বগুৰাৰ দৈ বাংলাদেশৰ বগুৰাৰ এবিধ দৈ। বাংলাদেশৰ পৰম্পৰাগত মিঠাই আৰু ই সমগ্ৰ দেশতে জনপ্ৰিয়। ই মিঠা দৈৰ এটা ভিন্নতা, দৈৰ আন এটা প্ৰকাৰ।
ইতিহাস
বগুৰা জিলাৰ শ্বেৰপুৰৰ ঘেতু ঘোষক বগুৰাৰ দৈৰ উদ্ভাৱক বুলি জনা যায়।১ আনহাতে, গৌৰ গোপাল ঘোষ আছিল বগুৰাত ক্ৰীমযুক্ত দৈৰ উদ্ভাৱক।২৩
ছাৰ জন এণ্ডাৰছন, ৰাষ্ট্ৰপতি ইয়াহিয়া খান, দ্বিতীয় এলিজাবেথ, ৰাণী ভিক্টোৰিয়া আদি বহু বিখ্যাত ব্যক্তিয়ে বগুৰাৰ দৈ খাইছিল। ইয়াহিয়া খানে গুৰুত্বপূৰ্ণ ব্যক্তিসকলক প্ৰভাবিত কৰাৰ উদ্দেশ্যে বিভিন্ন খাদ্য পঠিয়াইছিল। তাৰ ভিতৰ এই দৈয়ো আছিল।৪৫ ২০২৩ চনৰ ২৬ জুনত ই ভৌগোলিক সূচক উৎপাদনত পৰিণত হয়।৬
পদ্ধতি
যদিও বগুৰা দৈৰ ইতিহাস প্ৰায় ডেৰ শতিকা পুৰণি, ইয়াৰ এই সোণালী যুগ স্বাধীনতাৰ পূৰ্বৰ যুগত আছিল।৫ সেই সময়ত ইয়াৰ প্ৰস্তুতিৰ পদ্ধতি অতি গোপনে ৰখা আছিল। পিছলৈ এই গোপনীয়তা আৰু বজাই ৰাখিব পৰা নগ’ল। এতিয়া শ্বেৰপুৰত বহু ব্যৱসায়ীয়ে দৈ প্ৰস্তুত কৰে। ঘোষ পৰিয়ালৰ সদস্যৰ সংখ্যা তেওঁলোকৰ মাজত বহু কম।৭
বগুৰাৰ দৈ তৈয়াৰ কৰিবলৈ সম্পূৰ্ণ ক্ৰীম গাখীৰ, চেনি, ছডিয়াম বাই-কাৰ্বনেট (বেকিং চোডা) সামান্য পৰিমাণৰ পুৰণি দৈ, যিটো বেচ দৈ বুলি জনা যায়, আৰু মাটিৰ পাত্ৰ এটাৰ প্ৰয়োজন হয়। এই দৈটো গাখীৰ উতলাই কেৰাহীত কম কৰি তৈয়াৰ কৰা হয়।৮
বজাৰ
বৰ্তমান ৫ হাজাৰৰো অধিক শ্ৰমিকে বগুৰাত দৈ কাৰখানাত কাম কৰে। ২০২০ চনত হোৱা ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱৰ বাবে বগুৰাৰ দৈৰ বজাৰ প্ৰায় নিম্নগামী হৈ পৰিছিল। দৈ কাৰখানাৰ অধিকাংশ শ্ৰমিক নিবনুৱা হৈ পৰিছিল।৯ কিন্তু সন্তোষজনক কথা যে, ২০২৩ চনৰপৰা বগুৰাৰ দৈৰ চাহিদা পুনৰ ধাৰাবাহিকভাৱে বৃদ্ধি হৈয়েই আছে।১০
তথ্যসূত্ৰ
- ↑ (21 January 2020). বগুড়াৰ দই কেন এত বিখ্যাত. Dhaka Tribune
- ↑ (13 April 2016). গৌৰ গোপালেৰ বগুড়াৰ দই. risingbd.com
- ↑ Shafiq, Saleh. (29 January 2022). বগুড়াৰ দই: ইংল্যাণ্ডেৰ ৰানীও খেয়েছেন!. The Business Standard
- ↑ (10 July 2019). বগুড়াৰ প্ৰসিদ্ধ দই ও মিষ্টান্ন. Bogura Tribune
- ↑ Bashar, Limon. (15 July 2014). ৰপ্তানি সম্ভাৱনা থাকলেও নেই পৃষ্ঠপোষকতা. Kaler Kantha
- ↑ (5 July 2023). জিআই পণ্যেৰ স্বীকৃতি পেল 'বগুড়াৰ দই'. Banglanews24.com
- ↑ Sazedur Abedin Shanto. (11 December 2021). যেভাবে এলো বগুড়াৰ দই. Daily Ittefaq
- ↑ (23 September 2015). বগুড়াৰ দই. Prothom Alo
- ↑ Rahman, Majedur. (21 July 2020). কৰোনায় বগুড়াৰ দয়েৰ বাজাৰে ধস, বেকাৰ হাজাৰো শ্ৰমিক. Somoy News
- ↑ (2023-07-05). Bogura yogurt, Chapainawabganj's Langra, Ashwina get GI tag. The Business Standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগুৰাৰ দৈ” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৬০ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।