অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মাছৰ পেটুৰ ব্যঞ্জন

মাছৰ পেটুৰ ব্যঞ্জন অসমীয়া লোকৰ এক জনপ্ৰিয় খাদ্য। প্ৰধানতঃ থলুৱা মাছৰ পেটু খাদ্য হিচাপে গ্ৰহণ কৰা হয়। ইয়াক ভাজি বা পাতত দি প্ৰস্তুত কৰা হয় আৰু ভাতৰ লগত পৰিবেশন কৰা হয়।

হালনাগাদ: ৫ অক্টোবৰ ২০২৪ ২৮৯ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মাছৰ পেটুৰ ব্যঞ্জন অসমীয়া লোকৰ এক জনপ্ৰিয় খাদ্য। প্ৰধানতঃ থলুৱা মাছৰ পেটু খাদ্য হিচাপে গ্ৰহণ কৰা হয়। ইয়াক ভাজি বা পাতত দি প্ৰস্তুত কৰা হয় আৰু ভাতৰ লগত পৰিবেশন কৰা হয়। সৰু মাছ যেনে পুঠি, কাৱৈ, খলিহনা আদি আৰু ডাঙৰ জাতৰ মাছ যেনে ৰৌ, বাহু বা ভকুৱা, বৰালি আদি মাছৰ পেটুৰে ব্যঞ্জনসমূহ প্ৰস্তুত কৰা হয়। ই অসমীয়া খাদ্যাভ্যাসৰ এক অবিচ্ছেদ্য অংগ।

মাছৰ পেটুৰ সোৱাদ ঘনীভূত আৰু শক্তিশালী আৰু সুগন্ধি বুলি বৰ্ণনা কৰা হয়। মাছৰ পেটুৰ ছিদ্ৰযুক্ত গঠনে ইয়াক লগৰ উপকৰণসমূহৰ সোৱাদ গ্ৰহণ কৰিবলৈ অনুমতি দিয়ে, যাৰ ফলত খাদ্যৰ সামগ্ৰিক সোৱাদ বৃদ্ধি পায়। মাছৰ পেটুৱে কেনেকৈ প্ৰস্তুত কৰা হয় তাৰ ওপৰত নিৰ্ভৰ কৰি এক অমসৃণ বিপৰীতমুখীতা দিব পাৰে।১

ভিন্নতা

সাধাৰণতে মাছৰ পেটুৰ ৰন্ধন প্ৰকৰণৰ বাবে সৰু, ডাঙৰ দুয়োবিধ মাছৰ পেটু ব্যৱহাৰ কৰা হয়। আমদানিকৃত মাছৰ সলনি পৰাপক্ষত থলুৱা মাছ এইক্ষেত্ৰত বাছনি কৰা হয়। মাছৰ পেটুৰ ব্যঞ্জন প্ৰস্তুত কৰিবসলৈ প্ৰথমে মাছৰ পেটুখিনি নিমখ আৰু পানীৰে ভালদৰে পৰিষ্কাৰ কৰি লোৱা হয়। বহুক্ষেত্ৰত মাছৰ তেল অংশ আৰু কণীও ইয়াত যোগ দিয়া হ'ব পাৰে। মাছৰ পেটু অসমত সাধাৰণতে তিনিধৰণে ৰন্ধা হয়: ভাতৰ সৈতে পেটু ভজা, বেঙেনাৰ সৈতে পেটু ভজা আৰু পিঠাগুড়িৰ সৈতে পাতত দিয়া।২

ভাতৰ সৈতে ভজা

মাছৰ পেটুৰ এক জনপ্ৰিয় ৰন্ধন প্ৰণালী হ'ল ভাতৰ লগত ভজা। ইয়াক ভাতৰ লগত বা সুদাকৈয়ো খাব পাৰি। ইয়াৰ বাবে মূল উপকৰণ হ'ল মাছৰ পেটু আৰু ৰন্ধা ভাত। সাধাৰণতে আগদিনা ৰৈ যোৱা ভাত ইয়াত ব্যৱহাৰ কৰা হয়। ইয়াৰ সৈতে নিমখ, হালধি, জলকীয়া, পিয়াজ আদি দি প্ৰথমে পেটুখিনি তেলত ভজা হয়। পেটুখিনি সিজাৰ পিছত ইয়াত ৰান্ধি থোৱা ভাত মিহলাই আকৌ কিছু সময় ভজা হয়। ইয়াৰ পিছত এই ব্যঞ্জন পৰিবেশনৰ বাবে প্ৰস্তুত হৈ উঠে।৩২ ইয়াক এক প্ৰকাৰৰ ফ্ৰাইড ৰাইচ বুলিও ক'ব পাৰি।

বেঙেনাৰ সৈতে ভজা

এই ব্যঞ্জনৰ মূল উপকৰণ হ'ল মাছৰ পেটুৰ লগতে বেঙেনা। ইয়াত মাছৰ পেটুখিনি নিমখ, হালধি, জলকীয়া আদি দি তেলত ভাজি লোৱা হয়। বেঙেমাবোৰ টুকুৰা ক

কৰি কাটি লোৱা হয়। আধা ভজা হ'লে টুকুৰা-টুকুৰকৈ কটা বেঙেনা দি সম্পুৰ্ণকৈ ভাজি লোৱা হয়। বেঙেনাসমূহ বিভিন্ন প্ৰজাতিৰ হ'ব পাৰে। ইয়াৰ পিছত পেটু ভজা পৰিবেশন কৰা হয়।

পিঠাগুড়িৰ সৈতে পাতত দিয়া

এই প্ৰণালীত মাছৰ পেটু টুকুৰা কৰি নিমখ, কেঁ‌চা জলকীয়া কুটা, নহৰু, পিয়াজ কুটা, মানধনিয়া আৰু মিঠাতেল পিঠাগুড়িৰ সৈতে সানি এক আটা মথা সদৃশ মিশ্ৰণ তৈয়াৰ কৰা হয়। এই মিশ্ৰণটো কলপাতেৰে মেৰিয়াই তাৱা বা আঙঠাৰ তাপত সেকা হয়। সিজাৰ পিছত ইয়াক উলিয়াই টুকুৰা কৰি পৰিবেশন কৰা হয়। ৪

অন্যান্য প্ৰকৰণ

এই তিনিবিধ প্ৰকৰণৰ উপৰিও মাছৰ পেটুৰ আন কিছুমান ৰেচিপিও পোৱা যায়। ইয়াৰে এটা হৈছে পচলাৰ সৈতে মাছৰ মূৰ আৰু পেটুৰ জ্বলা ভাজি। এই প্ৰকৰণত মাছৰ মূৰ, তল আৰু পেটু অংশ কলৰ পচলাৰ সৈতে প্ৰচুৰ পৰিমাণে জলকীয়া দি ভাজি খোৱা হয়।

তথ্যসূত্ৰ

  1. ↑ Priya Das. Assamese Cuisine; 5 Unusual Dishes Of This Varied Cuisine. www.slurrp.com
  2. ↑ Fish intestine with rice. assamesecuisine.com
  3. ↑ (30 July 2019). Assam. indiatoday
  4. ↑ (24 June 2019). Baked Fish intestines with rice flour. storytoday.in

সম্পৰ্কিত শ্ৰেণী

খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাছৰ পেটুৰ ব্যঞ্জন” প্ৰবন্ধৰ সংশোধন ৪৩৫৫৮৩ (৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।