বেকড্ বীন চেণ্ডুইছ দুখন ব্ৰেডৰ টুকুৰাৰ মাজত বেকড বীনেৰে তৈয়াৰী এক প্ৰকাৰৰ চেণ্ডুইচ, য'ত lettuceৰে গাৰ্নিচ কৰা হয় আৰু মেয়’নেজ বা বিলাহীৰ চচেৰে টপিং কৰা হ’ব পাৰে।১
বেকড্ বীন চেণ্ডুইচৰ ৰেচিপি ১৯০৯ চনৰ পৰাই পোৱা যায়। জেনেট মেকেঞ্জী হিলৰ কুকিং ফৰ টু শীৰ্ষক এখন কিতাপত এনে ৰেচিপিক "মাংসবিহীন ৰন্ধনৰ বিকল্প" বুলি কোৱা হৈছে আৰু আজিকালিৰ আটাইতকৈ সাধাৰণ চেণ্ডুইচৰ তুলনাত ই বহুত বেছি বিশদ চেণ্ডুইচ বুলি প্ৰকাশ পাইছে।২
আদিকালৰ বহুতো ৰেচিপিয়ে মূলতঃ একেটা সামগ্ৰীৰ বৰ্ণনা কৰে, যি আজি জনপ্ৰিয় হৈ পৰিছে, অৱশ্যে ইয়াৰ ওপৰত গাৰ্নিচ কৰা আৰু অলংকৰণৰ বিশদ সংযোজনৰ বাবে উৎসাহিত কৰে।২ হিলে কয়;
বষ্টন ব্ৰাউন ব্ৰেডৰ দুটা টুকুৰাত মাখন; ইয়াৰে এটাত লেটুচৰ কোমল পাত আৰু এচামুচ চালাড ড্ৰেছিঙ পেলাওক; ড্ৰেছিঙৰ ওপৰত ডাঙৰ এচামুচ ঠাণ্ডা আৰু বেক কৰা বীন, তাৰ পিছত আন এটা লেটুচৰ পাত আৰু সজ্জিত কৰক; তাৰ পিছত দ্বিতীয়টো ব্ৰেডৰ টুকুৰা, এচামুচ বীন, এচামুচ ফুল কবি আৰু ফুলকবিৰ ওপৰত এচামুচ ড্ৰেছিং দিয়ক৷২
চেণ্ডুইচৰ বষ্টন-অঞ্চলৰ প্ৰকাৰে টপিং আৰু গাৰ্নিচ এৰাই চলিছে, বষ্টন ব্ৰাউন ব্ৰেডৰ দুটা টুকুৰাৰ মাজত কেৱল বেকড বীন দিয়া হয়।৩
তথ্যসূত্ৰ
- ↑ Lamb Hayes, Joanne. (2016). Grandma's Wartime Kitchen: World War II and the Way We Cooked. St. Martin's Press. ISBN 9781250134004
- ↑ McKenzie Hill, Janet. (1919). Cooking for Two. Little, Brown & Co. পৃ. 183
- ↑ Stern, Jane; Stern, Michael. (2007). Roadfood Sandwiches: Recipes and Lore from Our Favorite Shops Coast to Coast. Houghton Mifflin Harcourt. ISBN 9780618728985
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেকড্ বীন চেণ্ডুইছ” প্ৰবন্ধৰ সংশোধন ৪১৭৮২৫ (৯ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।