অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মচৌৰা

মচৌৰা হৈছে কিম্বন কৰি সূৰ্যৰ তাপত শুকুৱাই তৈয়াৰ কৰা খাদ্যবস্তু, যি কলা দালিৰ লগত বিভিন্নধৰণৰ সেউজীয়া শাক-পাচলি মিহলাই তৈয়াৰ কৰা হয়। এই খাদ্যৰ উৎপত্তি হৈছে নেপালত আৰু বিভিন্ন দেশত থকা নেপালী সমাজে ইয়াক প্ৰস্তুত কৰে।

হালনাগাদ: ১০ নৱেম্বৰ ২০২৫ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মচৌৰা হৈছে কিম্বন কৰি সূৰ্যৰ তাপত শুকুৱাই তৈয়াৰ কৰা খাদ্যবস্তু, যি কলা দালিৰ লগত বিভিন্নধৰণৰ সেউজীয়া শাক-পাচলি মিহলাই তৈয়াৰ কৰা হয়। এই খাদ্যৰ উৎপত্তি হৈছে নেপালত আৰু বিভিন্ন দেশত থকা নেপালী সমাজে ইয়াক প্ৰস্তুত কৰে। ইয়াৰ প্ৰস্তুতিত সাধাৰণতে পিঙালু (এক প্ৰকাৰৰ কচু), তৰুল (এক প্ৰকাৰৰ আৰু) আৰু কৰ্কল (এক প্ৰকাৰৰ কচু) পাত আদি সেউজীয়া শাক-পাচলি ব্যৱহাৰ কৰা হয়।

প্ৰাচীন সময়ত বছৰত সকলো ঋতুত, বিশেষকৈ শীত কালত, সতেজ সেউজীয়া শাক-পাচলি পোৱা কঠিন হৈছিল; সেই সময়ত সতেজ সেউজীয়া শাক-পাচলিৰ অভাৱৰ সময়ত বিকল্প পুষ্টিকৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছিল মচৌৰা।১ ইয়াক তেলত ভাজি আন সেউজীয়া শাক-পাচলিৰ লগত মিহলাই ৰন্ধা হয়।২

ব্যুৎপত্তি আৰু ইতিহাস

ঠিক লিখিত কোনো প্ৰমাণ নাই যদিও স্থানীয় লোকসকলে ‘‘মচৌৰা’’ শব্দটো ‘‘মাচ’’ (মাহ দালি (একপ্ৰকাৰৰ কলা দালি)) শব্দৰপৰা আহিছে বুলি বিশ্বাস কৰে। ‘‘মাচ’’ দালি হ'ল মচৌৰা বনাবলৈ ব্যৱহাৰ কৰা প্ৰধান উপাদান।

মচৌৰা প্ৰথমে কোনে বা কেতিয়া আবিষ্কাৰ কৰিছিল সেইটো নিশ্চিত কৰা হোৱা নাই, কিন্তু এইটো সম্ভৱতঃ নেপালৰ এটা পৰম্পৰাগত সংৰক্ষিত খাদ্যবস্তু।

এইটোও চাওক

তথ্যসূত্ৰ

  1. ↑ (2016-02-15). How to make Masyura?. The Nepali Food Blog · theGundruk.com
  2. ↑ Masaura and Potato Tarkari (Traditional). Nepali Recipes

সম্পৰ্কিত শ্ৰেণী

ৰন্ধনপ্ৰণালীখাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মচৌৰা” প্ৰবন্ধৰ সংশোধন ৫৪৯৬৩৫ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।