
মছলা দোচা (Masala dosa) কৰ্ণাটকৰ উডুপি চহৰৰ পৰা উৎপত্তি হোৱা দক্ষিণ ভাৰতৰ এক খাদ্য।১২৩ ইখন চহৰৰ পৰা সিখন চহৰলৈ ৰেচিপিৰ মাজত পাৰ্থক্য থাকিলেও,৪ মূল ৰেচিপিটো সাধাৰণতে সামান্য সিজোৱ চাউল, প'হা আৰু বিভিন্ন মাহজাতীয় শস্য (ক'লা চকা, পামাটি মাহ, চানা বা বুট)ৰ গুড়ি কৰি তিয়াই কৰা উপকৰণৰ পৰা আৰম্ভ হয় আৰু সোৱাদৰ বাবে বিভিন্ন মছলা, যেনে মেথি আৰু শুকান ৰঙা জলকীয়া অন্তৰ্ভুক্ত কৰা হয়। পৰম্পৰাগতভাৱে আলুৰ তৰকাৰী, চাটনি আৰু চাম্বাৰৰ সৈতে পৰিৱেশন কৰা এইবিধ খাদ্য দক্ষিণ ভাৰতত ব্ৰেকফাষ্টৰ এক সাধাৰণ খাদ্য বস্তু,৫ যদিও ইয়াক দেশৰ আন বহু ঠাইত৪৬ আৰু বহিঃৰাজ্যতো পোৱা যায়।৭৮ এটা সাধাৰণ ভিন্নতা হ’ল পাতল মছলা দোচা, যিটো পাতল বেটাৰেৰে তৈয়াৰ কৰা হয়, যাৰ ফলত এটা ক্ৰিস্পাৰ, প্ৰায় কাগজৰ দৰে পাতল চূড়ান্ত সামগ্ৰী পোৱা যায়।
প্ৰস্তুতি
চাউল আৰু মাটি মাহৰ দাইল ৰাতিটো পানীত তিয়াই থৈ, তাৰ পিছত পিহি মণ্ড কৰি তৈয়াৰ কৰা হয়। মণ্ডটো ৰাতিটোৰ বাবে থৈ কোমল কৰি লোৱা হয়। ডোছা বনাবলৈ মণ্ডটো গৰম টাৱাত লেডল বা বাটি ব্যৱহাৰ কৰি বিস্তাৰ কৰা হয়। ইয়াক খৰখৰীয়া হোৱালৈকে পেনত ৰোষ্ট কৰি আলুৰ তৰকাৰী, চাটনি বা সাম্বৰৰ সৈতে পৰিৱেশন কৰা হয়।
তথ্যসূত্ৰ
- ↑ Socians, The. (2019-11-15). Origin of Masala Dosa: Know How From a Sin Accompanied by a Bad Habit to Delicious South Indian Food. Socians
- ↑ (2004-02-02). India's new offering to curry Western flavor. Asia Times Online
- ↑ Nair, P. Thankappan. (2004). South Indians in Kolkata: History of Kannadigas, Konkanis, Malayalees, Tamilians, Telugus, South Indian Dishes, and Tippoo Sultan's Heirs in Calcutta. Punthi Pustak. ISBN 978-81-86791-50-9
- ↑ Ramnath, N.S. American Dosa. Forbes
- ↑ Praveen, M. P.; Krishnakumar, G. (13 June 2014). Masala dosa slips out of reach. The Hindu
- ↑ (16 March 2015). What A Masala dosa Costs Around The World. Huffingtonpost.in. Huffingtonpost India
- ↑ Romig, Rollo. (7 May 2014). Masala dosa to Die For. The New York Times
- ↑ (25 March 2015). Dosa's complex spices hit the spot. Sfchronicle.com/. San Francisco chronicle
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মছলা দোচা” প্ৰবন্ধৰ সংশোধন ৪৮৭০১৮ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।