰু পেছাক আখৰেৰে কাৰ্যকৰী কৰাৰ ক্ষমতা প্ৰয়োগ কৰা নাছিল”।

ৰাজ্যপাল হিচাপে তেওঁৰ ছবছৰীয়া কাৰ্যকাল ২০১৫ চনৰ মে' মাহৰ পৰা আৰম্ভ হয় আৰু ২০২১ চনৰ জুলাই মাহত শেষ হয়।

ৰাষ্ট্ৰপতি

২১ জুলাই ২০২২ তাৰিখে মূৰ্মু ভাৰতীয় জনতা পাৰ্টিৰ দলৰ পৰা স্বাধীন ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা তেখেত প্ৰথম গৰাকী জনজাতীয় মহিলা।২৩

বঁটা আৰু সন্মান

দ্ৰৌপদী মূৰ্মুয়ে ওড়িশা বিধানসভাৰ শ্ৰেষ্ঠ বিধায়ক বঁটা লাভ কৰিছিল। ২০০৭ চনত তেওঁ নীলকণ্ঠ বঁটা লাভ কৰিছিল।২৪

ব্যক্তিগত জীৱন

দ্ৰৌপদী মূৰ্মুৰ দেউতাক বিৰাঁচী নাৰায়ণ টুডু আৰু ককাদেউতাক গাওঁ পৰিষদৰ পৰম্পৰাগত মুৰব্বী আছিল। মুৰ্মু ৰামা দেৱী মহিলা মহাবিদ্যালয়ৰ কলা স্নাতক।২৫ তেওঁ শ্যাম চৰণ মুৰ্মু নামৰ এজন বেংকাৰক বিয়া কৰাইছিল, ২০১৪ চনত তেঁওৰ স্বামী মৃত্যুবৰণ কৰে।২৬ দম্পতীহালৰ দুটা পুত্ৰ আছিল, দুয়োজন মৃত, আৰু এগৰাকী কন্যা, ইতিশ্ৰী মুৰ্মু।২৭ মুৰ্মুৱে ২০০৯ চনৰ পৰা ২০১৫ চনলৈ ৭ বছৰৰ ভিতৰত তেওঁৰ স্বামী, দুই পুত্ৰ, মাতৃ আৰু এজন ভায়েকক হেৰুৱাইছিল।২৮২৯ তেওঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী আধ্যাত্মিক প্ৰচাৰৰ বিশ্বাসী।৩০

অধিক চাওক

ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা

তথ্যসূত্ৰ

  1. ↑ Droupadi Murmu Oath Ceremony: महामहिम मुर्मू ने ली शपथ, बनीं देश की पहली आदिवासी महिला राष्ट्रपति. आज तक
  2. ↑ Droupadi Murmu Oath Ceremony Live: Droupadi Murmu the15th President of India - The Economic Times. economictimes.indiatimes.com
  3. ↑ Who is Draupadi Murmu? Here is everything you need to know about BJP's Presidential candidate. The Economic Times
  4. ↑ (2017-06-13). Who is Draupadi Murmu?. The Indian Express
  5. ↑ "India: BJP backs tribal politician Draupadi Murmu for president against former ally | DW | 18.07.2022". Deutsche Welle. Retrieved 22 July 2022
  6. ↑ Droupadi Murmu: India's Youngest President and First to be Born After Independence. MSN
  7. ↑ Live, A. B. P. (2022-07-25). राज्यपाल से 15वीं राष्ट्रपति तक.. ऐसा रहा आदिवासी समुदाय से आने वालीं द्रौपदी मुर्मू का सफर. www.abplive.com
  8. ↑ Smt. Droupadi Murmu. Odisha Helpline
  9. ↑ Draupadi Murmu may soon be the President of India: Know all about her. indiatoday
  10. ↑ Shreya. (2022-07-21). Draupadi Murmu creates history, becomes India’s first tribal woman President. https://www.oneindia.com
  11. ↑ (2022-07-22). From School Teacher To The President Of India - The Incredible Journey Of Droupadi Murmu. IndiaTimes
  12. ↑ Droupadi Murmu: From junior assistant in Odisha government to NDA's presidential nominee. English.Mathrubhumi
  13. ↑ History Created: Draupadi Murmu becomes first tribal President of India
  14. ↑ Narendra Modi government appoints four Governors. IBN Live
  15. ↑ Draupadi Murmu Jharkhand Guv. New Indian Express
  16. ↑ (2022-07-25). Draupadi Murmu becomes the 15th President of the Republic of India. OpIndia
  17. ↑ (18 May 2015). Draupadi Murmu sworn in as first woman Governor of Jharkhand-I News – IBNLive Mobile. IBN Live
  18. ↑ Modi government names new governors for Jharkhand, five NE states. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  19. ↑ Ex Odisha minister Draupadi Murmu new Jharkhand Guv. Odisha SunTimes
  20. ↑ Smt. Droupadi Murmu. Odisha Helpline
  21. ↑ www.moneycontrol.com/news/politics/bjp-led-nda-n
  22. ↑ www.deccanherald.com/national/national-politics/
  23. ↑ NDA's Draupadi Murmu likely to be 15th President of India: Top Developments. TimesNow
  24. ↑ Nast, Condé. (2022-07-22). Draupadi Murmu: Everything you need to know about the 15th President of India. GQ India
  25. ↑ (22 July 2022). The Sunday Profile · Droupadi Murmu: Raisina Calling. The Indian Express
  26. ↑ Pradhan, Ashok; Jul 22, Jaideep Deogharia / TNN /; 2022. Spiritualism has been Droupadi Murmu’s ally in life’s arduous journey · India News - Times of India. The Times of India
  27. ↑ Draupadi Murmu: All you need to know about India’s 15th President. TimesNow
  28. ↑ (2017-06-13). Who is Droupadi Murmu?. The Indian Express
  29. ↑ Droupadi Murmu is India's Youngest, First Tribal President
  30. ↑ How Droupadi Murmu dealt with personal tragedies. TheWeek

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদচাঁওতালি ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্ৰৌপদী মূৰ্মু” প্ৰবন্ধৰ সংশোধন ৫২২৪৫৮ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।