ভখা পশ্চিমবংগ, সীমাঞ্চল আৰু দক্ষিণ-পূব নেপালৰ ৰাজবংশী আৰু থাৰু জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য। ই এটা ফুলা বা কোমল চাউলৰ পিঠা।১২৩
ইয়াৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া অসমৰ টেকেলি পিঠাৰ দৰেই। পিহি লোৱা চাউলৰ গুড়ি পানীত লাহে লাহে তিয়াই হাতৰ তলুৱাৰে মথি ভখা প্ৰস্তুত কৰা হয়। তাৰ পিছত ইয়াক চালনীৰে বালিৰ দানা আকাৰৰ টুকুৰা পৃথক কৰা হয়। চালনীৰে চালি লোৱা চাউলৰ গুড়িবোৰ এটা বাটিত লাহে লাহে চেপি ভাপত দিয়া হয়। পৰম্পৰাগতভাৱে পানীৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰি মাটিৰ পাত্ৰত ৩০ ছেকেণ্ড বা এক মিনিটৰ বাবে ভাপত দিয়া হয়। ইয়াক ব্ৰেকফাষ্টত বা সদ্য প্ৰস্তুত কৰা টমেটোৰ আচাৰৰ সৈতে জলপান হিচাপে পৰিৱেশন কৰা হয়।৪৫৬
তথ্যসূত্ৰ
- ↑ Bhakka sells like hot cake just at Rs 10. GorakhaPatra
- ↑ (2016-01-16). Tharu Cuisines and Delicacies (in Pictures). The Nepali Food Blog · theGundruk.com
- ↑ Katuwal, Sita. (2017-08-12). Bhakka- Eastern Tharu Delicacy. The Nepali Food Blog · theGundruk.com
- ↑ Century-Foods. (2022-09-21). Traditional Nepali Must Try Dishes - A Highlight On Tharu Cuisine. Century Spices & Snacks
- ↑ Bhakka · The Taste of Eastern Terai- Aleena Rayamajhi. Namchey
- ↑ Bhakka: A Reason to Wake Up in Wintry Mornings. nepaltraveller.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভখা” প্ৰবন্ধৰ সংশোধন ৫৭১৪২৩ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।