বেলা পানা (ওড়িয়া ভাষা: ବେଲ ପଣା) হৈছে, বেল্ ফলৰ মজ্জা পৰা তৈয়াৰী পানীয়। ইয়াক বেংগল কুইন্স, সোণালী আপেল, ঈগল মাৰ্মেলো (Aegle marmelos) আদি নামেৰেও জনা যায়। ভাৰতৰ ওড়িশাত বৈশাখ (বহাগ) মাহত পাণ সংক্ৰান্তি (ওড়িয়া ভাষা নৱবৰ্ষ) উৎসৱ উপলক্ষে ইয়াক ব্যৱহাৰ কৰা হয়।
সামগ্ৰীসমূহ
পকা বেলৰ শাহ, গাখীৰ, ক’লা জালুক,গাখীৰৰ চেনা, ডেৰ কাপ সৰু সৰু কৈ টুকুৰা কৰি কাটি লোৱা কল, ডেৰ কাপ মৌ বা গুৰ, ডেৰ কাপ দৈ, ২টা ইলাচি, এমুঠি কাজু পৃথকে পৃথকে পিহি লোৱা, মুঠি ভৰাই সতেজ কুটি লোৱা নাৰিকল। এই সকলো বোৰৰ সংমিশ্ৰণত বেলা পানা তৈয়াৰ হয়।
প্ৰয়োজনীয়তা
বিশেষকৈ ওড়িশাৰ নৱবৰ্ষত বেলা পানা পানীয় সেৱন কৰা হয়। এই পানীয় ছানষ্ট্ৰ’কৰ প্ৰতিষেধক আৰু পেটৰ সমস্যাত ভূগিলে ইয়াক ব্যৱহাৰ কৰি উপশম পোৱা য়ায়।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেলা পানা” প্ৰবন্ধৰ সংশোধন ৫২৭৬৩১ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।