অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বজালী মহাবিদ্যালয়

বজালী মহাবিদ্যালয় (Bajali College) অসমৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান। এই মহাবিদ্যালয় বৰপেটা জিলাৰ পাঠশালা চহৰত অৱস্থিত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council)ৰ "A" শ্ৰেণীৰ মহাবিদ্যালয়ৰূপে…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বজালী মহাবিদ্যালয় (Bajali College) অসমৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান। এই মহাবিদ্যালয় বৰপেটা জিলাৰ পাঠশালা চহৰত অৱস্থিত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ (National Assessment and Accreditation Council)ৰ "A" শ্ৰেণীৰ মহাবিদ্যালয়ৰূপে স্বীকৃত হৈছিল।১ অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত বজালী মহাবিদ্যালয়ক উন্নীত কৰি ভট্টদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰে৷২

ইতিহাস

এই মহাবিদ্যালয় স্থাপন হৈছিল ১৯৫৫ চনৰ ১৬ আগষ্টত। কামেশ্বৰ দাস আছিল প্ৰতিস্থাপক অধ্যক্ষ। তেখেতে সেই সময়ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত স্নাতকোত্তৰ শাখাত সোণৰ পদক লাভ কৰিছিল। তেখেতৰ লগতে বজালী অঞ্চলৰ আন কেইজনমান আগৰণুৱা ব্যক্তিয়ে স্থানীয় লোকৰ দান বৰঙনিৰ দ্বাৰা এই মহাবিদ্যালয় স্থাপন কৰিছিল। বজালী অঞ্চলত স্থাপিত এইখনেই প্ৰথম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান।

মহাবিদ্যালয় চৌহদ আৰু সা-সুবিধাসমূহ

ইয়াৰ মাটিকালি ১৭ একৰ। মহাবিদ্যালয়খনত প্ৰধানকৈ দুটা অংশ আছে। ইয়াৰে বিজ্ঞান শাখাৰ বাবে এটা তিনিমহলীয়া ঘৰ আৰু কলা শাখাৰ বাবে দুটা ঘৰ আছে। লগতে এটা স্থায়ী পুথিভঁৰাল, IGNOU ষ্টাদি চেণ্টাৰ, জিমখানা, Community Information Center, কম্পিউটাৰ কেন্দ্ৰ, দুটা ছাত্ৰাবাস, দুটা ছাত্ৰী নিবাস আদি আছে। ইয়াৰ বাহিৰে থকা মুকলি ঠাইখিনিত এখন খেলপথাৰ, এটা মৎস্যপালন পুখুৰী, এখন উদ্ভিদ বিজ্ঞান বাগিছা (Botanical garden) আদি আছে। গোটেই চৌহদটো গছ-গছনিৰে ভৰপূৰ।

বিভিন্ন শাখা আৰু বিভাগসমূহ

ইয়াত প্ৰধানকৈ দুটা শাখা আছে – বিজ্ঞান শাখা আৰু কলা শাখা। অবশ্যে অলপতে বাণিজ্য শাখাও আৰম্ভ কৰা হৈছে। বিজ্ঞান শাখাৰ বিভিন্ন বিভাগসমূহ হ’ল – ১) পদাৰ্থ বিজ্ঞান ২) ৰসায়ন বিজ্ঞান ৩) উদ্ভিদ বিজ্ঞান ৪) প্ৰাণীবিজ্ঞান ৫) গণিত ৬) পৰিসংখ্যা বিজ্ঞান। কলা শাখাৰ বিভাগসমূহৰ ভিতৰত আছে – ১) অৰ্থনীতি ২) বুৰঞ্জী ৩) ভূগোল ৪) অসমীয়া ৫) ইংৰাজী ৬) শিক্ষা ৭) দৰ্শন ৮) ৰাজনীতি বিজ্ঞান ৯) সংস্কৃত। তাৰোপৰি দুটা বৃত্তিমুখী পাঠ্যক্ৰমো আৰম্ভ কৰা হৈছে: ১) Tourism and Travel Management ২) Industrial fish and fishery প্ৰায় আটাইবোৰ বিভাগতেই ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফলেৰে মহাবিদ্যালয়খনৰ নাম উজলাবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য ব্যক্তি

  1. কামেশ্বৰ দাস (প্ৰতিষ্ঠাপক অধ্যক্ষ)
  2. স্বৰ্গীয় ৰাজেন্দ্ৰ নাথ শৰ্মা: তেখেতে প্ৰায় ২৬ বছৰ ধৰি এই মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদত অধিস্থিত হৈ আছিল। তেখেতে মহাবিদ্যালয়খনৰ বহুতো উল্লেখযোগ্য কামত আগভাগ লৈছিল আৰু কলেজখনক এটা ভেটি দিবলৈ সক্ষম হৈছিল।৩

তথ্যসূত্ৰ

  1. ↑ [http://www.naac.gov.in/sites/naac.gov.in/files/Validity_expired_institutions.pdf
  2. ↑ Assam house passes bills to set up universities. India Today
  3. ↑ www.bajalicollege.in মহাবিদ্যালখনৰ ৱেবছাইট

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বজালী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮১৯৫৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।